ETV Bharat / bharat

প্ৰিয়জনক মনৰ কথা ক’বলৈ এবাৰ এই পদ্ধতি অনুসৰণ কৰি চাওক

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 2:17 PM IST

Propose Day 2024: আপোনাৰ সংগীৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ বিচাৰিছে তেন্তে প্ৰপ’জ ডে’তকৈ উত্তম দিন আন কিবা জানো হ’ব পাৰে ? ৮ ফেব্ৰুৱাৰীৰ দিনটো প্ৰপ’জ ডে’ হিচাপে পালন কৰা হয় ৷ যদি আপুনিও কাৰোবাক ভাল পায় তেন্তে এই দিনটো তেওঁৰ বাবে অধিক স্মৰণীয় কৰি তুলিবলৈ বিচাৰে তেন্তে এই পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰে-

Propose Day 2024 Unique Proposal Ideas that Make Your Moments Unforgettable
প্ৰিয়জনক মনৰ কথা ক’বলৈ এবাৰ এই পদ্ধতি অনুসৰণ কৰি চাওক

মনৰ কথা প্ৰকাশ কৰাটো ইমান সহজ নহয় ৷ যদি আপুনি ভাল পোৱা আৰু গোটেই জীৱন আপোনাৰ লগত থাকিবলৈ সপোন দেখি থকা ব্যক্তিজন, যেতিয়া তেওঁ আপোনাৰ সন্মুখত থাকিব, তেতিয়া আপুনি ভাৱে যে তেওঁক এই কথা কম বা বা সেই কথা এইসমূহ কথা ভাবোতে ভাবোতে বা প্ৰিয়জনৰ বাবে কৰা কিবা পৰিকল্পনা আপুনি পৰিপূৰ্ণ কৰাত কেতিয়াবা ব্যৰ্থ হয় ৷ কিন্তু যদি আপুনি সঁচাকৈয়ে কাৰোবাক ভাল পায় যদি আপুনি কাৰোবাক মনত দীৰ্ঘদিন ধৰি সাঁচি ৰখা অনুভৱ ব্যক্ত কৰিব বিচাৰিছে, তেন্তে প্ৰপ’জ ডে’তকৈ আৰু উত্তম দিন আন কোনো হ’ব নোৱাৰে ৷

ফেব্ৰুৱাৰী মাহক প্ৰেমৰ মাহ বুলি কোৱা হয় ৷ ভেলেণ্টাইন উইক ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ গোটেই সপ্তাহ ধৰি উদযাপন কৰা হয় ৷ এই সপ্তাহত ৮ ফেব্ৰুৱাৰীৰ দিনটো প্ৰপ’জ ডে হিচাপে উদযাপন কৰা হয় ৷ যদি আপুনিও এই উপলক্ষে কাৰোবাক প্ৰপ’জ কৰাৰ কথা ভাবিছে তেন্তে এই মুহূৰ্তটোক অলপ বিশেষ কৰি তোলক ৷ যাতে এই মুহূৰ্তটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হৈ পৰে ৷ সেয়ে আজি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক আপোনাৰ প্ৰিয় ব্যক্তিগৰাকীক প্ৰপ’জ ডে’ৰ দিনা কি কি বিশেষ পদ্ধতিৰে নিজৰ মনৰ কথা প্ৰকাশ কৰিব-

ৰোমান্টিক ডিনাৰ ডেট

এইটোৱেই প্ৰস্তাৱ দিয়াৰ আটাইতকৈ সাধাৰণ আৰু সহজ উপায়, যি আজিও জনপ্ৰিয় ৷ হৃদয়ৰ কথা ব্যক্ত কৰিবলৈ আপুনি আপোনাৰ সংগীৰ সৈতে ৰাতিৰ আহাৰ খাবলৈ একেলগে খাব পাৰে সেয়ে তেওঁৰ বাবে তেওঁৰ প্ৰিয় খাদ্যৰ এবিধ প্ৰস্তুত কৰক ৷ যদি আপুনি ৰান্ধিব নাজানে তেন্তে বাহিৰৰ পৰা অৰ্ডাৰ দিয়াৰ বিকল্পও বাচি ল’ব পাৰে ৷ এই সুস্বাদু খাদ্য, সুগন্ধি মমবাতি, ফুলেৰে টেবুলখন সজাই লওক আৰু তাৰ পিছত আপোনাৰ সংগীক নিজৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব পাৰে ?

পোহনীয়া জন্তুৰ পৰা সহায় লওক

যদি দুয়োজনেই পোহনীয়া জন্তু প্ৰেমী, তেন্তে তেওঁলোকৰ সহায় লৈও আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ আধাখিনি কাম সহজ হৈ পৰিব ৷ কেৱল সৰু টোকা এটাৰে তেওঁলোকৰ ডিঙিত আঙঠিটো বান্ধি লওক ৷ প্ৰস্তাৱ দিয়াৰ এই অনন্য ধাৰণাটো আপোনাৰ প্ৰিয়জনে নিশ্চয় ভাল পাব আৰু না কোৱাৰ কোনো সম্ভাৱনা নাথাকে ৷

গীতৰ জৰিয়তে

যদি আপোনাৰ সংগীয়ে বলীউডৰ গীতৰ প্ৰতি আকৰ্ষিত, তেন্তে আপুনি ইয়াৰ জৰিয়তেও তেওঁক ক’ব নোৱাৰা কথাবোৰ তেওঁৰ ওচৰলৈ লৈ যাব পাৰে ৷ বিশেষকৈ এনে মুহূৰ্তৰ বাবে নিৰ্মিত ৰোমান্টিক গীতৰ প্লেলিষ্ট প্ৰস্তুত কৰক আৰু সেইবোৰ গুণগুণাই থকাৰ সময়ত সেই গীতৰ জৰিয়তে আপোনাৰ অনুভৱ প্ৰকাশ কৰক ৷

খেলৰ জৰিয়তে

Dumb Charades গেমটোও আপোনাৰ সংগীক প্ৰস্তাৱ কৰিবলৈ এটা ভাল বিকল্প ৷ লগে লগে প্ৰেমৰ প্ৰস্তাৱ নিদিব, প্ৰথমে তেওঁক বিভিন্ন চিনেমাৰ জৰিয়তে আপোনাৰ অনুভৱৰ এটা ধাৰণা দিয়ক আৰু তাৰ পিছত তেওঁক চাৰপ্ৰাইজ কৰক ৷ নিঃসন্দেহে আপোনাৰ এই আইডিয়া তেওঁ যথেষ্ট ভাল পাব ৷

লগতে পঢ়ক: এইবাৰ Propose Day ত প্ৰিয়জনক এই ৫টা উপহাৰেৰে প্ৰকাশ কৰক আপোনাৰ অনুভৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.