জয়ছালমেৰ: ৰাজস্থানৰ জয়ছালমেৰৰ এখন সৰু গাঁৱত নাজিৰ আৰু নাজিৰা নামৰ এহাল ভাতৃ-ভগ্নীয়ে দাঙি ধৰিছে বন্যপ্ৰাণীৰ প্ৰতি থকা প্ৰেমৰ নিদৰ্শন । দুয়োৱে এজাক কুকুৰৰ আক্ৰমণৰ পৰা এটা হৰিণা পোৱালিক ৰক্ষা কৰি নিজৰ সাহসিকতাৰো পৰিচয় দাঙি ধৰিছে ৷ কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা পোৱালিটো যত্নৰে লালন-পালনো কৰে ভাতৃ-ভগ্নীদ্বয়ে ৷
ঘটনাটো এনেধৰণৰ, এবাৰ নাজিৰ আৰু নাজিৰা গাঁৱৰ মাজেৰে পাৰ হৈ গৈ থাকোঁতে হঠাতে তেওঁলোকৰ চকু পৰিল এটা হৰিণা পোৱালিৰ ওপৰত ৷ যিটোক এজাক কুকুৰে আগুৰি ধৰি আছিল ৷ কুকুৰকেইটাই হৰিণা পোৱালিটোক আক্ৰমণ কৰি ফালি চিৰাচিৰ কৰিবলৈ যেন সাজু হৈছিল । হৰিণাটোৱে নিজকে কুকুৰবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাতো ব্যৰ্থ হৈছিল ৷
কথা বিষম দেখি ভাই-ভনী দুয়োৱে কুকুৰকেইটাক খেদি পঠিয়াই হৰিণা পোৱালিটোক কোলাত তুলি ঘৰলৈ লৈ আনিছিল । হৰিণা পোৱালিটো তেতিয়া অত্য়ন্ত দুৰ্বল হৈ থকাৰ লগতে ভয়াৰ্ত অৱস্থাতো আছিল । নাজিৰ আৰু নাজিৰাই পোৱালিটোক আদৰ-যত্ন কৰি গাখীৰ খুৱাই মৰমেৰে লালন-পালন কৰিবলৈ ধৰিলে ।
কিন্তু নাজিৰ আৰু নাজিৰাই উপলব্ধি কৰিলে যে হৰিণা পোৱালিটো অৰণ্যৰ এটা জীৱ, যাক পুনৰ প্ৰাকৃতিক পৰিৱেশলৈ ঘূৰাই পঠিয়াব লাগে । সেয়ে তাক বন বিভাগৰ হাতত গতাই দিয়াটোৱে ঠিক হ’ব ৷ এই সন্দৰ্ভত নাজিৰ আৰু নাজিৰাই বন্যপ্ৰাণীপ্ৰেমী সুমেৰ সিং ভাটিৰ সৈতে যোগাযোগ কৰে ।
ভাটিক সাক্ষাৎ কৰি দুয়োৱে হৰিণা পোৱালিটোৰ কথা ক’লে । ভাটিয়ে লগে লগে বন বিভাগৰ লাঠী ৰেঞ্জক খবৰ দিয়ে । বন বিভাগৰ এটা দল আহি হৰিণা পোৱালিটোৰ অৱস্থাটো প্ৰত্যক্ষ কৰাৰ লগতে ভাতৃ-ভগ্নীৰ এই কামৰ শলাগ লৈ পোৱালিটোক নিৰাপদ স্থানলৈ নিয়ে । উপযুক্ত যত্নৰ অন্তত পোৱালিটোক হাবিত এৰি দিয়া হ’ব ।
নাজিৰ আৰু নাজিৰাৰ এই কাম সমাজৰ বাবে এক প্ৰেৰণাদায়ক নিদৰ্শন । তেওঁলোকে মানুহ আৰু প্ৰকৃতিৰ মাজত গভীৰ সংযোগ থকা কথাটোক স্পষ্টকৈ বুজাই দিছে । বন বিভাগেও এই উদাৰ কামৰ শলাগ লয় । বন্যপ্ৰাণীক বিপদত পৰা দেখিলে তৎক্ষণাত বিভাগক অৱগত কৰিব লাগে বুলিও ৰাইজক আহ্বান জনাই দুয়ো ভাতৃ-ভগ্নীয়ে ।
লগতে পঢ়ক: ভক্তই দিয়া মিঠা প্ৰসাদ খাই জীৱনলৈ ভাবুকি মাতিছে শিৰডীৰ কুকুৰবোৰে - SHIRDI DOGS OBESE