ETV Bharat / bharat

আজি খুঁণ্টিৰ পৰা ৰাওনা হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 7:54 AM IST

Bharat Jodo Nyaya Yatra in Khunti : ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সোমবাৰে সন্ধিয়া খুঁণ্টিত উপস্থিত হয় । তাৰ পাচত তেওঁ আদালতৰ চৌহদত নিৰ্মাণ কৰা শিবিৰত ৰাতিটো জিৰণি লয় । ইয়াৰ পিচত তেওঁ মঙলবাৰে পুৱা ঝাৰখণ্ডৰ পৰা ৰাওনা হ’ব।

Bharat Jodo Nyaya Yatra in Khunti
আজি খুঁটিৰ পৰা ৰাওনা হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা

নেশ্যনেল ডেস্ক, 6 জানুৱাৰী : আজি (মঙলবাৰ) 24 জিনত ভৰি দিলে ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ বৰ্তমান ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কৰ্মকৰ্তা আছে ঝাৰখণ্ডত ৷ আজিৰ ঝাৰখণ্ডৰ পৰা ৰাওনা হৈছে ৰাহুল গান্ধীৰ যাত্ৰা । ইয়াৰ পিচত এই যাত্ৰা উপস্থিত হ’ব ওড়িশাত ৷

মঙলবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে খুঁণ্টি তোলি চ’কৰ পৰা ৰোড শ্ব’ কৰি কাছাৰী চ’কলৈ যাব । ৰোড শ্ব’ৰ সময়ত তেওঁ কছাৰী চ’কৰ সমীপত ৰাইজক সম্বোধন কৰিব । যাৰ বাবে ইতিমধ্যে কংগ্ৰেছ দলে বহু প্ৰস্তুতি চলাইছে ।

ভগৱান বীৰছা মুণ্ডাৰ জন্মস্থান উলিহাতুলৈ ৰাহুল গান্ধীৰ ভ্রমণক লৈ সন্দেহৰ সৃষ্টি হৈছে ৷ নিৰাপত্তাজনিত কাৰণত কংগ্রেছ দলে তেওঁৰ কার্যসূচী নিশ্চিত কৰিব পৰা নাই ৷ ৰাহুল গান্ধীয়ে উলিহাতুলৈ গ’লেও তাৰ পিচত ঠেঠাইটাংগাৰ হৈ ওড়িশাৰ ৰৌৰকেলালৈ ৰাওনা হ’ব । প্ৰশাসনে জিলাখনত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবেও কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ৰাঁচীৰ শ্বহীদ ময়দানত ৰাহুলৰ ৰাজহুৱা সভা :

সোমবাৰে বিয়লি এইচ ই চি কেম্পাছত অৱস্থিত শ্বহীদ ময়দানত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । তেওঁ এইচ ই চিৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰক লক্ষ্য কৰি লয় । ৰাহুল গান্ধীয়ে কয় যে স্বাধীনতাৰ পিচত 2014 চনলৈকে কংগ্ৰেছে অলপ অলপকৈ গঢ়ি তোলা ৰাজহুৱা খণ্ডটোক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি যাব ।

ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে তেওঁ পৃথক সৰ্ণ ধৰ্ম সংহিতাৰ দাবীক সমৰ্থন কৰে আৰু যেতিয়া তেওঁৰ চৰকাৰ গঠন হ’ব তেতিয়া তেওঁ ইয়াক কাৰ্যকৰী কৰিব । ৰাহুল গান্ধীয়ে কয় যে জাতি লোকপিয়ল অতি গুৰুত্বপূৰ্ণ আৰু তেওঁ ইয়াৰ দাবী অব্যাহত ৰাখিব ।

ৰাজহুৱা সভাত উপস্থিত হোৱা ৰাইজক ভয় নকৰিব বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে ঝাৰখণ্ডত গ্ৰেণ্ড এলায়েন্সৰ শক্তিশালী আৰু জনপ্ৰিয় চৰকাৰখনক অস্থিৰ কৰাৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল । কেন্দ্ৰীয় সংস্থাসমূহৰ সহায়ত বিৰোধী চৰকাৰ থকা প্ৰতিখন ৰাজ্যতে এই কাম কৰা হৈছে । কিন্তু ঝাৰখণ্ডত গ্ৰেণ্ড এলায়েন্সৰ ঐক্যৰ বাবেই চৰকাৰ ৰক্ষা পৰিল । ৰাহুল গান্ধীয়ে কয় যে আচলতে বিজেপিয়ে এজন যুৱ আৰু আড়ম্বৰপূৰ্ণ জনজাতীয় মুখ্যমন্ত্ৰীক সহ্য কৰিব পৰা নাছিল, সেয়েহে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ।

লগতে পঢ়ক : ধানবাদত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.