অমৰাৱতী : জাৰ্মান সাধু 'পাইড পাইপাৰ অব হেমেলিন'ৰ কথা মনত আছেনে, য'ত নিগনিক খেদিবলৈ তেওঁৰ বাঁহীৰ পৰা সুৰ তুলি ব্যৱহাৰ কৰিছিল ? মহাৰাষ্ট্ৰৰ এটা পৰিয়ালৰ কেইগৰাকীমান ভাতৃয়ে একেধৰণৰ কামকে কৰি আছে । অৱশ্যে তেওঁলোকে এই কাম নিগনিৰ সৈতে নহয়, বান্দৰৰ সৈতে কৰি আছে; তাকো এক নিখুঁত পৰিকল্পনাৰ সৈতে । এই ভাতৃসকলে মিলি বৃহৎ মাত্ৰাত শস্যভূমিত আক্ৰমণ চলাই কৃষকসকলৰ ক্ষতি কৰা বান্দৰবোৰক ধৰি আছে । বান্দৰবোৰক তেওঁলোকে খাদ্যৰ লোভ দি পিঞ্জৰাবদ্ধ কৰে আৰু পিছত অৰণ্যত নি মুকলি কৰি দিয়ে ।
সমাধান গিৰি আৰু তেওঁৰ ভাতৃসকলে মিলি শেহতীয়াভাৱে অমৰাৱতীৰ অঞ্জনগাঁও বাৰী অঞ্চলত 30 মিনিটৰ ভিতৰত 62 টা বান্দৰ ধৰিবলৈ সক্ষম হয় । এই বান্দৰবোৰে খেতিপথাৰবোৰক সিহঁতৰ খেলপথাৰলৈ পৰিৱৰ্তন কৰিছিল, শস্য ধ্বংস কৰা, গছৰ পৰা পকা ফল খোৱা আৰু ঘৰৰ চালত জঁপিয়াই পৰা আদিৰে ব্যতিব্যস্ত কৰি তুলিছিল । অৱশেষত কৃষকসকলক সকাহ দিবলৈ নিজৰ বুদ্ধি আৰু কৌশলেৰে সমাধানে তেওঁৰ ভাতৃ সন্দীপ আৰু কৃষ্ণাৰ সৈতে খেতিপথাৰত উপস্থিত হয় ।
ভাতৃসকলৰ বাবে ৩০ মিনিট সময়ৰ এই কাম বিশেষ একো নাছিল । কাৰণ পৰিয়ালটোৱে তাহানি কালৰে পৰা বান্দৰ ধৰি আৰু সিহঁতক অন্য ঠাইত নি এৰি দিয়াৰ কাম কৰি আহিছে । তেওঁলোকৰ ককাক আৰু আজোককাকো এই কামৰ বিশেষজ্ঞ আছিল আৰু বৰ্তমানৰ গিৰি ভাতৃসকলেও ইয়াক নিখুঁতভাৱে কৰি আছে ।

এই ভাতৃসকলে এই কৌশল কোনো প্ৰশিক্ষণ মেনুৱেলৰ জৰিয়তে শিকা নাই । ইয়াৰ বিপৰীতে তেওঁলোকে এয়া স্বাভাৱিকভাৱে আয়ত্ত কৰিছে । সমাধানে দহ বছৰ বয়সতে বান্দৰ ধৰিবলৈ আৰম্ভ কৰিছিল । তেওঁ পৰিয়ালৰ সৈতে বিভিন্ন ঠাই ঘূৰি ফুৰিছিল আৰু মহাৰাষ্ট্ৰ আৰু অন্যান্য ৰাজ্যৰ 3,500 খন গাঁৱত তেওঁলোকৰ সৈতে গৈ থাকোঁতে এই কৌশল শিকিছিল । তেওঁলোকে গ্ৰহণ কৰা কৌশল একেবাৰে সৰল কিন্তু অধিক কাৰ্যকৰী । তেওঁলোকে সাধাৰণতে খেতিপথাৰত য'ত বান্দৰবোৰ সচৰাচৰ থাকে তাত এটা ডাঙৰ পিঞ্জৰা ৰাখে । ইয়াৰ পিছত বান্দৰবোৰক মাকৈ আৰু কলৰ প্ৰলোভন দি সেইবোৰ পিঞ্জৰাৰ ভিতৰত ৰাখি অপেক্ষা কৰে । যেতিয়াই সিহঁতে খাবলৈ পিঞ্জৰাৰ ভিতৰ সোমায়, লগে লগে দুৱাৰখন বন্ধ হৈ যায় ।
"আমি আধা ঘণ্টাৰ ভিতৰত অঞ্জনগাঁও বাৰী আৰু ইয়াৰ চৌপাশৰ ৰবীন্দ্ৰ মেটকাৰৰ ফাৰ্মৰ পৰা ৬০ টা বান্দৰ ধৰিছিলোঁ । আমি কেতিয়াও সিহঁতক খেদি যোৱা নাই বা ক্ষতি কৰা নাই ।" সমাধানে কয় । "আমি সিহঁতৰ খাদ্যৰ প্ৰতি থকা দুৰ্বলতাৰ বিষয়ে জানো আৰু সেয়ে তাৰ দ্বাৰা সিহঁতক পিঞ্জৰালৈ আকৰ্ষিত কৰোঁ । এইটো আন একো নহয়, সিহঁতক বুজি পোৱা আৰু এক সুৰক্ষিত স্থানলৈ লৈ যোৱা ।" তেওঁ লগতে কয় । আনহাতে, বান্দৰবোৰক সৰু পিঞ্জৰাৰ পৰা ডাঙৰ পিঞ্জৰালৈ স্থানান্তৰ কৰিবলৈও পুনৰ বাদাম, মাকৈৰ দানা আদি ব্যৱহাৰ কৰা হয় আৰু পিঞ্জৰাত সিহঁতক পানীও আগবঢ়োৱা হয় । যেতিয়া সিহঁত প্ৰায় সকলো পিঞ্জৰাৰ ভিতৰত সোমায়, তাৰ পিছত সিহঁতক বেছিভাগ সময়তে বুলধানা জিলাৰ বোথাৰ ওচৰৰ অৰণ্যলৈ লৈ যোৱা হয় আৰু তাত সুৰক্ষিতভাৱে এৰি দিয়া হয় । তেওঁ জনায় ।
"আমাৰ খেতিপথাৰত বান্দৰবোৰে নাৰিকল গছকে ধৰি বিভিন্ন শস্যৰ ক্ষতি কৰিছিল । সিহঁতে জঁপিয়াই কুকুৰা ফাৰ্মৰ চালো ভাঙিছিল । সেয়েহে মই গিৰি ভাতৃসকলক ফোন কৰি এই বান্দৰবোৰ ধৰি আঁতৰাই নি মোক আৰু গাঁওবাসীক সহায় কৰিবলৈ মাতিছিলোঁ ।" ৰবীন্দ্ৰ মেটকাৰ নামৰ বাসিন্দাজনে কয় ।

'গিৰি বন্ধু', 'বান্দৰ মানৱ' নামেৰে জনাজাত এই পৰিয়ালটো ছত্ৰপতি সম্ভাজী নগৰ জিলাৰ চিলোদ তালুকৰ অন্তৰ্গত আমভাই গাঁৱৰ বাসিন্দা । তেওঁলোকে এতিয়ালৈকে ৰাজ্যজুৰি 4.5 লাখ বান্দৰ স্থানান্তৰিত কৰিছে ।
গিৰি ভাতৃসকল বন্যপ্ৰাণী প্ৰেমীও । তেওঁলোকে বান্দৰবোৰক এক নতুন জীৱন দান কৰি গৌৰৱবোধ কৰে । "বান্দৰবোৰে কেৱল শস্যৰ ক্ষতি কৰাই নহয়, আনকি মানুহকো বিভিন্ন ধৰণে আক্ৰমণ কৰে । আমি সিহঁতক এক সুৰক্ষিত বিচৰণ ক্ষেত্ৰ দিব বিচাৰোঁ ।" আন এজন ভাতৃ সদন গিৰিয়ে কয় ।
আনহাতে, বান্দৰ ধৰাত তেওঁলোকৰ দক্ষতাৰ এই কাহিনীয়ে মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল ৰমেশ বাইছৰ দৃষ্টি আকৰ্ষণ কৰিছিল । তাৰ পিছত তেওঁ ছত্তীশগড়ৰ ৰায়পুৰৰ তেওঁৰ ফাৰ্মত বিধ্বংসী পৰিস্থিতি সৃষ্টি কৰা বান্দৰবোৰ ধৰিবলৈ তেওঁলোকৰ সহায় লৈছিল । এই ভাতৃসকলে বৰ্তমান সমগ্ৰ মহাৰাষ্ট্ৰত কাম কৰি আছে ।
অৱশ্যে তেওঁলোকে এটা বিষয়ত সন্মত হয় যে এনে কোনো গাঁৱত বান্দৰ ধৰাটো এক কঠিন কাম, য'ত মানুহে যথেষ্ট ভিৰ কৰে আৰু য'ত এক আতংকজনক পৰিস্থিতিৰ সৃষ্টি কৰে । "কিন্তু আমি এতিয়া এই বিষয়বোৰত অভ্যস্ত আৰু কেনেদৰে মোকাবিলা কৰিব লাগে জানিছোঁ ।" তেওঁলোকে কয় ।
তেওঁলোকে বান্দৰ এটা ধৰিবলৈ ৮০০ টকা লয় । কিন্তু ৰবীন্দ্ৰ মেটকাৰৰ দৰে কৃষকৰ বাবে ই বিশেষ একো নহয় । "বান্দৰবোৰৰ বাবে আমি লাখ লাখ টকা হেৰুৱালোঁহেঁতেন । সেয়ে আমি এই পৰিমাণৰ ধন দিবলৈ আপত্তি নকৰোঁ । কিয়নো ই আমাক বৃহৎ লোকচানৰ পৰা ৰক্ষা কৰিছে ।" মেটকাৰে কয় ।
মহাৰাষ্ট্ৰ ৰাজ্যিক ৰাজহ আৰু বন বিভাগে সমাধান গিৰিক কোঙ্কন আৰু মাৰাঠৱাড়াত তেওঁ চলোৱা প্ৰচেষ্টাৰ বাবে 60,000 টকাৰ পাৰিশ্ৰমিক প্ৰদান কৰে । "চিপলুন, ৰত্নগিৰি আৰু দাপলিৰ দৰে ঠাইত চৰকাৰে আমাৰ কামত সমৰ্থন কৰে । কিন্তু বিদৰ্ভত কৃষকসকলৰ ওচৰত কোনো বিকল্প নাই । কিয়নো চৰকাৰে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই ।" সমাধানে কয় ।