ETV Bharat / bharat

9 বছৰীয়া সন্তানক মৰিয়াই মৰিয়াই হত্যা কৰিলে মাহী মাকে

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:08 PM IST

Stepmother killed 9 years child : এগৰাকী ন বছৰীয়া সন্তানক মাহী মাকে হত্যা কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ মাহী মাকে এই ঘটনা গাপ দিবলৈ শিশুটোৰ মৃতদেহ ছাদত থকা আবৰ্জনাত লুকুৱাই ৰাখিছিল। পঢ়ক সবিশেষ...

Etv BharatStepmother killed 9 years child
Etv Bharat9 বছৰীয়া সন্তানক মৰিয়াই মৰিয়াই হত্যা কৰিলে মাহী মাকে
9 বছৰীয়া সন্তানক মৰিয়াই মৰিয়াই হত্যা কৰিলে মাহী মাকে

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ আৰৌল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত গজনা গাঁৱত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এগৰাকী ন বছৰীয়া সন্তানক মাহী মাকে হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । শিশুটোক তেওঁৰ মাহী মাকে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

কেৱল ইয়াতে ক্ষান্ত নাথাকি মাহী মাকে শিশুটোৰ মৃতদেহটো ছাদত থকা আবৰ্জনাত লুকুৱাই ৰাখিছিল । গাঁওবাসীয়ে এই ঘটনাৰ সন্দৰ্ভত গম পাই স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত মাহী মাকক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে অভিযুক্ত মাহী মাকৰ বিৰুদ্ধে এি ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গজনা গাঁৱৰ এগৰাকী বাসিন্দাই দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈছিল ৷ লোকজনৰ প্ৰথম পত্নীৰ এগৰাকী 9 বছৰীয়া কন্যা সন্তান আছে । ঘটনাৰ দিনা দ্বিতীয় পত্নীগৰাকীয়ে তেওঁৰ স্বামীৰ প্ৰথম পত্নীৰ 9 বছৰীয়া সন্তানটিক সামান্য কথাতে বেয়াকৈ মাৰধৰ কৰে ৷ মাতৃৰ প্ৰহাৰত শিশুটোৱে মৃত্যুক সাৱটি লয় ৷

ইয়াৰ পিচতে, শিশুটোৰ মৃতদেহটো আৱৰ্জনাত লুকুৱাই ৰাখে ৷ গাওঁবাসীৰ মতে, মহিলাগৰাকীয়ে মৃতদেহটো নিশাই নিষ্কাশন কৰাৰ পৰিকল্পনা কৰিছিল যদিও গাঁৱৰ লোকে এই ঘটনাৰ বিষয়ে গম পোৱাত বাধা আৰোপ কৰে ৷

উল্লেখ্য যে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে শিশুটোক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে অভিযুক্ত মাতৃক সোধ-পোছ কৰি থকা হৈছে ৷

লগতে পঢ়ক: মৃতদেহত চকু নেদেখি হতবাক হৈ পৰে পৰিয়াল, সন্দেহৰ আঙুলি চিকিৎসকলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.