ETV Bharat / bharat

দিল্লীৰ নাজাফগড় অঞ্চলত গুলীচালনাৰ ঘটনা, দুজন নিহত

Firing in Najafgarh: শুকুৰবাৰে দিল্লীৰ নাজাফগড় অঞ্চলত সংঘটিত গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পাইছে। গুলীচালনাত দুজন লোকৰ মৃত্যুৰ খবৰও চৰ্চালৈ আহিছে।

Firing in Najafgarh
দিল্লীৰ নাজাফগড় অঞ্চলত গুলীচালনাৰ ঘটনা
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 10:26 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : ৰাজধানী দিল্লীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা ৷ ৰাজধানী চহৰখনৰ আলিয়ে-গলিয়ে অপৰাধীৰ টিঘিল ঘিলনি ৷ প্ৰতিদিনে বিভিন্ন গেঙৰ গেংষ্টাৰে সংঘটিত কৰি আহিছে বিভিন্ন অপৰাধ ৷ শেহতীয়াকৈ দিল্লী ডেহাটৰ নাজাফগড় অঞ্চলৰ পৰা পোহৰলৈ আহিছে আন এক ঘটনা ৷ য’ত অজ্ঞাত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ইফালে এই গুলীচালনাৰ ঘটনাত দুজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দ্বাৰকাৰ ডিচিপি অংকিত সিঙে এই কথা নিশ্চিত কৰি কয় যে আৰক্ষীয়ে নাজাফগড় থানা এলেকাৰ পৰা প্ৰথম পিচিআৰ ফোন লাভ কৰিছিল ৷ য’ত ফোন কৰাজনে কয় যে 80 নম্বৰ পিলাৰৰ ওচৰৰ চেলুন এখনৰ ভিতৰত এজন যুৱকক গুলীয়াই হত্যা কৰা হৈছে ৷ কিছুসময়ৰ পাছত আৰক্ষীলৈ আন এটা ফোন আহিছিল, য’ত কোৱা হৈছিল যে গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা দুজন লোকক মোহন গাৰ্ডেন অঞ্চলৰ এখন চিকিৎসালয়লৈ অনা হৈছে ৷ চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু হয় ৷ নিহত দুজন চনু আৰু আশীষ বুলি চিনাক্ত কৰা হৈছে ৷

তথ্য অনুসৰি ক্ৰাইম আৰু এফ এছ এলৰ দল ঘটনাস্থলীত উপস্থিত হৈছে ৷ দুয়োটা দলে অপৰাধীৰ সন্ধান উলিয়াবলৈ চেলুনৰ ভিতৰৰ পৰা প্ৰমাণ সংগ্ৰহ আছে ৷ বৰ্তমানলৈকে এই ঘটনা কোনে সংঘটিত কৰিলে সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ৷ লগতে এই গুলীচালনাৰ কাণ্ড কিয় সংঘটিত হ’ল, ইয়াৰ আঁৰৰ কাৰণ কি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : হালদৱানী সংঘৰ্ষ; উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা