ETV Bharat / bharat

মৃতদেহত চকু নেদেখি হতবাক হৈ পৰে পৰিয়াল, সন্দেহৰ আঙুলি চিকিৎসকলৈ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:43 AM IST

UP crime news: বস্তিত এগৰাকী কিশোৰীৰ মৃতদেহৰ পৰা নাইকিয়া হৈ আছে দুয়োটা চকু ৷ পৰিয়ালৰ লোকৰ মতে এয়া হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতি ৷

Both eyes missing from teenager girl dead body in Basti, body was kept in mortuary, Family members said this management negligence
সন্দেহৰ আঙুলি চিকিৎসকলৈ

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ স্বাস্থ্য বিভাগৰ এটা ডাঙৰ ঘটনা পোহৰলৈ আহিছে । শৱগৃহত ৰখা এগৰাকী কিশোৰীৰ শৰীৰৰ পৰা দুয়োটা চকু নাইকিয়া হৈ আছে । পৰিয়ালৰ সদস্যসকলে হাস্পতাল কৰ্তৃপক্ষই অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

প্ৰাপ্ত খবৰ অনুসৰি, সোনহা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শংকৰপুৰ গাঁৱত এগৰাকী কিশোৰীয়ে আত্মহত্যাৰ চেষ্টা কৰে ৷ আত্মহত্যাৰ চেষ্টা চলোৱাৰ পিচত কিশোৰীৰ অৱস্থাৰ অৱনতি ঘটে ৷ ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কিশোৰীৰ মৃত্যু হয় ।

ইয়াৰ পিচত কিশোৰীগৰাকীৰ মৃতদেহটো চিকিৎসালয়ৰ শৱগৃহত ৰখা হয় । পিচত যেতিয়া মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বাহিৰলৈ লৈ যোৱা হয়, তেতিয়া পৰিয়ালৰ লোকে মৃতদেহৰ পৰা দুয়োটা চকু নাইকিয়া হৈ যোৱা দেখি আচৰিত হৈ পৰে । তেওঁলোকে চিকিৎসালয় পৰিচালনাৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপন কৰে । অৱশ্যে উপ চিএমঅ'য়ে এই অভিযোগসমূহ অস্বীকাৰ কৰে । তেওঁ কয় যে মৃতদেহটোত দুয়োটা চকু সুৰক্ষিত অৱস্থাত আছে ।

সোনহা অঞ্চলৰ শংকৰপুৰ গাঁৱৰ বাসিন্দা মুন্নী দেৱীয়ে কয় যে তেওঁৰ ১৭ বছৰীয়া কন্যা শশীকলাই বৃহস্পতিবাৰে আত্মহত্যাৰ চেষ্টা চলাইছিল । অৱগত হোৱাৰ পিচত পৰিয়ালৰ লোকে তাইক চিকিৎসালয়লৈ লৈ যায় । চিকিৎসকে অৱস্থা চালি-জাৰি চাই তাইক এটা বেজী দিয়ে । তাৰ ঠিক অলপ পিচতে তাইৰ মৃত্যু হয় ।

চিকিৎসালয় প্ৰশাসনে মৃতদেহটো শৱগৃহত লৈ যায় । মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা শুকুৰবাৰে কৰা হ’ব বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে চিকিৎসকে । সেইদিনা মৃতদেহটো বাহিৰলৈ উলিয়াই অনাৰ সময়তে আচৰিত হৈ পৰে আত্মীয় ৷ মৃতদেহটোত তেওঁলোকে দেখা নাছিল চকু ৷ চকুৰ এলেকাৰ পৰা তেজ ওলাই থকা প্ৰত্যক্ষ কৰে তেওঁলোকে ৷ এনে লাগিছিল যেন কোনোবাই চকু উলিয়াই নিছে ।

ডেপুটি চিএমঅ'য়ে কয়, ‘চকুৰ সকলো অংশ সুৰক্ষিত হৈ আছে ৷’ ঘটনাটোৰ পিচত, চিকিৎসালয় চৌহদত মৃতদেহটো নিৰুদ্দেশ হোৱাৰ বিষয়ে আলোচনা আৰম্ভ হৈছিল । কিছুমান মানুহে ক’বলৈ ধৰিলে যে চকুদুটা যেন নিগনিয়ে কুটি পেলাইছে । পৰিয়ালটোৱে অভিযোগ কৰাৰ পিচত চিকিৎসকৰ দলটোৱে শৰীৰটো পৰীক্ষা কৰে ।

উপ চিএমঅ' ড৹ এ কে চৌধুৰীয়ে কৈছিল যে এনে ঘটনা প্ৰথমবাৰৰ বাবে ঘটিছে । চকুৰ সকলো অংশ আছে । কেৱল চকুৰ ভিতৰৰ তৰল, যাক ভিট্ৰিয়াছ হিউমাৰ বুলি কোৱা হয় যি জেলী দৰে হয়, সেয়া গলি যোৱাৰ কাৰণে চকুদুটা লাগি ধৰিছিল । মৃতদেহ গভীৰ ফ্ৰীজাৰত ৰখাৰ পিচত চাপ বৃদ্ধি হ'লে চকুৰ তৰল মুকলি হয় । ইয়াৰ পিচত চকু নথকা যেন অনুমান হয় ৷

লগতে পঢ়ক : ৰন্ধন গেছেই হ’ল কাল; একেলগে প্ৰাণ হেৰুৱালে 4 জনকৈ লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.