ETV Bharat / bharat

টাৱাঙত প্ৰজেক্ট ভৰ্টকৰ দ্বাৰা বৰফ পৰিষ্কাৰকৰণ

Heavy snowfall in Tawang: অৰুণাচল প্ৰদেশৰ টাৱাঙত প্ৰচণ্ড তুষাৰপাত । তুষাৰপাতৰ ফলত পথত বৰফ জমা হোৱাত আৱদ্ধ হৈ পৰে বহু যান-বাহন । সীমান্ত পথ সংস্থাৰ তেজপুৰস্থিত প্ৰজেক্ট ভৰ্টকৰ দ্বাৰা বৰফ পৰিষ্কাৰকৰণ ।

Snow clearance by Project Vartek in Tawang
টাৱাঙত প্ৰজেক্ট ভাৰটেকৰ দ্বাৰা বৰফ পৰিস্কাৰকৰণ
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 3:26 PM IST

|

Updated : February 9, 2024 at 5:20 PM IST

3 Min Read
Choose ETV Bharat
টাৱাঙত প্ৰজেক্ট ভৰ্টকৰ দ্বাৰা বৰফ পৰিষ্কাৰকৰণ

তেজপুৰ,৯ ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ টাৱাঙত চলিত মাহত প্ৰচণ্ড তুষাৰপাতৰ ফলত পথত বৰফ জমা হোৱাৰ বাবে তীব্ৰ ব্যাঘাত জন্মিছে যান-বাহন চলাচলত । সীমান্ত পথ সংস্থাৰ তেজপুৰস্থিত প্ৰজেক্ট ভৰ্টকৰ দ্বাৰা জিলাখনৰ চেলা পাছ, ৱাই-জেন, চাংগেটছাৰ, ক্লেমটা আৰু জেমিথাং খণ্ডৰ দৰে গুৰুত্বপূৰ্ণ কিছুমান স্থানত বৰফ পৰিষ্কাৰকৰণৰ উপৰিও পথসমূৰ কাষে কাষে নিয়োগ কৰে সীমান্ত পথ সুৰক্ষা বাহিনীৰ ।

বি আৰ অ আৰু মানুহৰ দ্বাৰা অবিৰতভাৱে কাম কৰি যাতায়তৰ বাবে পথসমূহ মুকলি কৰা কাম অব্যাহত ৰাখিছে । ইয়াৰোপৰি লগতে স্থানীয় জনসাধাৰণ আৰু পৰ্যটকৰ বাবেও, বিশেষকৈ যিসকলে সমতলভূমিৰ পৰা বৃহৎ সংখ্যকে ভিৰ কৰি বৰফ পৰাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আমোদ লয় তেওঁলোকৰ সুৰক্ষাৰ ববে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে , পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছৰ পৰা নামনি অংশলৈ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে যান-বাহনৰ চলাচল । প্ৰশাসনৰ নিৰ্দেশ অনুসৰি যোৱা ৬ ফেব্ৰুৱাৰী মঙলবাৰৰ পৰা চেলাপাছ পাৰ হৈ টাৱাঙলৈ যাত্ৰী আগমন ঢটা পৰিলক্ষিত হৈছে । এই পথত যোৱা চাৰিদিন ধৰি আৱদ্ধ হৈ আছিল প্ৰায় ৩০ খনৰো অধিক ট্ৰাক আৰু পৰ্যটকৰ বাহন । সামগ্ৰীভৰ্তি ট্ৰাক সমূহ ভালুকপুং দিশৰ পৰা টাৱাঙলৈ গৈ থকা অৱস্থাত চেলা পাছৰ পূৰ্বেই কেইবাদিনো ধৰি আবদ্ধ হৈ আছিল আৰু ইয়াৰ পিছতে টাৱাং জিলা প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা ।

ফলস্বৰূপে এই প্ৰচণ্ড তুষাৰপাতৰ ফলত ৫ ফেব্ৰুৱাৰীৰ পৰা হে পৰ্যটকৰ বাবে মুকলি হয় পশ্চিম কামেং আৰু টাৱাঙৰ মাজত পথৰ যোগাযোগ ব্যৱস্থা । টাৱাং জিলাৰ আয়ুক্তই যোৱা শুকুৰবাৰে এক নিৰ্দেশনা জাৰি কৰি সদৰী কৰিছিল এই বিষয়ে । বিগত সময়চোৱাত জিলাখনত অত্যন্ত তুষাৰপাতৰ ফলত জনজীৱন বিঘ্নিত হৈ পৰিছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত ।

সীমান্তৰ পৰা চেলা পাছলৈ শুকুলা বৰফৰে আবৃত্ত এই ৰাষ্ট্ৰীয় ঘাই পথত । জনসাধাৰণৰ বাবে প্ৰশাসনে সতৰ্কতামূলক জাননী পুনৰ জাৰি কৰিছিল । পশ্চিম অৰুণাচল প্ৰদেশৰ বৈশাখিৰ পৰা চেলা পাছ আৰু নুৰানং লৈ যান বাহনৰ চলাচলত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰে । বৰ্তমান উক্ত জিলা খনত অতি নিম্ন তাপমাত্ৰ চলি আছে । যি কোনো পৰ্যটকৰ লোকে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণলৈ যাওতে পূৰ্বে পথ নিৰ্দেশনা আৰু যোগাযোগ ব্যৱস্থা জানিবলৈ আহ্বান জনাইছে ।

আনহাতে টাৱাং জিলাৰ প্ৰশাসনে প্ৰথমে ২ ফেব্ৰুৱাৰীত দিয়া নিৰ্দেশনা মতে ৫, ৭, ৯,১১ তাৰিখে টাৱাং জিলাৰ জঙৰ পৰা পৰ্যটকৰ আৰু ভাৰতীয় সেনা বাহিনীৰ লোকে পিশ্চিম কামেং তথা নামনি ঠাইলৈ আহিবৰ বাবে এই বিশেষ নিৰ্দেশনা মতে আজি টাৱাং দিশৰ পৰা যান বাহনৰ চলাচল হৈ আছে ।

লগতে পঢ়ক: তেজপুৰত এছ এছ বিৰ ফায়াৰিং ৰেঞ্জৰ গুলীত আঘাতপ্ৰাপ্ত এজন

Last Updated : February 9, 2024 at 5:20 PM IST