ETV Bharat / bharat

প্ৰি ৱেডিং ফ’টোশ্বুট তথা ৰীল নিৰ্মাণত নিষেধাজ্ঞা আৰোপ পঞ্জাব আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:24 PM IST

Ban Pre Wedding Shoots: বিবাহৰ পূৰ্বে শ্বুটিং আৰু ৰীল নিৰ্মাণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷ নিষেধাজ্ঞা অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী ৷

Ban Pre Wedding Shoots
ৰীল আৰু প্ৰি ৱেডিং ফ’টোশ্বুটত বাধা

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী: শেহতীয়াকৈ নতুন প্ৰজন্মৰ একাংশৰ মাজত যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে ৰীল আৰু প্ৰি ৱেডিং ফ’টোশ্বুটৰ ৷ একাংশই বিভিন্ন সামাজিক মাধ্যমত ৰীল বনাই জনপ্ৰিয় হোৱাৰ পথ বাচি লোৱাৰ লগতে বৰ্তমানৰ বিবাহ অনুষ্ঠানতো প্ৰায় অপৰিহাৰ্য হৈ পৰিছে প্ৰি ৱেডিং ফ’টোশ্বুট ৷ ৰীল বিশেষকৈ প্ৰি ৱেডিং ফ’টোশ্বুটৰ বাবে তেওঁলোকে বাচি লয় বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা স্থানৰ লগতে বিভিন্ন ঐতিহাসিক ঠাই ৷

কিন্তু এইবাৰ প্ৰি ৱেডিং ফ’টোশ্বুট আৰু ৰীল নিৰ্মাণত আৰোপ কৰা হৈছে নিষেধাজ্ঞা ৷ নিষিদ্ধ কৰা হ’ল প্ৰি ৱেডিং ফ’টোশ্বুট আৰু ৰিল নিৰ্মাণ ৷ নিষেধাজ্ঞা অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী প্ৰশাসনৰ ৷

বিবাহৰ পূৰ্বৰ শ্বুটিঙৰ ভাইৰেল ভিডিঅ’ই শিৰোমণি গুৰুদ্বাৰা কমিটীৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে ৷ হেৰিটেজ ষ্ট্ৰীটত ভিডিঅ’ শ্বুট কৰিলে ভক্তসকলৰ আৱেগক আঘাত কৰা বুলিও সমিতিখনে জানিবলৈ দিয়ে ৷ শিৰোমণি গুৰুদ্বাৰা কমিটিৰ আপত্তি লক্ষ্য কৰি আৰক্ষীয়ে হেৰিটেজ ষ্ট্ৰীটত বিয়াৰ পূৰ্বৰ ভিডিঅ’ ৰেকৰ্ডিং বা ৰীল বনোৱাত নিষেধাজ্ঞা আৰোপ কৰে ৷

শেহতীয়াকৈ হেৰিটেজ ষ্ট্ৰীট বিয়াৰ পূৰ্বৰ শ্বুট ৰেকৰ্ডিং বা ৰীল বনোৱাৰ জনপ্ৰিয় স্থান হিচাপে পৰিগণিত হোৱাৰ পিছতে চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ভক্ত আৰু শিৰোমণি গুৰুদ্বাৰা সমিতিৰ প্ৰতিবাদৰ পিছত আৰক্ষীয়ে হেৰিটেজ ষ্ট্ৰীটত ফটোগ্ৰাফী, ভিডিঅ’গ্ৰাফী আৰু এনেধৰণৰ কাম-কাজ নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে ৷

কোটৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যশবীৰ সিঙে শনিবাৰে হেৰিটেজ ষ্ট্ৰীটৰ অংশত বৰ্ড স্থাপন কৰি নিষেধাজ্ঞাৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰে ৷ উচ্চতম কৰ্তৃপক্ষৰ নিৰ্দেশত ব’ৰ্ড স্থাপন কৰা হৈছে বুলিও সিঙে কয় ৷

তেওঁ কয়, "এয়া স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ইয়াত প্ৰি-ৱেডিং শ্বুটিং আৰু ৰীল সম্পূৰ্ণ নিষিদ্ধ ৷ আমি এই সন্দৰ্ভত ফটোগ্ৰাফাৰসকলৰ সৈতে এক বৈঠকত মিলিত হৈ অঞ্চলটোৰ ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশ নষ্ট নকৰিবলৈ অনুৰোধ জনাইছো ৷ যদি এই আদেশ কোনো লোকে ভংগ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷"

উল্লেখ্য যে, পঞ্জাৱৰ অমৃতসৰৰ শ্ৰী হৰমন্দিৰ চাহাবলৈ যোৱা হেৰিটেজ ষ্ট্ৰীটত বিবাহৰ পূৰ্বে শ্বুটিং আৰু ৰীল নিৰ্মাণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ এই নিষেধাজ্ঞা অৱমাননা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী দি কোটৱালি আৰক্ষী থানাই এই সন্দৰ্ভত ব’ৰ্ড স্থাপন কৰিছে ৷

লগতে পঢ়ক : উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ৰিতু বহৰিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.