ETV Bharat / bharat

২২ এপ্ৰিলত মণিপুৰৰ ১১ টা বুথত পুনৰ ভোটগ্ৰহণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 1:14 PM IST

Re-polling in 11 booths in Manipur on April 22 after firing
গুলীচালনাৰ পিছত ২২ এপ্ৰিলত মণিপুৰৰ ১১ টা বুথত পুনৰ ভোটগ্ৰহণ

Lok Sabha Election in Manipur: শুকুৰবাৰে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে মণিপুৰত সংঘটিত হোৱা গুলীচালনাৰ বাবে মণিপুৰৰ ১১ টা বুথত ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব পুনৰ ভোটগ্ৰহণ । মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰে এই কথা ।

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল: ২২ এপ্ৰিলত আভ্যন্তৰীণ মণিপুৰ লোকসভা সমষ্টিৰ ১১ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ এই কথা ঘোষণা কৰিছে মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়াই । নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণ কৰি ১৯ এপ্ৰিলত এই বুথসমূহত অনুষ্ঠিত হোৱা নিৰ্বাচনক বাতিল বুলি ঘোষণা কৰি নতুনকৈ ভোটগ্ৰহণৰ সময়সূচী নিৰ্ধাৰণ কৰে ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি প্ৰভাৱিত ভোটকেন্দ্ৰসমূহ হ'ল খুৰাই সমষ্টিৰ মইৰাংকাম্পু চাজেব আৰু থংগাম লেইকাই, খেত্ৰীগাঁৱত চাৰিটা, ইম্ফল পূব জিলাৰ থংজুত এটা, উৰিপোকত তিনিটা আৰু ইম্ফল পশ্চিম জিলাৰ কন্থৌজামত এটা ।

উল্লেখ্য যে অশান্তজৰ্জৰ মণিপুৰৰ ইনাৰ 2-নং লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত গুলীচালনা সংঘটিত হয় ৷ মণিপুৰত ইনাৰ আৰু আউটাৰ দুয়োটা লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ ইনাৰ মণিপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী আংগোমচা বিমোল আকোইজাম আৰু বিজেপি প্ৰাৰ্থী বসন্ত সিঙৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ফলত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

গুলীচালনাৰ পিচত ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আংগোমচা বিমোল আকোইজামৰ লগত বাকযুদ্ধত অৱতীৰ্ণ হোৱা দেখা যায় ৷ আনহাতে ভোটদানৰ সময়ত কেইৰাও সমষ্টিৰ অন্তৰ্গত কিয়ামগেইত গুলীচালনাৰ পিচত আই এন চিৰ প্ৰাৰ্থী বিমল আকোইজামে হিংসাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷

ইফালে ভোটগ্ৰহণৰ মাজতে শুকুৰবাৰে মণিপুৰৰ মৈৰাং ছেগমেণ্টৰ থামানপোকপিৰ এটা ভোটকেন্দ্ৰৰ সমীপত এদল দুষ্কৃতিকাৰীয়ে কেইবাজাঁই গুলীচালনা কৰে ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল যদিও এই গুলীচালনাৰ ফলত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থকা ভোটাৰসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

লগতে পঢ়ক: মণিপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত গুলীচালনা : অপ্ৰীতিকৰ পৰিস্থিতি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.