ETV Bharat / bharat

অনুষ্ঠান চলি থকাৰ মাজতে খহি পৰিল দৰ্শক ভৰ্তি মঞ্চ, এজনৰ মৃত্যু, ১৭ জনৰো অধিক আহত

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 11:53 AM IST

Jagran Stage collapse: দিল্লীৰ কালকাজী মন্দিৰত এক ধৰ্মীয় অনুষ্ঠান চলি থকাৰ মাজতে মূল মঞ্চৰ কাষতে নিৰ্মিত আন এখন মঞ্চ খহি পৰে । দুৰ্ঘটনাটোত এগৰাকী মহিলা নিহত । প্ৰায় ১৭ গৰাকী লোক আহত ।

Jagran Stage collapse
অনুষ্ঠান চলি থকাৰ মাজতে খহি পৰিল দৰ্শক ভৰ্তি মঞ্চ

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : দিল্লীৰ কালকাজী মন্দিৰত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । নিশা এক ধৰ্মীয় অনুষ্ঠানৰ মাজতে খহি পৰে বৃহৎ মঞ্চ । য'ত এগৰাকী মহিলাৰ মৃত্যু হয় । একে সময়তে ১৫ গৰাকী লোক আহত হয় । দুৰ্ঘটনাটো নিশা প্ৰায় ১২:৩০ মান বজাত সংঘটিত হয় । অনুষ্ঠানটোত ভক্তৰ এক বৃহৎ ভিৰ দেখা গৈছিল । অধিক সংখ্যক ভক্তই মঞ্চৰ ওচৰলৈ গৈ আছিল ।

ইয়াৰ উপৰিও, একাংশই মূল মঞ্চৰ কাষতে নিৰ্মিত আন এখন মঞ্চত উঠিবলৈ চেষ্টা কৰি আছিল । মন্দিৰ প্ৰশাসন আৰু আৰক্ষীৰ বাধা স্বত্বেও লোকসকলে মঞ্চত উঠাৰ চেষ্টা কৰিছিল । সেই সময়ত মঞ্চৰ অংশটো ভাঙি পৰে । মঞ্চৰ কিছু অংশ ভাঙি পৰাৰ লগে লগে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় আৰু বহু লোক আৱদ্ধ হৈ পৰে । দুৰ্ঘটনাটোৰ পিচত আটাইকেইগৰাকী আহতক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । সম্প্ৰতি আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

দিল্লী আৰক্ষীৰ মতে কালকাজী মন্দিৰ চৌহদত আয়োজিত এই জাগৰণৰ বাবে কোনো অনুমতি লোৱা হোৱা নাছিল । এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । মাতাৰ জাগৰণত ভজন গাই থকা গায়ক বি প্ৰাকেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । তেওঁ কোৱা মতে সঠিক ব্যৱস্থাপনা থকাটো অতি গুৰুত্বপূৰ্ণ । জানিব পৰা মতে এই জাগৰণ অনুষ্ঠান যোৱা ২৬ বছৰ ধৰি কালকাজী মহন্ত চৌহদত আয়োজন কৰা হৈছে । অনুষ্ঠানটো ব্যক্তিগত আছিল ।

ইফালে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছিল । কিন্তু নিশা তাত ১৫০০-১৬০০ লোক তাত জমা হৈছিল । আয়োজক আৰু ভিআইপিৰ পৰিয়ালৰ সদস্যসকল বহিবলৈ মূল মঞ্চৰ ওচৰত এখন মঞ্চ নিৰ্মাণ কৰা হৈছিল । মঞ্চখন কাঠ আৰু লোৰ ফ্ৰেমেৰে নিৰ্মিত আছিল । কিন্তু মঞ্চৰ ওপৰত থকা লোকৰ ভাৰসাম্য ল'ব নোৱাৰি মঞ্চখন খহি পৰে । মঞ্চৰ তলত বহি থকা একাংশ লোক আঘাত প্ৰাপ্ত হয় । আটাইকেইজন আহতক এইমছ ট্ৰমা চেণ্টাৰ আৰু চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাটোৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীও তাত উপস্থিত হয় । দুৰ্ঘটনাটোত নিহত মহিলাগৰাকী প্ৰায় ৪৫ বছৰ বয়সৰ হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :জেডিইউৰ বিধায়কৰ সৈতে নীতিশ কুমাৰৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.