ETV Bharat / bharat

বিশ্ব বিখ্যাত ৰামোজী ফিল্ম চিটীত 75 সংখ্যক গণৰাজ্য দিৱস উদযাপন

Republic Day celebration : দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্ব বিখ্যাত ৰামোজী ফিল্ম চিটীতো প্ৰতিবৰ্ষৰ দৰে 75 তম গণৰাজ্য দিৱস উদযাপন কৰা হৈছে ।

Republic Day celebration
বিশ্ব বিখ্যাত ৰামোজী ফিল্ম চিটীত 75 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 4:45 PM IST

|

Updated : January 26, 2024 at 5:07 PM IST

2 Min Read
Choose ETV Bharat
বিশ্ব বিখ্যাত ৰামোজী ফিল্ম চিটীত 75 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

নেশ্যনেল ডেস্ক : আজি 75 সংখ্যক গণৰাজ্য দিৱস । শুকুৰবাৰে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস । দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্ব বিখ্যাত ৰামোজী ফিল্ম চিটীতো প্ৰতিবৰ্ষৰ দৰে 75 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে । ৰামোজী ফিল্ম চিটীৰ পৰিচালন সঞ্চালক বিজয়েশ্বৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । তাৰ পিচতে তেওঁ উপস্থিত সকলো লোকক অভিবাদন জনায় ৷

সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ অধ্যক্ষ গোপাল ৰাও, ইউকেএমএল (উষাকিৰণ মুভি লিমিটেড)ৰ সঞ্চালক শিৱৰামকৃষ্ণ, প্ৰচাৰৰ উপ-সভাপতি এ ভি ৰাও, উপ-সভাপতি ৰবি চন্দ্ৰশেখৰক লগতে অন্যান্য উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ফিল্ম চিটীৰ মুখ্য কাৰ্যবাহী বিষয়া চেশাচাই এমডি বিজেশ্বৰীক আদৰণি জনায় ৷

আজিৰ এই বিশেষ দিনটোত ফিল্ম চিটীত কৰ্মৰত কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, এই দিনটোতে 1950 চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰত এখন সার্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল। মহাত্মা গান্ধীৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এয়া সম্ভৱ হৈ উঠিছিল। তেতিয়াৰে পৰা জানুৱাৰীৰ 26 দিনটোক ভাৰতৰ গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দি উদযাপন কৰি অহা হৈছে ।

লক্ষণীয় যে, ৰামোজী ফিল্ম চিটীক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ স্বৰ্গ বুলি কোৱা হয় । 1666 একৰ মাটিত বিস্তাৰিত ৰামোজী ফিল্ম চিটীয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ হিচাপে স্বীকৃতি লাভ কৰিছে ৷ প্ৰতি বছৰে প্ৰায় 200 খনতকৈ অধিক চলচ্চিত্ৰ নিৰ্মাণকাৰী গোটে ৰামোজী ফিল্ম চিটীলৈ দৃশ্যগ্ৰহণৰ বাবে আহে ৷ ভাৰতৰ প্ৰায় সকলো ভাষাৰ 2500 তকৈও অধিক চলচ্চিত্ৰ ৰামোজী ফিল্ম চিটীত দৃশ্যগ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক:Ramoji Film City Celebrates Women’s Day: নাৰী দিৱস উপলক্ষে ৰামোজী ফিল্ম চিটীত বিশেষ অফাৰ

Last Updated : January 26, 2024 at 5:07 PM IST