ETV Bharat / bharat

সাময়িক সকাহ : মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল - Kejriwal get Interim bail

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 3:13 PM IST

Updated : May 10, 2024, 8:29 PM IST

Kejriwal get Interim bail : অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । ২৪ মে'ত হ'ব কে কবিতাৰ জামিন আবেদনৰ শুনানি ।

Kejriwal get Interim bail
কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান (ETV Bharat)

নেশ্যনেল ডেস্ক, ১০ মে': ৰাজনীতিৰ এক ডাঙৰ খবৰ । অৱশেষত অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত ৰায়দান কৰে ।

উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । আদালতৰ এই সিদ্ধান্তৰ পিচতে দিল্লীৰ আম আদমী পাৰ্টিৰ কাৰ্যালয়ত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, ৭ মে'ত উচ্চতম ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰে । ইডি আৰু কেজৰিৱালৰ অধিবক্তাৰ মাজত বিষয়টোক লৈ তীব্ৰ বিতৰ্ক হোৱা দেখা গৈছিল । অৱশ্যে আদালতে সেইদিনা ৰায়দান কৰা নাছিল ।

৭ মে'ত গ্ৰহণ কৰা এই শুনানিত ন্যায়ালয়ে কেজৰিৱালৰ জামিনৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰিছিল । উচ্চতম ন্যায়ালয়ে ইডিক কৈছিল যে, নিৰ্বাচন চলি আছে আৰু কেজৰিৱাল বৰ্তমানেও মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে । নিৰ্বাচন প্ৰতি ৫ বছৰত এবাৰে অনুষ্ঠিত হয় ৷

সেয়ে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক কৈছিল যে, যদিহে তেওঁ জামিন লাভ কৰে তেন্তে তেওঁ চৰকাৰী কৰ্তব্য পালন কৰিব নোৱাৰিব । যদি নিৰ্বাচন নহ'লহেঁতেন, অন্তৱৰ্তীকালীন জামিনৰ প্ৰশ্ন উত্থাপিত নহ'লহেঁতেন বুলিও আদালতে উল্লেখ কৰে ।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হোৱা বিআৰএছ নেত্ৰী কে কবিতাৰ জামিন আবেদনৰ সন্দৰ্ভত ইডি আৰু চিবিআইক জাননী জাৰি কৰিছে । কবিতাৰ জামিন আবেদনৰ শুনানি ২৪ মে'ত দিল্লী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে, কে কবিতাই ইডি আৰু চিবিআই গোচৰত জামিন লাভৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছে । নেত্ৰীগৰাকী ১৪ মে'লৈকে ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক:২০ মে'লৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি অৰবিন্দ কেজৰিৱাল আৰু কে কবিতাৰ - Excise Policy Case
Last Updated : May 10, 2024, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.