ETV Bharat / bharat

বিবাহ শোভাযাত্ৰাক আক্ৰমণ দুৰ্বৃত্তৰ; আহত 10 জন - ATTACK ON WEDDING in Alwar

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 7:50 AM IST

Attack on Wedding: বিবাহ শোভাযাত্ৰালৈ শিল নিক্ষেপ দুৰ্বৃত্তৰ ৷ ৰাজস্থানৰ আলৱাৰ জিলাৰ মেডুবাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ আক্ৰমণত আহত 10 ৷ বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী মোতায়েন ৷

rajasthan-several-injured-in-attack-on-wedding-procession-after-dispute-over-dj-playing-near-mosque
বিবাহ শোভাযাত্ৰাক আক্ৰমণ দুৰ্বৃত্তৰ; আহত 10 জন

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল: বিবাহ অনুষ্ঠানত ডিজো বজোৱাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতি ৷ ৰাজস্থানৰ আলৱাৰ জিলাৰ মেডুবাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিয়াৰ এক শোভাযাত্ৰাত ডিজে বজোৱাক কেন্দ্ৰ কৰি এক বিশেষ গোটৰ সদস্যই তীব্ৰ তৰ্ক-বিতৰ্কত লিপ্ত হয় ৷ এই সন্দৰ্ভত দৰাৰ ককাকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

আৰক্ষীয়ে জনোৱা মতে, শিল আৰু লাঠিৰে আক্ৰমণ চলায় উক্ত দলটোৱে ৷ এই আক্ৰমণৰ ফলত 10 জন লোক আহত হয় । গাঁওখনত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী । জানিব পৰা মতে, বিয়াৰ শোভাযাত্ৰাটোৱে এটা মছজিদৰ সমীপত নাচি-গান গাই স্ফূৰ্তি-তামচা কৰি থকাৰ সময়তে সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷

আক্ৰমণকাৰীয়ে মহিলাসকলকো আক্ৰমণ কৰাৰ ক্ষেত্ৰত পিছ পৰি নাথাকিল । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰামগড়ৰ চি অ’ ওমপ্ৰকাশ বিষ্ণৈ, নৌগাৱন থানাৰ বিষয়া ভূপেন্দ্ৰ সিং, ৰামগড় আৰক্ষী থানাৰ বিষয়া সৱাই সিং, বগাদ টিৰাহা থানাৰ বিষয়া উমাশংকৰ, এম আই এ থানাৰ বিষয়া বিজেন্দ্ৰ সিঙৰ লগতে আৰক্ষী বাহিনী আৰু কিউ আৰ টি ঘটনাস্থলীত উপস্থিত হয় ৷

আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি উক্ত স্থানৰ পৰা 4 জন লোকক আটক কৰে । নৌগাৱন আৰক্ষী থানাৰ বিষয়া ভূপেন্দ্ৰ সিঙে জানিবলৈ দিয়া মতে, দৰাৰ ককাক ৰামদাসে নাতিৰ বিবাহ শোভাযাত্ৰাৰ সময়ত মেডুবাত এই আক্ৰমণ সংঘটিত হোৱা বুলি এজাহাৰ দাখিল কৰিছে । হিন্দু ৰীতি-নীতি অনুসৰি ডিজে লৈ শোভাযাত্ৰা কৰি গৈ থাকোতে মেডুবাছ গাঁৱৰ মছজিদৰ সমীপত ডিজে বজোৱাক কেন্দ্ৰ কৰি বিশেষ সম্প্ৰদায়ৰ লোকে তৰ্ক-বিতৰ্কত লিপ্ত হয় আৰু শিল আৰু লাঠিৰে আক্ৰমণ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আক্ৰমণত গুৰুতৰভাৱে আহতসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত অলকাৰলৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাঁওখনত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ বৃহৎ দল । ঘটনাৰ তদন্ত অব্যাহত থকাৰ লগতে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : টিভি চেনেলৰ বিতৰ্কৰ সময়ত বিজেপি নেতাক আক্ৰমণ; এজনক গ্ৰেপ্তাৰ - BJP LEADER ATTACKED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.