ETV Bharat / bharat

বিজাপুৰৰ এনকাউণ্টাৰক ভুৱা আখ্যা গাঁওবাসীৰ; ক’লে- নিহতসকল নক্সালবাদী নহয় - Bijapur Pedia Forest Encounter

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 11:04 AM IST

Bijapur Fake Encounter : বিজাপুৰৰ পেডিয়া বনাঞ্চলত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত উত্থাপিত হৈছে বহু প্ৰশ্ন ৷ গাঁওবাসীয়ে দাবী কৰা অনুসৰি, নিহত লোকসকল কোনো নক্সালবাদী নহয় ৷ বিপৰীতে গাঁওখনৰ লোকসকলে তেওঁলোকৰ প্ৰয়োজনীয় টেণ্ডু নামৰ উদ্ভিদবিধৰ পাত সংগ্ৰহ কৰাৰ অৰ্থে প্ৰৱেশ কৰিছিল জংঘলত ৷

QUESTION ON BIJAPUR ENCOUNTER
বিজাপুৰৰ এনকাউণ্টাৰ (Etv Bharat Chhattisgarh)

নেশ্যনেল ডেস্ক, 13 মে’: ছত্তিশগড়ৰ বিজাপুৰ জিলাত শেহতীয়াভাৱে সংঘটিত এনকাউণ্টাৰৰ ঘটনাক ভুৱা আখ্যা গাঁওবাসীৰ ৷ স্থানীয় লোকে দাবী কৰা অনুসৰি এই ঘটনাত নিহত হোৱা লোকসকল গাঁৱত বাস কৰি অহা সাধাৰণ লোকহে ৷ গাঁওবাসীৰ এই অভিযোগৰ পাচতে কংগ্ৰেছে নিৰাপত্তাৰক্ষীৰ সমান্তৰালকৈ চৰকাৰৰ ওপৰত ইয়াৰ দোষ জাপি দিয়ে ৷

কেতিয়া সংঘটিত হৈছিল এই এনকাউণ্টাৰ :

শুকুৰবাৰে গংগালুৰ থানাৰ অন্তৰ্গত পেডিয়া বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত হৈছিল প্ৰায় ১২ ঘণ্টীয়া এনকাউণ্টাৰৰ ঘটনা । এই এনকাউণ্টাৰত সেনাবাহিনীয়ে ১২ জন নক্সালবাদীক হত্যা কৰে । য’ত জড়িত আছিল ৯০০ ৰো অধিক সেনাবাহিনীৰ জোৱান ৷ এই এনকাউণ্টাৰৰ পাচত জোৱানসকলে ১২ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰে ৷

অভিযুক্ত নক্সালৰ পৰিয়ালৰ লোকে কি কয় :

ইতিমধ্যে এই ঘটনাত প্ৰাণ হেৰুওৱা নক্সালসকলৰ পৰিয়ালবৰ্গই এই এনকাউণ্টাৰ ভুৱা বুলি নিৰাপত্তাবাহিনীৰ বিৰুদ্ধে উত্থাপন কৰে অভিযোগ । তেওঁলোকে মন্তব্য প্ৰকাশ কৰা অনুসৰি, টেণ্ডুপাত তেওঁলোকৰ জীৱিকাৰ মাধ্যম । পেডিয়াৰ সমীপৰ ইটাৱাৰ গাঁৱৰ একাংশ লোকে টেণ্ডু পাত ছিঙিবলৈ হাবিলৈ গৈছিল । এই সময়চোৱাতে তেওঁলোকক গুলীয়াই হত্যা কৰা হয় ।

একেখন গাঁৱৰে এগৰাকী মহিলাগৰাকী সদৰী কৰা অনুসৰি, টেণ্ডু পাত ছিঙিবলৈ যোৱা তেওঁৰ স্বামীক নিৰাপত্তাৰক্ষীয়ে জোৰ-জবৰদস্তিৰে উঠাই হাবিলৈ লৈ যায় ৷ তেতিয়াৰে পৰা বৰ্তমানলৈকে মহিলাগৰাকীৰ স্বামীৰ কোনো খা-খবৰ নাই ৷

একেখন গাঁৱৰ ৰাকেশ নামৰ এজন যুৱকে অভিযোগ উত্থাপন কৰা অনুসৰি, নিৰাপত্তাৰক্ষীয়ে টেণ্ডুৰ পাত ছিঙি থকা গাঁওবাসীক খেদি খেদি গুলীয়াই হত্যা কৰে । যুৱকজনৰ এগৰাকী আত্মীয়ও এই গুলীচালনাত আহত হয় ৷

গাঁওবাসীৰ সমান্তৰালকৈ এগৰাকী স্থানীয় সমাজকৰ্মী ছোনী ছ’ৰীয়েও এই এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰে ৷ সমাজকৰ্মীগৰাকীয়ে এই সন্দৰ্ভত গাঁওখন পৰিভ্ৰমণ কৰি তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰো দাবী কৰে ৷

আৰক্ষীয়ে কৰিলে অভিযোগ খণ্ডন :

আৰক্ষীৰ উপ মহাপৰিদৰ্শক(ডাণ্টেৱাৰা-দক্ষিণ মণ্ডল) কমলোচন কাশ্যপে গাঁওবাসীয়ে উত্থাপন কৰা সকলো অভিযোগ একেমুখে নস্যাৎ কৰে ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই ঘটনাত নিহত সকলো লোক নক্সালবাদী আছিল ৷ ইয়াৰে দুই-একৰ সন্ধান দিয়াৰ বিনিময়ত আৰক্ষীয়ে নগদ ধন পুৰস্কাৰ হিচাপে ৰাখিছিল ৷

চৰকাৰে আদিবাসীক হাৰাশাস্তি কৰা বন্ধ কৰক:

বিজাপুৰৰ পেডিয়া বনাঞ্চলত সংঘটিত হোৱা এই এনকাউণ্টাৰক ভুৱা আখ্যা দিয়াৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ বাঘেলে সামাজিক মাধ্যম এক্সৰ জৰিয়তে কয় যে- নক্সাল সমস্যা সমাধানৰ লগতে নিৰাপত্তাবাহিনীৰ মনোবল বৃদ্ধি কৰাটোও সমানে প্ৰয়োজনীয় ।

কিন্তু নিৰাপত্তাৰক্ষীৰ ওপৰত অভাৱনীয় ৰাজনৈতিক হেঁচা এনেকুৱা হ’ব নালাগে যে, তেওঁলোকৰ কৰ্মৰাজিক লৈ উত্থাপন হয় প্রশ্ন ৷ সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়েও মনত ৰাখিব লাগে যে, সংবিধানৰ প্ৰতিহে তেওঁলোক দায়বদ্ধ ৷

গাঁৱৰ ৰাইজৰ লগতে সমাজকৰ্মীগৰাকীয়ে এই পেডিয়া এনকাউণ্টাৰক ভুৱা আখ্যা দিলেও কিন্তু এতিয়ালৈকে নক্সালবাদীৰ তৰফৰ পৰা প্ৰকাশ হোৱা নাই কোনো প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত নক্সালবাদীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি - Naxalites Killed In Chhattisgarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.