ETV Bharat / bharat

মেলাৰ ভিতৰত সোমাল টেংকাৰ; নিহত ৩, আহত কেইবাজনো

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 12:03 PM IST

Accident in Sikkim: ছিকিমত শনিবাৰে সন্ধিয়া হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই মেলাৰ ভিতৰত প্ৰৱেশ কৰে এখন গাখীৰ কঢ়িওৱা টেংকাৰ । টেংকাৰৰ খুন্দাত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে শ শ লোক আহত হয় ৷

Accident in Sikkim
মেলাৰ ভিতৰত প্ৰৱেশ টেংকাৰ

নিউজ ডেস্ক, ১১ ফেব্রুৱাৰী: ছিকিমৰ ৰাণীপুল অঞ্চলত শনিবাৰে নিশা ছিকিম মিল্ক ইউনিয়নৰ এখন গাখীৰ টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই মেলাত প্ৰৱেশ কৰাত এজন আৰক্ষী বিষয়াকে ধৰি তিনিজন লোকৰ মৃত্যু হয় । গাড়ীৰ চকাৰ তলত পৰি মৃত্যু হয় তিনিওজনৰ । ইফালে এই ঘটনাত শ শ লোক আহত হোৱাৰো কথা জানিব পৰা হৈছে ৷ ইয়াৰে কেইবাজনৰো অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ।

ছিকিম আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ পৰা জানিব পৰা অনুসৰি শনিবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । ছিকিমৰ ৰাণীপুলৰ সমীপৰ এখন খেলপথাৰত অনুষ্ঠিত হৈছিল টেম্বোলা মেলা । আহতসকলৰ ভিতৰত ২০ জন লোকৰ অৱস্থা সংকটজনক । জানিব পৰা মতে, টেংকাৰখন শিলিগুৰি অভিমুখে গৈ আছিল । স্থানীয় লোকে জনোৱা মতে, টেংকাৰখনে প্ৰথমে মেলা খেলপথাৰৰ কাষতে ৰখাই থোৱা তিনিখন সৰু চাৰিচকীয়া বাহনত খুন্দা মাৰে । তাৰ পাছত মেলাৰ ভিতৰত প্ৰৱেশ কৰে ।

পাচত আৰক্ষী উক্ত স্থানত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত আহতসকলক উদ্ধাৰ কৰি মণিপাল চিকিৎসালয়ত ভৰ্তি কৰে । অৱশ্যে টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । যান্ত্ৰিক বিকলতা নহ’লে চালকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে । সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ইফালে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে ছিকিম প্ৰশাসনে । ইতিমধ্যে মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে (গোলে) বিষয়টো বুজ লৈ আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: তীব্ৰবেগী বাহনৰ খুন্দাত চিলাপথাৰত থিতাতে নিহত ভাতৃ-ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.