ETV Bharat / bharat

২০ টকাৰ লোৰ পাইপে কাল হ'ল নেকি ? - Palamu blast

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:03 PM IST

Palamu blast: পালামুত কাৱাৰী ৱালাৰ ঘৰত বিস্ফোৰণ । ভগা ছিগা সামগ্ৰী কাটি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ । শিশুসহ ৫ গৰাকী লোকৰ মৃত্যু । বিস্ফোৰণক লৈ চাঞ্চল্য অব্যাহত ।

Palamu blast
২০ টকাৰ লোৰ পাইপে কাল হ'ল নেকি (ETV Bharat)

নেশ্যনেল ডেস্ক,১৩ মে': ঝাৰখণ্ডৰ পালামুত চাঞ্চল্যকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । পালামুৰ মানাতু আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ৰহেয়া নৌদিহাৰ এলেকাত ভগা ছিগা সামগ্ৰী কাটি থকাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণটোক ৫ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে ইষ্টিয়াক আনছাৰী ওৰফে ছটু, তেওঁৰ পুত্ৰ শ্বহাদত আনছাৰী আৰু গাঁওখনৰে শ্বাহিদ আনছাৰী, বাৰিছ আনছাৰীৰ থিতাতে মৃত্যু হয় । আন ৪ টা শিশু গুৰুতৰভাৱে আহত হয় ।

আটাইকেইটা আহত শিশুক চিকিৎসাৰ বাবে মেদিনীৰাই চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিদ আনছাৰীক চিকিৎসাৰ বাবে আৰআইএমএছলৈ প্ৰেৰণ কৰা হয় । কিন্তু মজিদ আনছাৰীৰ আৰআইএমএছলৈ লৈ যোৱাৰ পথতে মৃত্যু হয় । সোমবাৰে মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় ।

স্থানীয় লোকসকলে কোৱা মতে বিস্ফোৰণত মৃত্যু হোৱা ইষ্টিয়াক আনছাৰীয়ে কিছুদিন পূৰ্বে ভগা ছিগা সামগ্ৰীৰ ব্যৱসায় (কাৱাৰী) আৰম্ভ কৰিছিল । ইস্তিয়াকে এখন গাঁৱৰ পৰা শেহতীয়াকৈ ২০ টকাত এডাল লোৰ পাইপ আৰু এটা টিভি ক্ৰয় কৰি আনিছিল । দেওবাৰে সন্ধিয়া, ইস্তিয়াকে সেই পাইপডাল কাটি আছিল । সেই সময়তে এটা বিস্ফোৰণ হৈছিল । য'ত ইস্তিয়াক আনছাৰী আৰু তেওঁৰ দুই পুত্ৰসহ ৫ গৰাকী লোকৰ মৃত্যু হয় । ঘটনাটোৰ পিচতে গাঁওখনত শোকৰ ছাঁ পৰিছে । ইফালে এই খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।

ফ'ৰেনছিকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে । কিন্তু এতিয়াও জানিব পৰা হোৱা নাই বিস্ফোৰণটো ক'ৰ পৰা হৈছিল ?

লগতে পঢ়ক :বিজাপুৰৰ এনকাউণ্টাৰক ভুৱা আখ্যা গাঁওবাসীৰ; ক’লে- নিহতসকল নক্সালবাদী নহয় - Bijapur Pedia Forest Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.