ETV Bharat / bharat

বিহাৰত মা খৰ্গেশ্বৰীৰ আশিস ল’লে ৰাহুল গান্ধীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:44 PM IST

Bharat Jodo Nyay Yatra: ৰাহুল গান্ধীৰ ভাৰত জোডো ন্যায় যাত্ৰা সোমবাৰে বিহাৰৰ আৰৰিয়াত উপস্থিত হয় । ন্যায় যাত্ৰাৰ সময়ত তেওঁ মা খৰ্গেশ্বৰী কালি মন্দিৰত সেৱা লয় । আৰৰিয়াৰ বহু ঠাইত ৰাহুল গান্ধীক আদৰণি জনোৱা হয় ।

rahul gandhi in araria
Bharat Jodo Nyay Yatra

নিউজ ডেস্ক, 29 জানুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰে কিষাণগঞ্জত উপস্থিত হয় । তাৰ পৰাই তেওঁৰ যাত্ৰা বিয়লি ৩.৩৫ বজাত আৰৰিয়া জিলাৰ জোকিহাট ব্লকৰ সীমান্তত প্ৰৱেশ কৰে । জিলাখনৰ সীমান্তৱৰ্তী চৰঘৰিয়াত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে তেওঁক ফুলৰ মালাৰে আদৰণি জনায় ৷

Bharat Jodo Nyay Yatra
ভাৰত জোডো ন্যায় যাত্ৰা

এই সময়ছোৱাত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিশেষ বাছখনেৰে যাত্ৰা কৰে । তেওঁৰ কনভয় জোকিহাট পোৱাৰ লগে লগে পথৰ দাঁতিত উপস্থিত হাজাৰ হাজাৰ শ্ৰমিকে ৰাহুল গান্ধী জিন্দাবাদ শ্লোগান দি হাত জোকাৰি আদৰণি জনায় ।

ৰাহুল গান্ধীৰ কনভয়টো লাহে লাহে ৩২৭ ই নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ বৈৰাগাচী অভিমুখে আগবাঢ়িল । য'ত উপস্থিত হাজাৰ হাজাৰ শ্ৰমিক ৰাহুল গান্ধীক আদৰণি জনায় । ইয়াৰ পিছত তেওঁৰ কনভয় আৰৰিয়া চহৰৰ জিৰ’ মাইল পায়গৈ ।

তাৰ পৰা ৰাহুল গান্ধী বাছখনৰ ওপৰত বহে । কাদোৱাৰ বিধায়ক শকীল আহমেদ খানো তেওঁৰ সৈতে গাড়ীৰ ওপৰত আছিল । জিৰ’ মাইলৰ পৰা আৰৰিয়া চহৰৰ ফালে ভাৰত ন্যায় যাত্ৰা আগুৱাই যায় । পথৰ দাঁতিত উপস্থিত ৰাইজে ৰাহুল গান্ধী জিন্দাবাদ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । বিভিন্ন স্থানত মানুহে তেওঁৰ ওপৰত ফুল চটিয়ায় ৷

Bharat Jodo Nyay Yatra
বিহাৰত ভাৰত জোডো ন্যায় যাত্ৰা

ইয়াৰ পিছতে বিয়লি প্ৰায় ৫.৩৫ বজাত কনভয়টো মহানগৰীৰ চান্দনী চ'কত উপস্থিত হয় । য'ত ৰাহুল গান্ধীয়ে প্ৰায় ৫ মিনিট সময় ৰাইজক সম্বোধন কৰে । ইয়াৰ পিছত তেওঁৰ কনভয়টো আৰিয়াৰিয়াৰ ঐতিহাসিক মা খৰ্গেশ্বৰী মহাকালি মন্দিৰলৈ ৰাওনা হয় । কালি মন্দিৰ পোৱাৰ পাচত ৰাহুল গান্ধীয়ে দেৱী কালিৰ আগত মূৰ দোঁৱায় । ইয়াৰ পিছত তেওঁৰ কনভয় এম এল ডি পি যাদৱ কলেজলৈ ৰাওনা হয়, য’ত ৰাতি জিৰণি লোৱাৰ পিচত মঙলবাৰে তেওঁ পূৰ্ণিয়ালৈ ৰাওনা হ’ব ।

লগতে পঢ়ক: মই জে ই ই কৰিব নোৱাৰিলোঁ...পৰীক্ষাৰ নোট লিখা কলমটোৰে নীহাৰিকাই লিখিলে আত্মহননৰ টোকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.