ETV Bharat / bharat

MQ9-B সশস্ত্ৰ ড্ৰোণে ভাৰতক সামুদ্ৰিক সুৰক্ষা প্ৰদান কৰিব

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:39 AM IST

US India armed drones agreement: আমেৰিকাই ভাৰতক MQ9-B সশস্ত্ৰ ড্ৰোণ বিক্ৰীত অনুমোদন জনাইছে । ই ভাৰতক এক বৰ্ধিত সামুদ্ৰিক সুৰক্ষা আৰু ড'মেইন সজাগতা ক্ষমতা প্ৰদান কৰিব । ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কও অধিক শক্তিশালী হ'ব ।

US India armed drones agreement
MQ9-B সশস্ত্ৰ ড্ৰোণে ভাৰতক সামুদ্ৰিক সুৰক্ষা প্ৰদান কৰিব

নেশ্যনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : আমেৰিকাই ভাৰতক বিক্ৰী কৰিব সশস্ত্ৰ ড্ৰোণসহ প্ৰায় ৪ বিলিয়ন আমেৰিকান ডলাৰৰ সামৰিক সঁজুলি । শেহতীয়াকৈ আমেৰিকাই এই কথা স্পষ্ট কৰিছে । ইয়াৰ লগে লগে আমেৰিকাই এই কথাও স্পষ্ট কৰি দিছে যে MQ9-B সশস্ত্ৰ ড্ৰোণে ভাৰতক কি ধৰণে সুৰক্ষা প্ৰদান কৰিব । জেনেৰেল এটমিক্স MQ9-B সশস্ত্ৰ ড্ৰোণৰ বিক্ৰীয়ে ভাৰতক এক বৰ্ধিত সামুদ্ৰিক সুৰক্ষা আৰু ড'মেইন সজাগতা ক্ষমতা প্ৰদান কৰিব ।

উল্লেখ্য যে যোৱা সপ্তাহত, ৰাজ্যিক বিভাগে আনুমানিক ৩.৯৯ বিলিয়ন আমেৰিকান ডলাৰ ব্যয়ত ৩১ খন MQ9-B সশস্ত্ৰ ড্ৰোণ বিক্ৰীৰ অনুমোদনৰ সিদ্ধান্ত লৈছিল । ২০২৩ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক আমোৰিকা ভ্ৰমণৰ সময়তে প্ৰক্ষেপিত মেগা ড্ৰোণ চুক্তিটো প্ৰকাশ পাইছিল । বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ মুখপাত্ৰ বেদান্ত পেটেলে এই সন্দৰ্ভত কয় যে ই ভাৰতক এক বৰ্ধিত সামুদ্ৰিক সুৰক্ষা আৰু সামুদ্ৰিক ক্ষেত্ৰ সজাগতা ক্ষমতা প্ৰদান কৰিব ।

পেটেলে লগতে কয় যে ই ভাৰতক এই ড্ৰোণবোৰৰ সম্পূৰ্ণ মালিকানা প্ৰদান কৰিব আৰু ইয়াৰ জৰিয়তে আমেৰিকাই ভাৰতীয় অংশীদাৰসকলৰ সৈতে তেওঁলোকৰ সহযোগিতা গভীৰ কৰিব ।

ইয়াৰ পূৰ্বে, আমেৰিকাৰ চিনেট বৈদেশিক সম্পৰ্ক সমিতিয়ে শুকুৰবাৰে ভাৰতক MQ9-B ড্ৰোণ বিক্ৰীৰ বাবে অনুমোদন জনাই কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় স্থিৰতাত আমেৰিকা-ভাৰত অংশীদাৰিত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা বিভাগে ভাৰতক প্ৰায় ৪ বিলিয়ন আমেৰিকান ডলাৰত ৩১ খন সশস্ত্ৰ ড্ৰোণ, মিছাইল আৰু অন্যান্য সঁজুলি বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে ।

চিনেটৰ বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ বেন কাৰ্ডিনে ভাৰতক MQ9-B ড্ৰোণ বিক্ৰী কৰাৰ অনুমোদনৰ ওপৰত এক বিবৃতি জাৰি কৰে আৰু প্ৰশাসনৰ পৰা শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় দমনৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে আশ্বাস দিয়ে ।

লগতে পঢ়ক:আমেৰিকাই ভাৰতক বিক্ৰী কৰিব ৪ বিলিয়ন ডলাৰৰ ড্ৰোণ আৰু সামৰিক সঁজুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.