ETV Bharat / bharat

চেন্নাইত চিমেন্ট ভৰ্তি ট্ৰাক আৰু এখন বাহনৰ মুখামুখি সংঘৰ্ষ, 6 জন নিহত

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 1:29 PM IST

Terrible Road accident in Chennai : চেন্নাইত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চিমেন্ট ভৰ্তি ট্ৰাক আৰু এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ ফলত 6 জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

terrible road accident in chennai
চেন্নাইত চিমেন্ট ভৰ্তি ট্ৰাক আৰু এখন বাহনৰ মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক, 28 জানুৱাৰী : চেন্নাইৰ টেংকাচি জিলাৰ পুলিয়াংগুডিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চিমেন্ট ভৰ্তি ট্ৰাক আৰু এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে ৷ ফলত 6 জনকৈ লোক নিহত হৈছে ৷ পথ দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত 5 জনকৈ পুলিয়াংগুড়ি অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাস্থলীতে 5 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আৰু এজন চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷

দুৰ্ঘটনাত নিহত লোকসকল পুলিয়াংগুড়ি ভাগৱতী আম্মান মন্দিৰ পথৰ অঞ্চলৰ কাৰ্তিক, ভেল মনোজ, সুব্ৰমনিয়াম, মনোকৰণ আৰু বোথিৰাজ আছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বালা সুব্ৰমন্য স্বামী মন্দিৰত অনুষ্ঠিত উৎসৱত অংশগ্ৰহণ কৰি ঘৰলৈ ওভটাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত চোককামপট্টি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ টেংনকাচি জিলাৰ আৰক্ষী অধীক্ষক টি.পি. সুৰেশ কুমাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হয় পৰিদৰ্শন কৰিছে ৷

ৰাইজৰ অভিযোগ অনুসৰি, আজি পুৱা 3.30 মিনিটত কোৰ্টাল্লামৰ পৰা পুলিয়াংগুডিলৈ এখন বাহনেৰে উভতি আহিছিল আটাইকেইজন লোকে । কিন্তু পুলিয়াংগুডিৰ ওচৰৰ পুন্নৈয়াপুৰম আৰু চিঙিলিপট্টিৰ মাজত গাড়ী চলাই যাওঁতে চালকজনৰ টোপনি গৈছিল । ফলস্বৰূপে, কেৰালালৈ চিমেণ্ট কঢ়িয়াই অনা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাহনখন ৷

এই শোকাৱহ ঘটনাৰ বিষয়ে তথ্য পোৱাৰ পিছতে চোককামপট্টি আৰক্ষীৰ উপ-অধীক্ষক আৰু অগ্নিনিৰ্বাপক বিভাগকে ধৰি আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ 5 টাকৈ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰ পিছত, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিৰুনেলভেলী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : অনুষ্ঠান চলি থকাৰ মাজতে খহি পৰিল দৰ্শক ভৰ্তি মঞ্চ, এজনৰ মৃত্যু, ১৭ জনৰো অধিক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.