ETV Bharat / bharat

এইবাৰ Propose Day ত প্ৰিয়জনক এই ৫টা উপহাৰেৰে প্ৰকাশ কৰক আপোনাৰ অনুভৱ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 9:00 AM IST

Propose Day 2024: ৮ ফেব্ৰুৱাৰীৰ দিনটোত প্ৰপ’জ ডে’ হিচাপে পালন কৰা হয় । গতিকে আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ বাবে এইটো এটা ভাল সুযোগ । গতিকে এই মুহূৰ্তটোক স্মৰণীয় কৰি তুলিবলৈ আপুনিও আপোনাৰ প্ৰিয়জনক এইসমূহ উপহাৰ দিয়াৰ পৰিকল্পনা কৰিব পাৰে ।

This Propose Day express your love to your loved one with these 5 gifts
এইবাৰ Propose Dayত প্ৰিয়জনক এই ৫টা উপহাৰেৰে প্ৰকাশ কৰক আপোনাৰ অনুভৱ

ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় দিন অৰ্থাৎ ৮ ফেব্ৰুৱাৰীৰ দিনটোত প্ৰপ’জ ডে হিচাপে উদযাপন কৰা হয় ৷ যিদিনা আপুনি আপোনাৰ ক্ৰাছ বা প্ৰিয়জনক আপোনাৰ প্ৰেম প্ৰকাশ কৰিব পাৰিব ৷ যদিও প্ৰস্তাৱটো ফুল আৰু আঙঠিৰে কৰা হৈছে, কিন্তু যদি আপুনি ইয়াক অলপ বিশেষ কৰি তুলিব বিচাৰে, তেন্তে আপুনিও কিছু উপহাৰৰ পৰিকল্পনা কৰিব পাৰে ৷ যিয়ে নিঃসন্দেহে সেই মুহূৰ্তটোক স্মৰণীয় কৰি তুলিব ৷

ফুলৰ থোপা

যদি আপুনি কাৰোবাৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ ওলাইছে, তেন্তে ফুলৰ থোপা এটাই এক উত্তম বিকল্প বুলি প্ৰমাণিত হ’ব ৷ গোলাপৰ ফুলৰ থোপা বা আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ সৈতে আপুনি তেওঁক প্ৰস্তাৱ দিব পাৰে ৷ কাৰোবাৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰাৰ এইটোৱেই আটাইতকৈ ৰোমান্টিক উপায় ৷

আঙুঠি

যদি আপুনি Propose Dayত বিবাহৰ বাবে প্ৰস্তাৱ দিবলৈ গৈ আছে, তেন্তে আপুনি তেওঁক এটা আঙুঠি উপহাৰ দিব পাৰে ৷ যদি বিচাৰে প্ৰিয়জনক হীৰা, সোণ বা প্লেটিনামৰ আঙুঠিৰ সহায়ত কোনোবা সুন্দৰ স্থানত আপুনি নিজৰ অনুভৱবোৰ অতি ৰোমান্টিক ষ্টাইলত প্ৰকাশ কৰিব পাৰে ৷ আপোনাৰ বাজেট অনুসৰি যিকোনো আঙঠি বাছি ল’ব পাৰে ৷

মেকআপৰ বস্তু

যদি আপুনি প্ৰপ’জ ডে’ত আপোনাৰ প্ৰেমিকা বা পত্নীক কিবা উপহাৰ দিব বিচাৰে, তেন্তে ইয়াৰ বাবে মেকআপৰ সামগ্ৰী একেবাৰে উপযুক্ত হ’ব ৷ প্ৰতিগৰাকী মহিলাই সাজ-সজ্জা কৰি ভাল পায় ৷ সেয়ে এইবাৰ প্ৰপ’জ ডে’ত আপুনি বজাৰৰ পৰা বা অনলাইন শ্বপিঙৰ জৰিয়তে সহজেই মেকআপৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷

কাপোৰ

প্ৰপ’জ ডে’ত যদি আপুনি যিজন ব্যক্তিক আপোনাৰ মৰম প্ৰকাশ কৰিবলৈ ওলাইছে তেওঁৰ পচন্দ-অপছন্দৰ কথা আপুনি হয়তো নিশ্চয় জানে এনে ক্ষেত্ৰত আপুনি তেওঁক কাপোৰ উপহাৰ হিচাপে দিব পাৰে ৷ ইয়াৰ বাবে তেওঁলোকৰ প্ৰিয় ৰঙৰ টি-চাৰ্ট, টপ, ব্লেজাৰ বা জিন্স আদি উপহাৰ দিব পাৰে ৷

ফটো ফ্ৰেম

ফটো উপহাৰ হিচাপে দিয়াটোও এটা ভাল বিকল্প ৷ এনে পৰিস্থিতিত প্ৰপ’জ ডে’ত আপোনাৰ ক্ৰাছ বা প্ৰেমক আপোনাৰ আৰু তেওঁৰ একেলগে থকা ফটোৰ ক’লাজ বা ফ্ৰেমযুক্ত ফটো দিব পাৰে ৷

লগতে পঢ়ক: Happy Propose Day 2023: আন কোনোবাই কৰাৰ আগতে এইকেইটা ট্ৰিকৰ সহায়ত আজিয়েই প্ৰস্তুত হওক প্ৰিয়জনক প্ৰস্তাৱ দিবলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.