ETV Bharat / bharat

কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ; প্ৰধানমন্ত্ৰী মোদীৰ দ্ৰুত আৰোগ্য কামনা

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:20 PM IST

PM Modi Wishes King Charles III : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কৰ্কট ৰোগত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ আৰোগ্য আৰু সুস্বাস্থ্যৰ বাবে শুভকামনা জনায় ।

ব্ৰিটেইনৰ ৰজাৰ দ্ৰুত আৰোগ্য কামনা প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী : কৰ্কট ৰোগত আক্ৰান্ত হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় চাৰ্লছ । বাকিংহাম পেলেচে এই খবৰ প্ৰকাশ কৰাৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আশু আৰোগ্য আৰু সুস্বাস্থ্যৰ বাবে শুভকামনা জনাইছে । মোদীয়ে এক্সত পোষ্ট কৰিছে, "মই ভাৰতৰ জনসাধাৰণৰ সৈতে মহামান্য ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ।"

বাকিংহাম পেলেচে কৰ্কট ৰোগত আক্ৰান্ত বুলি ঘোষণা কৰাৰ পাচত প্ৰধানমন্ত্ৰী মোদীৰ উপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, প্ৰাক্তন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ, বৰিছ জনছন, ছাৰ টনি ব্লেয়াৰ আৰু অন্যান্য বিশ্ব নেতাসকলে ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য কামনা কৰিছে ।

ৰজা তৃতীয় চাৰ্লছ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ তেওঁৰ শেহতীয়া চিকিৎসা পৰীক্ষাৰ সময়ত প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । বাকিংহাম পেলেচে সোমবাৰে এক বিবৃতিত কয় ।

উল্লেখ্য যে, ৰজা তৃতীয় চাৰ্লছক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচত জানুৱাৰীত প্ৰষ্টেট জটিলতাৰ চিকিৎসা আৰম্ভ হৈছিল । এই প্ৰক্ৰিয়াটো লণ্ডন ক্লিনিকৰ ব্যক্তিগত চিকিৎসালয়ত সম্পন্ন কৰা হৈছে ৷ য'ত বিগত সপ্তাহত ৱেলছৰ ৰাজকুমাৰী কেথেৰিনৰ অস্ত্ৰোপচাৰ হয় । ৭৫ বছৰীয়া ৰজাই চিকিৎসাৰ পূৰ্বে চিকিৎসালয়ত তেওঁৰ বোৱাৰীক সাক্ষাৎ কৰে ।

বাকিংহাম পেলেচে অৱশ্যে তেওঁৰ সুন্দৰ আৰোগ্য নিশ্চিত কৰি এটা বিবৃতি প্ৰকাশ কৰে আৰু কয় যে তেওঁ কমেও এটা নিশা চিকিৎসালয়ত কটাব লাগিব বুলি আশা কৰা হৈছে । সেই সময়ত বিবিচিৰ এক প্ৰতিবেদনত এনেদৰে কোৱা হয় । প্ৰতিবেদনখনত লগতে কোৱা হৈছিল যে ৰাণী কেমিলাই মেৰিলেবোনৰ এখন চিকিৎসালয়ত ৰজাক সাক্ষাত কৰে । ৰজা চাৰ্লছে তেওঁৰ স্বাস্থ্য সমস্যাক আন ব্যক্তিসকলক তেওঁলোকৰ প্ৰষ্টেট পৰীক্ষা কৰাৰ বাবে বাৰ্তা প্ৰেৰণ কৰাৰ উপায় হিচাপে ৰাজহুৱা কৰে ।

লগতে পঢ়ক : MQ9-B সশস্ত্ৰ ড্ৰোণে ভাৰতক সামুদ্ৰিক সুৰক্ষা প্ৰদান কৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.