শিৰডী: ভক্তই দিয়া মিঠা প্ৰসাদ খাই মেদবহুল হৈ পৰা শিৰডীৰ সাই বাবা মন্দিৰ অঞ্চলত বৃদ্ধি পাইছে বাটৰ কুকুৰৰ সংখ্যা । ভক্তই এই কুকুৰবোৰক বুন্দিয়াৰ লাড়ু আৰু পেৰা খুৱায় । এই প্ৰসাদে কুকুৰকেইটাৰ জীৱনলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে ।
শিৰডীত থকা সাই বাবাৰ মন্দিৰলৈ সদায় সোঁত বয় ভক্তৰ ৷ ইয়ালৈ অহা ভক্তসকলক সাইৰ বিশ্বাসত প্ৰায়ে আৱেগিক হৈ পৰা দেখা যায় । এই বিশ্বাসৰ বাবেই ভক্তসকলে ইয়াত থকা কুকুৰবোৰক প্ৰসাদত দিয়া মিঠা বস্তুসমূহ খাবলৈ দিয়ে ৷ অৱশ্যে এই বিশ্বাস কুকুৰবোৰৰ স্বাস্থ্যৰ বাবে ক্ৰমাৎ ক্ষতিকাৰক হৈ পৰিছে । অঞ্চলটোত থকা কুকুৰবোৰ ক্ৰমান্বয়ে হৈ পৰিছে মেদবহুল ৷
কুকুৰৰ মেদবহুলতা বাঢ়িছে

প্ৰতি বছৰে চাৰে তিনি কোটিতকৈ অধিক ভক্তই কেৱল দেশৰ পৰাই নহয়, বহিঃৰাজ্যৰ পৰাও সাই বাবাৰ দৰ্শনৰ বাবে শিৰডীলৈ আহে ৷ সাই বাবাই নিজৰ জীৱনকালত বিভিন্ন ধৰণৰ জন্তুবোৰৰ সেৱাত আগভাগ লৈছিল ৷ তেওঁ দান-বৰঙণিত পোৱা খাদ্য জীৱ-জন্তু আৰু চৰাইৰ সৈতে সদায়ে ভাগ কৰিছিল ।
এই অনুভূতিৰ বাবেই ভক্তসকলেও শিৰডীলৈ অহাৰ পাছত দান কৰা দেখা যায় । ভক্তসকলে ইয়াত থকা বাটৰ কুকুৰবোৰক নিজৰ ভাগৰ প্ৰসাদ খাবলৈ দিয়ে । শেহতীয়াকৈ শিৰডীৰ মন্দিৰ এলেকাত কুকুৰবোৰৰ মাজত মেদবহুলতাৰ মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ।
সাধাৰণতে ফাৰ্মত থকা কুকুৰৰ লগতে পোহনীয়া কুকুৰবোৰৰ শৰীৰ ক্ষীণ আৰু শক্তিশালী । কিন্তু সাই বাবাৰ মন্দিৰৰ আশে-পাশে থকা কুকুৰবোৰ অত্যন্ত শকত, এলেহুৱা আৰু ছালৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায় ।

কুকুৰৰ মেদবহুলতা কিয় বাঢ়িছে ?
দৰ্শনৰ অন্তত সাই বাবাৰ মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভক্তসকলৰ মাজত বিনামূলীয়া প্ৰসাদ হিচাপে বিতৰণ কৰা হয় বুন্দিয়া । ভক্তসকলে মন্দিৰ এলেকাতে বহি ইয়াক গ্ৰহণ কৰে ৷ সেই সময়ত যদি কোনো ভক্তৰ ওচৰলৈ বাটৰ কুকুৰ আহে, তেন্তে কুকুৰটোকো এই মিঠা বুন্দিয়াৰ প্ৰসাদ খাবলৈ দিয়া হয় ৷
লগতে মন্দিৰৰ এলেকাৰ বাহিৰত থকা কুকুৰবোৰক পেৰা, গুড়ৰ দৰে অত্যন্ত মিঠা খাদ্যও দিয়া হয় । গুৰুত্বপূৰ্ণ কথাটো হ’ল এই প্ৰক্ৰিয়াটো গোটেই দিনটো চলি থাকে । ইয়াৰ বাবেই কুকুৰৰ পেটত অপ্ৰয়োজনীয় চেনি প্ৰৱেশ কৰা দেখা যায় আৰু কুকুৰবোৰ মেদবহুল হৈ পৰে বুলি পশু চিকিৎসা বিষয়া ডাঃ শচীন ভেণ্ডেই অৱগত কৰে ।

ভক্তসকলে কুকুৰবোৰক বুন্দিয়া, পেৰা দিয়ে
পশু চিকিৎসাৰ বিষয়াসকলৰ মতে, "ভক্তসকলে দিনটোৰ ভিতৰতে পৰিৱৰ্তন কৰে (আহা-যোৱা) । অৱশ্যে কুকুৰ যিহেতু একে, সেয়েহে অত্যন্ত মিঠা খাদ্য ইহঁতৰ পেটত সোমাই যায় । অনবৰতে মিঠা খাদ্য খোৱাৰ বাবেই কুকুৰবোৰ মেদবহুল হোৱাই নহয়, বহু ৰোগতো আক্ৰান্ত হয় আৰু সিঁহতৰ জীৱনৰ মানদণ্ড হ্ৰাস পায়" ৷
‘‘ভক্তসকলে বিশ্বাসৰ বাবে কুকুৰবোৰক বুন্দিয়া, পেৰাৰ দৰে মিঠা খাদ্য খাবলৈ দিয়ে । যিবোৰ কুকুৰৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰ’’ বুলিও পশু চিকিৎসাৰ বিষয়াসকলে লগতে কয় ৷

কুকুৰবোৰৰ পেট ফুলি উঠিছে
কুকুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেও অশান্তি পাইছে শিৰডীৰ ব্যৱসায়ীসকলে । বাহিৰৰ গাঁৱৰ পৰা ইয়ালৈ কুকুৰবোৰ আনি এৰি দিয়া হয় । পিছলৈ এই কুকুৰবোৰ পেৰা, বুন্দিয়াৰ দৰে মিঠা খাদ্যৰ প্ৰতি আসক্ত হৈ পৰে । ইয়াৰ বাহিৰে সিঁহতে আন খাদ্য নাখায় ।
যাৰ বাবে দিনকদিনে কুকুৰৰ পেটবোৰ ফুলি উঠিব ধৰিছে । পেৰা বা মিঠাইৰ বাহিৰে আন খাদ্য দিলে ইহঁতে ভুকিবলৈ ধৰে ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, কুকুৰবোৰে মাত্ৰ মিঠাইহে খাবলৈ বিচাৰে ৷
শিৰডী চহৰত এশৰো অধিক কুকুৰ
শিৰডী চহৰত আছে বৃহৎসংখ্যক অঘৰী কুকুৰ । কিন্তু কেৱল মন্দিৰ চৌহদ, চাৱদী, দ্বাৰকামাই, সভা মণ্ডপ, লাড়ু বিক্ৰী কেন্দ্ৰ, বিনামূলীয়া বুন্দিয়াৰ প্ৰসাদ বিতৰণ কক্ষ আদি ঠাইত এশৰো অধিক কুকুৰ দেখা যায় । এই কুকুৰবোৰৰ বেছিভাগেই ভক্তই ভিৰ কৰা ঠাইত বিচৰণ কৰি ফুৰা দেখা যায় ।

মেদবহুল কুকুৰৰ স্বাস্থ্যজনিত সমস্যা কি ?
ডায়েবেটিছ, হৃদৰোগ, গাঁঠিৰ বিষ, গাঁঠিৰ ৰোগ যেনে- অষ্টিঅ’আৰ্থাইটিছ, চি চি এল ক্ষত আৰু ডায়েবেটিছ মেলিটাছ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, বৃক্কৰ ৰোগ, যকৃতৰ ৰোগ, পেনক্ৰিয়াটাইটিছ, ছালৰ ৰোগ আৰু বিকাৰ, প্ৰস্ৰাৱৰ অৱস্থা, টিউমাৰ আৰু কেন্সাৰ, কম আয়ুস, ইয়াৰোপৰি আন বহুতো ৰোগ যেনে- মেদবহুলতা আদিৰ সমস্যাত ভোগে কুকুৰবোৰে ৷
জীৱ-জন্তুৰ স্বাস্থ্যৰ লগত খেলা নকৰিব
কুকুৰক মিঠা খাদ্য দিব নালাগে বুলি শিৰডীত ফলক লগোৱাটো প্ৰয়োজনীয় । একে সময়তে কুকুৰবোৰৰ স্বাস্থ্য পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন হৈছে । সম্প্ৰতি শিৰডীত কুকুৰৰ বহু সমস্যা আহি পৰিছে ৷ পশুপ্ৰেমীৰ লগতে প্ৰশাসনেও ইয়াৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন ।
‘‘জন্তুৱে কথা ক’ব নোৱাৰে, কিন্তু ইহঁতৰ শাৰীৰিক সমস্যাই জীৱশ্ৰেষ্ঠ মানৱক সকলো কথাই কয় । অনুগ্ৰহ কৰি ভগৱানৰ দুৱাৰত বিশ্বাস ৰক্ষাৰ নামত জীৱ-জন্তুৰ স্বাস্থ্যৰ লগত খেলা নকৰিব’’ বুলি পশু চিকিৎসা বিষয়া ডাঃ শচীন ৱেণ্ডে অনুৰোধ আৰু আবেদন জনাইছে ।
লগতে পঢ়ক: হাতত ২০ টকাও নথকা বৃজেশক নতুন পৰিচয় দিলে মৰাপাটৰ সামগ্ৰীয়ে - POWER OF A WOMAN