ETV Bharat / bharat

প্ৰেমিকক ভাল পাবলৈ উচটনি এগৰাকী নাৰীৰ আন এগৰাকী নাৰীক

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:17 PM IST

Blackmailing incident: কলকাতাৰ এগৰাকী শিক্ষয়িত্ৰীক তেওঁৰ প্ৰেমিকক শিক্ষয়িত্ৰীগৰাকীৰ বান্ধৱীৰ সৈতে যৌন সম্ভোগ কৰিবলৈ উদগনি দিয়া আৰু তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ৰেকৰ্ডিং কৰি ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

School teacher blackmails boyfriend and friend, arrested in Kolkata's Narendrapur
ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 6 ফেব্ৰুৱাৰী : অন্তৰংগ ভিডিঅ' ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ৷ এই ঘটনা সংঘটিত হৈছে কলকাতাত ৷ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ । অভিযোগ অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱীক তেওঁৰ প্ৰেমিকক ভাল পাবলৈ উত্তেজিত কৰিছিল । আৰু পিচলৈ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে নিজৰ বান্ধৱীৰ অন্তৰংগ মুহূৰ্তবোৰৰ ভিডিঅ' ৰেকৰ্ডিং কৰি বান্ধৱীগৰাকীক ব্লেকমেইল কৰিছিল । অভিযুক্ত শিক্ষয়িত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে । মন কৰিবলগীয়া যে শিক্ষয়িত্ৰীৰ প্ৰেমিককো ব্লেকমেইলিংৰ একেটা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

পঞ্চছায়াৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত শিক্ষয়িত্ৰীগৰাকীয়ে পঞ্চছায়াৰৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যাপনা কৰে । তেওঁৰ প্ৰেমিকৰ ঘৰ নৰেন্দ্ৰপুৰ থানা অঞ্চলত । প্ৰেমিকজনে কলকাতা মেট্ৰ’ ৰেলত কাম কৰি আছে । জানিব পৰা অনুসৰি শিক্ষয়িত্ৰীগৰাকীৰ প্ৰেমিকে শিক্ষয়িত্ৰীগৰাকীৰ বান্ধৱী এগৰাকীৰ সৈতে কথা পাতিছিল ৷ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ আচৰিত কথা যে, এই তিনিওজনে সময়ে সময়ে বিভিন্ন ঠাইলৈ একেলগে ভ্ৰমণো কৰে । একেলগে খোৱা-বোৱাও কৰে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, শিক্ষয়িত্ৰীগৰাকীৰ 'প্ৰৰোচনা'ত পৰিয়ে ৰে’লৰ কৰ্মচাৰীজনে দ্বিতীয় গৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে । শিক্ষয়িত্ৰীগৰাকীৰ এই বান্ধৱীগৰাকী ঘৰত অকলে থাকে । এদিন তেওঁ শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিকক তেওঁৰ ঘৰলৈ খাবলৈ আমন্ত্ৰণ জনাইছিল । সেইদিনা তেওঁলোক তিনিওজনে শিক্ষয়িত্ৰীগৰাকীৰ বান্ধৱীগৰাকীৰ ঘৰত একেলগে খাইছিল ।

শিক্ষয়িত্ৰীগৰাকীৰ বান্ধৱীয়ে আৰক্ষীক জনোৱা মতে, তেওঁ নিজেই শিক্ষয়িত্ৰী বান্ধৱী আৰু প্ৰেমিকক সেই নিশা ঘৰতে থাকিবলৈ কৈছিল, কিয়নো ইতিমধ্যে পলম হৈ গৈছিল । অভিযোগ অনুসৰি সেই নিশা যুৱকজনে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল । সেই সময়ত শিক্ষয়িত্ৰীগৰাকীয়ে বিচনাত বহি তেওঁলোকৰ অন্তৰংগ মুহূৰ্তবোৰ মনে মনে ৰেকৰ্ডিং কৰে । শিক্ষয়িত্ৰীগৰাকীৰ বান্ধৱীয়ে অভিযোগ কৰে যে তেওঁৰ শিক্ষয়িত্ৰী বান্ধৱী আৰু তেওঁলোকৰ সাধাৰণ প্ৰেমিক, এই দুয়োৱে মিলি সেই ভিডিঅ’টো দেখুৱাই তেওঁক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিছিল ।

শিক্ষয়িত্ৰীগৰাকীৰ বান্ধৱীয়ে আৰক্ষীক কৈছিল যে ব্লেকমেইল কৰি ইতিমধ্যে তেওঁৰ পৰা ২০ লাখ টকা লোৱা হৈছে । পৰিস্থিতি হাতৰ বাহিৰলৈ গৈ আছে বুলি অনুভৱ কৰি অভিযোগকাৰীয়ে অৱশেষত দক্ষিণ 24 পৰগণা জিলা আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগ কৰে । তেওঁৰ পৰামৰ্শ অনুসৰি, তেওঁ স্থানীয় আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে । আৰক্ষীয়ে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ; প্ৰধানমন্ত্ৰী মোদীৰ দ্ৰুত আৰোগ্য কামনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.