দেৱালত চিত্ৰ অংকন কৰি হিমাচলত সমাদৰ বুটলিছে অসম কন্যা সঞ্জনাই
Sanjana Lama Assam: নিজৰ কলাৰে হিমাচল প্ৰদেশত জিলিকিছে অসমৰ সঞ্জনা ৷ দেৱাল চিত্ৰৰ জৰিয়তে হিমাচল প্ৰদেশত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰ কৰিছে সঞ্জনাসহ 3 বন্ধুৱে ৷ পঢ়ক সবিশেষ...

Published : January 29, 2024 at 6:48 AM IST
নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : হিমাচল প্ৰদেশত উজলিছে অসমৰ সঞ্জনা লামা ৷ দেৱালত চিত্ৰ অংকন কৰি সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হৈছে সঞ্জনা ৷ তেওঁ তিনি বন্ধুৰ লগ লাগি মাণ্ডি পৌৰ নিগমৰ দেৱালসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰং তুলিকাৰে সজাই পৰাই তুলিছে । সঞ্জনা লামাই কোনো ধন অবিহনে স্বেচ্ছাই দেৱাল চিত্ৰৰ জৰিয়তে চহৰখনৰ লোকসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰদান কৰিছে ।
স্মাইল হিমাচল সংগঠনৰ সমৰ্থনত, সঞ্জনা লামাই তেওঁৰ 3 জন বন্ধুৰ সৈতে পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি ৰখাৰ বাৰ্তা প্ৰদান কৰি দেৱালসজ্জাত ব্ৰতী হৈছে ৷
হিমাচল পৰ্যটন বিভাগৰ লগত কাম কৰাৰ সপোন :
বৰ্তমান, সঞ্জনাসহ তিনি বন্ধুৱে লগ লাগি পৌৰ নিগম মাণ্ডিৰ দ্বাৰা দেৱাল চিত্ৰকলাৰ বাবে চহৰখনত 4 টা স্থান চিনাক্ত কৰা হৈছে । ইতিমধ্য়ে সঞ্জনাই চেৰি মঞ্চৰ সন্মুখত দেৱালখন ৰং কৰা আৰম্ভ কৰিছে ।
সঞ্জনাই কয় যে এই চিত্ৰত তিতা, শুকান আৰু অন্যান্য আৱৰ্জনা ৰখাৰ বাবে বিভিন্ন ডাষ্টবিন দেখুওৱা হৈছে । একে সময়তে, পৰিৱেশ পৰিষ্কাৰ ৰখাৰ বাবে গছ-গছনি খেতি বাতি কিমান গুৰুত্বপূৰ্ণ সেই বাৰ্তা প্ৰদান কৰা হৈছে । তেওঁ কেলিগ্ৰাফীও ভাল পায় আৰু কাৰ্ডৰ জৰিয়তে তেওঁ কেলিগ্ৰাফীও কৰে । হিমাচলত পৰ্যটন বৃদ্ধিৰ বাবে দেৱাল চিত্ৰকলা এটা ভাল বিকল্প হিচাপে প্ৰমাণিত হ'ব পাৰে । আগন্তুক সময়ত হিমাচল পৰ্যটনৰ সৈতে দেৱাল চিত্ৰাংকন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কাম কৰাৰ সঞ্জনাৰ সপোন আছে ।
সঞ্জনা লামাক প্ৰশংসা:
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত পৌৰ নিগমে কৰা এই প্ৰচেষ্টাৰ বাবে স্মাইল হিমাচল আৰু সঞ্জনা লামাক পৌৰ নিগমৰ মেয়ৰ বীৰেন্দ্ৰ ভট্টই প্ৰশংসা কৰিছে। পৌৰ নিগমৰ মেয়ৰ বীৰেন্দ্ৰ ভট্টই কয় যে অনাগত সময়ত পৌৰ নিগমৰ সকলো ৱাৰ্ডত এনে দেৱাল চিত্ৰ নিৰ্মাণ কৰা হ'ব ৷
লগতে পঢ়ক: বনৌষধিৰে দুৰাৰোগ্যকো প্ৰত্যাহ্বান: অৰুণাচলৰ য়ানুং জাম লেগ’লৈ পদ্মশ্ৰী সন্মান

