ETV Bharat / bharat

ধানবাদত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:07 AM IST

Bharat Jodo Yatra In Dhanbad: ধানবাদত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই আজি বহু অঞ্চললৈ যাব । কংগ্ৰেছ কৰ্মীসকলে ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ সমান্তৰালকৈ প্ৰশাসনৰ তৰফৰ পৰাও নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে ।

Bharat Jodo Yatra In Dhanbad
ধানবাদত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰা

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: ঝাৰখণ্ডত অব্যাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ দেওবাৰে পুৱা 8.00 বজাৰ পৰা কয়ালাঞ্চলত আৰম্ভ হয় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা । গান্ধীয়ে গোবিন্দপুৰ লালবজাৰ চ’কৰ মাজেৰে পাৰ হোৱাৰ সময়তে ৰাহুল গান্ধীক আদৰণি জনায় । ইয়াৰ উপৰিও গান্ধীৰ এই যাত্ৰাৰ সময়ত বিভিন্ন স্থানত কংগ্ৰেছ নেতাজনক আদৰণি জনোৱা হয় ।

গোবিন্দপুৰ লাল বজাৰ চ’কৰ পাচত ভাৰত জোড়ো ন্যায় যাত্ৰা চৰাইদেলা ৰঘুকুলৰ মাজেৰে পাৰ হ’ব ৷ য’ত ৰাহুল গান্ধীক আদৰণি জনোৱা হ’ব । ইয়াত ঝৰীয়াৰ বিধায়ক পূৰ্ণিমা নীৰজ সিঙৰ বাসগৃহ । চৰাইধেলাৰ পৰা ষ্টীল গেটেৰে আৰু আৰক্ষী লাইনৰ মাজেৰে আগবাঢ়ি যাব ন্যায় যাত্ৰা ।

ইয়াৰ পাছতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ডি আৰ এম চ’কত আম্বেদকাৰ চ’কত উপস্থিত হ’ব । ইয়াত কংগ্ৰেছ নেতা ৰাহুলে ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব । ইয়াৰ পিছত তেওঁ পূজা টকীজলৈ ৰাওনা হ’ব, য’ত ৰাহুল গান্ধীক সুভাষ চ’কৰ মুস্কান কমপ্লেক্সৰ সন্মুখত আদৰণি জনোৱা হ’ব । ইয়াৰ পিছত বেংক মড জে ডি কুমাৰৰ সন্মুখতো এখন বৈঠকৰ আয়োজন কৰা হৈছে । য'ত ৰাহুল গান্ধীয়ে ৰাইজক সম্বোধন কৰিব আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰিব ।

ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া প্ৰায় 6.15 বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা জামতাৰাৰ পৰা ধানবাদ সীমান্তত প্ৰৱেশ কৰে । দুয়োখন জিলাৰ সীমান্তৱৰ্তী কৰমদহা দলঙত ৰাহুল গান্ধীক উষ্ম আদৰণি জনোৱা হয় । ৰাহুল গান্ধীয়ে কৰমদাহাৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত পূব টুণ্ডীৰ হালকাটাত ৰাতিটো কটায় ।

4-5 ফেব্ৰুৱাৰীৰ অন্যান্য কাৰ্যসচী : ধানবাদৰ পিচত 4 ফেব্ৰুৱাৰীত দিনৰ প্ৰায় 2.30 বজাত ভাৰত জোড়ো ন্যায় যাত্ৰা বোকাৰো জিলাত প্ৰৱেশ কৰিব । ধনবাদ-বোকাৰো সীমান্তৰ তেলমোচো দলঙত আদৰণি জনোৱা হ’ব ৰাহুল গান্ধীক । ইয়াৰ পিছতে চাছৰ যোধাদিহ পাক, ধৰ্মশালা চক, গৰ্গা দলং পাৰ হৈ পুপুংকী হৈ বকাৰো জিলাত প্ৰৱেশ কৰিব ন্যায় যাত্ৰা আৰু ৰামগড় জিলাত প্ৰৱেশ কৰিব ।

5 ফেব্ৰুৱাৰীৰ কাৰ্যসূচী : 5 ফেব্ৰুৱাৰী সোমবাৰে ৰাহুল গান্ধীয়ে পুৱা 8.00 বজাত চিডো কানহু জিলা খেলপথাৰৰ পৰা খোজকাঢ়ি চট্টি বজাৰ গান্ধী চ’কত উপস্থিত হ'ব । য'ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মালা পিন্ধাব । ইয়াৰ পিছত খোজকাঢ়ি যাওঁতে তেওঁ সুভাষ চ’কলৈ যাব, তাতো তেওঁ নেতাজীৰ প্ৰতিমূৰ্তিত মালা পিন্ধায় 33 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাঁচীলৈ ৰাওনা হ’ব ।

অহা 05 ফেব্ৰুৱাৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৰামগড় হৈ অৰমানঝিৰ সমীপৰ ৰাঁচী জিলাত প্ৰৱেশ কৰিব আৰু তাৰ পিছত সোমবাৰে সন্ধিয়া এইচ ই চি কেম্পাছ ধুৰুৱাত অৱস্থিত শ্বহীদ ময়দানত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই প্ৰৱেশ কৰিলে গোড্ডাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.