ETV Bharat / bharat

হালদৱানী সংঘৰ্ষ; উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 1:07 PM IST

Haldwani Banbhoolpura Violence : অঞ্চলটোত অশান্তি সৃষ্টি কৰিবলৈ সাহস কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । শান্তি-শৃংখলা ৰক্ষা কৰাটো প্ৰশাসনৰ প্ৰথম অগ্ৰাধিকাৰ । জিলা দণ্ডাধীশে কয় ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত বৃহস্পতিবাৰে সংঘটিত সংঘৰ্ষৰ পিছত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শুকুৰবাৰে পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । ইয়াৰ পূৰ্বে তেওঁ শিলগুটি নিক্ষেপকাৰীসকলক ধৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ।

ধামীয়ে এইটোও কয় যে দেৱভূমি উত্তৰাখণ্ডত আইন-শৃংখলা বিঘ্নিত কৰা যিকোনো সংঘৰ্ষকাৰীক ৰেহাই দিয়া নহ'ব । উল্লেখ্য যে বৃহস্পতিবাৰে এটা চৰকাৰী দলে মছজিদ আৰু মাদ্ৰাছাৰ কবলত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বুলড'জাৰ লৈ বনভুলপুৰা আৰক্ষী থানা এলেকাত উপস্থিত হৈছিল, সেই সময়ত তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় ।

পৰৱৰ্তী সময়ত এই উত্তেজনা সমগ্ৰ অঞ্চলটোতো বিয়পি পৰে । আনহাতে, এই সময়ছোৱাতে সংঘৰ্ষকাৰীয়ে শিলগুটি নিক্ষেপ কৰি আৰক্ষী-প্ৰশাসনৰ দলটোক আক্ৰমণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলাচালনা কৰিবলৈ বাধ্য হয় । এই ঘটনাত দুজন লোকৰ মৃত্যু হয় আৰু আৰক্ষী, প্ৰশাসন আৰু সংবাদ মাধ্যমৰ লোকসহ ৩ শতাধিক লোক আহত হয় । ইফালে আৰক্ষীৰ প্ৰত্যুত্তৰত চাৰিজন সংঘৰ্ষকাৰীৰো মৃত্যু হয় ।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশ বন্দনা সিঙে হালদৱানীত ১৪৪ ধাৰা আৰু বনভুলপুৰা অঞ্চলত কাৰ্ফিউ জাৰি কৰে । সিঙে নিজেই পৰিস্থিতিৰ বুজ ল'বলৈ নিশালৈকে ঘটনাস্থলীত উপস্থিত থাকে । তেওঁ আঘাতপ্ৰাপ্ত আৰক্ষীসকলক লগ কৰে আৰু চিকিৎসালয় কৰ্তৃপক্ষক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে এই সংঘৰ্ষৰ ফলত বৃহৎ পৰিমাণৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিও ধ্বংস কৰা হয় । প্ৰতিবাদকাৰীসকলে বহু বাহন জ্বলাই দিয়ে । বৰ্তমান অৰ্ধসামৰিক বাহিনী অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰখাৰ দায়িত্বত আছে ।

ইফালে জিলা দণ্ডাধীশে কয় যে আইন-শৃংখলা বজাই ৰখাটো তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ । আৰক্ষীয়ে উপদ্ৰৱ চলোৱা লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :উত্তৰাখণ্ডৰ হালদৱানীত ব্যাপক হিংসা; আৰক্ষীৰ গুলীচালনাত নিহত ৪, আহত ৩ শতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.