ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ পিচত অযোধ্যাত প্ৰথম ৰাম নৱমী; ভক্তৰ ব্যাপক ভিৰ - Ram Navami in Ayodhya

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:48 PM IST

RAM NAVAMI IN AYODHYA: ৰাম নৱমী উপলক্ষে অযোধ্যাত দেখা গৈছে ভক্তৰ ব্যাপক ভিৰ । বুধবাৰে পুৱা ৩.৩০ বজাত তীৰ্থযাত্ৰীৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । সমগ্ৰ অযোধ্যাত প্ৰায় এশটা বৃহৎ এল ই ডি স্ক্ৰীণতো সম্প্ৰচাৰ কৰা হয় এই উদযাপনৰ দৃশ্যাৱলী ।

AYODHYA RAM MANDIR
RAM NAVAMI IN AYODHYA

নিউজ ডেস্ক, ১৭ এপ্ৰিল: ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে থকা হিন্দু ধৰ্মাৱলম্বীসকলে বুধবাৰে উদযাপন কৰিছে ৰাম নৱমী । পুৱা অযোধ্যাৰ ৰাম মন্দিৰত বৃহৎ সংখ্যক ভক্তৰ সমাগম পৰিলক্ষিত হয় । এই সমাগমে ৰামৰ প্ৰতি মানুহৰ বিশ্বাস আৰু উদযাপনৰ আনন্দক জীপাল কৰি তোলে । মন্দিৰ দৰ্শন কৰাৰ পূৰ্বে ভক্তসকলে অযোধ্যাৰ সৰযু নদীৰ পবিত্ৰ পানীত ডুব মাৰে । ৰাতিৰে পৰাই ভক্তৰ ভিৰ আৰম্ভ হয় ঘাটবোৰত । পুৱা ৩.৩০ বজাৰ পৰা ৰাম মন্দিৰত আৰম্ভ হয় ‘দৰ্শন’ ।

অযোধ্যা ৰাম মন্দিৰত পুৱাৰ আৰতি

অযোধ্যাৰ ৰাম মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা সংস্থা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে জনোৱা মতে, অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰত ৰাম লাল্লাৰ "দিব্য অভিষেক" পুৱা অতি উছাহ আৰু আধ্যাত্মিকতাৰে পৰিবেশন কৰা হয় ।

ৰাম লাল্লাৰ কপালত সূৰ্য তিলক

যেতিয়া বুধবাৰে ৰাম লাল্লাৰ কপালত সূৰ্যৰ ৰশ্মি পৰে তেতিয়াই ৰাম নৱমীৰ সূৰ্য তিলক উদযাপনৰ আলোকপাত হয় । দাপোন আৰু লেন্সৰ সৈতে এক বিশদ ব্যৱস্থাৰ দ্বাৰা এই ‘সূৰ্য তিলক’ সম্ভৱ হৈছে । মঙলবাৰে এটা দলে এই ব্যৱস্থা পৰীক্ষা কৰে ।

"সূৰ্য তিলক প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে প্ৰতিটো শ্ৰী ৰাম নৱমীৰ দিনত শ্ৰী ৰামৰ কপালত এটা 'তিলক' কেন্দ্ৰীভূত কৰা । প্ৰকল্পৰ অধীনত ৰাম নৱমীৰ দিনা দুপৰীয়া ভগৱান ৰামৰ কপালত সূৰ্যৰ পোহৰ প্ৰতিফলন কৰা হ'ব । প্ৰতি বছৰে চ'ত মাহত নৱমী পালন কৰা হয় ।" এইদৰে কয় এই প্ৰকল্পৰ সৈতে জড়িত চি এছ আই আৰ-চি বি আৰ আই ৰুৰকীৰ বিজ্ঞানী ড০ এছ. কে. পানীগ্ৰহীয়ে ।

ৰাম নৱমীত কোনো VIP ব্যৱস্থা নহয়:

অযোধ্যাৰ ৰাম মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা সংস্থা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ৰাম নৱমী উপলক্ষে দৰ্শনৰ সময়সীমা বৃদ্ধি কৰি এই দিনটোত কোনো বিশেষ দৰ্শনৰ আয়োজন কৰা নহ'ব বুলি জানিবলৈ দিয়ে । পূৰ্বৰ পাছসমূহো বাতিল কৰা হৈছে বুলি ট্ৰাষ্টে অৱগত কৰে ।

ৰাম নৱমীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম নৱমী উপলক্ষে ৰাইজক সম্ভাষণ জনায় আৰু দৃঢ়তাৰে কয় যে অযোধ্যাত আনন্দৰ লহৰ উঠিছে কাৰণ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচত এই উৎসৱটো ইয়াত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে ।

এক্সত ধাৰাবাহিকভাৱে পোষ্ট কৰি মোদীয়ে কয় যে, "অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথম ৰাম নৱমী এটা প্ৰজন্মৰ মাইলৰ খুঁটি, শতিকাজোৰা ভক্তিক এক নতুন যুগৰ আশা আৰু প্ৰগতিৰ সৈতে একেলগে বৈছে । এইটো এটা দিন যাৰ বাবে কোটি কোটি ভাৰতীয়ই অপেক্ষা কৰিছিল ।"

মোদীয়ে কয়, "প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকিব আৰু আমাৰ জীৱনক প্ৰজ্ঞা আৰু সাহসেৰে আলোকিত কৰি ধৰ্ম আৰু শান্তিৰ দিশত আমাৰ পথ পৰিচালিত কৰিব ।"

৫০০ বছৰৰ অপেক্ষা:

"অযোধ্যাৰ ৰাম মন্দিৰত ৰাম নৱমী উদযাপনৰ বাবে ৫০০ বছৰ ধৰি আগ্ৰহেৰে অপেক্ষা কৰি আহিছে আৰু সমগ্ৰ দেশ আনন্দত আত্মহাৰা হৈ পৰিছে । শ্ৰী ৰাম জন্মভূমিত প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এয়া প্ৰথম ৰাম নৱমী । মন্দিৰ চৌহদত প্ৰথমবাৰৰ বাবে ভগৱান ৰামৰ ভক্তসকলে জন্মোৎসৱ পালন কৰিব; এইটো ৫০০ বছৰ ধৰি অপেক্ষা কৰা হৈছিল । সমগ্ৰ দেশ আজি সুখী ।" এই মন্তব্য বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ শৰদ শৰ্মাৰ ।

অযোধ্যাত নিৰাপত্তাৰ ব্যৱস্থা:

নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত আই জি (অযোধ্যা ৰেঞ্জ) প্ৰবীণ কুমাৰে কয় যে ভক্তৰ বাবে ব্যৱস্থা কৰা হৈছে । "সকলো অঞ্চল জ'ন আৰু ছেক্টৰত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । আমাৰ স্বেচ্ছাসেৱক আৰু বাহিনী কেইবা তৰপীয়াকৈ নিয়োগ কৰা হৈছে । গধুৰ বাহনৰ চলাচলৰ ব্যৱস্থাও কৰা হৈছে," আই জিয়ে কয় ।

"ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । খোৱাপানীৰ ব্যৱস্থা, গৰমৰ পৰা ৰক্ষা কৰিবলৈ ৰঙীন ত্ৰিপাল, ভক্তসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছে ।"

ৰাম নৱমী অনুষ্ঠান:

অযোধ্যাৰ ৰাম মন্দিৰত ব্ৰহ্ম মুহুৰ্তত পুৱা ৩.৩০ বজাৰ পৰা ভক্তসকলৰ বাবে দৰ্শন খোলা থাকে । পুৱা ৫ বজাত ৰাম লাল্লাৰ শৃংগাৰ আৰতি অনুষ্ঠিত হয় । ঈশ্বৰক প্ৰসাদ আগবঢ়োৱাৰ সময়ত পৰ্দাখন অলপ সময়ৰ বাবে টানি দিয়া হৈছিল । নিশা ১১ বজালৈকে চলিব দৰ্শনৰ ক্ৰম । ইয়াৰ পিছত কাৰ্যসূচী অনুসৰি ভোগ আৰু শয়ন আৰতি হ’ব ।

ৰাম নৱমীৰ দিনা শয়ন আৰতিৰ পিছত মন্দিৰৰ পৰা ওলাই অহা পথত প্ৰসাদ উপলব্ধ হ’ব । ভক্তসকলে মন্দিৰৰ পৰা মোবাইল, জোতা, চেণ্ডেল, ডাঙৰ বেগ আৰু নিষিদ্ধ সামগ্ৰী নিৰাপদে আঁতৰাই ৰাখিলে দৰ্শনৰ সুবিধা হ’ব । বুধবাৰেও ৰাম লাল্লাক ৫৬ প্ৰকাৰৰ ভোগ প্ৰসাদ প্ৰদান কৰা হয় ।

ৰাম মন্দিৰৰ পৰা লাইভ ষ্ট্ৰীমিং:

সুগ্ৰীৱ দুৰ্গৰ তলত, বিৰলা ধৰ্মশালাৰ সন্মুখত, শ্ৰী ৰাম জন্মভূমি প্ৰৱেশদ্বাৰত, মন্দিৰ ট্ৰাষ্টে যাত্ৰী সেৱা কেন্দ্ৰ স্থাপন কৰিছে, য’ত ৰাজহুৱা সুবিধা উপলব্ধ কৰা হৈছে । আসনৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । মন্দিৰত পৰিচালিত সকলো অনুষ্ঠানৰ লাইভ টেলিকাষ্ট অযোধ্যা পৌৰ নিগম অঞ্চলৰ ১০০ স্থানত এল ই ডি স্ক্ৰীণৰ জৰিয়তে কৰা হৈছে ।

লগতে পঢ়ক: আজি অসমত মোদী-মমতাৰ মেজিক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.