ETV Bharat / bharat

ডিজিটেল উত্তৰণৰ পৰা AI লৈ- বিল গেটছৰে প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা - PM Modi meets Bill Gates

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 11:39 AM IST

PM Modi meets Bill Gates
DIGITAL DIVIDE IN INDIA

DIGITAL DIVIDE IN INDIA: শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত কোটিপতি বিনিয়োগকাৰী তথা মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছৰ সৈতে মত বিনিময় কৰে । যোৱা ২৮ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিছিল ফ্ৰী হুইলিং চেটৰ টিজাৰ ।

নিউজ ডেস্ক, 29 মাৰ্চ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত এক বাৰ্তালাপত মিলিত হয় । গেটছৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা ডিজিটেল পৰিশোধ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে এই বৈঠকত ।

প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছে ২০২৩ চনৰ জি-২০ সন্মিলনৰ ওপৰতো আলোচনা কৰিছিল । যোৱা বছৰ ভাৰতৰ সভাপতিত্বত সমাপ্ত হৈছিল এই সন্মিলন । "জি-২০ সন্মিলনৰ পূৰ্বে আমাৰ মাজত ব্যাপক আলোচনা হৈছিল আৰু আপুনি হয়তো দেখিছে, সন্মিলনৰ কাৰ্যক্ৰম যথেষ্ট পৰিৱৰ্তন লৈছিল । মই বিশ্বাস কৰো যে আমি এতিয়া জি-২০ৰ মূল উদ্দেশ্য আৰু বাকী উদ্দেশ্যৰ সৈতে একত্ৰিত হৈছো, যি তেওঁলোকক মূলসুঁতিলৈ আনিছে । মই আশা কৰো আপোনাৰ প্ৰত্যক্ষ অভিজ্ঞতাই এই অনুভূতি প্ৰতিধ্বনিত কৰিব ৷" প্ৰধানমন্ত্ৰী মোদীয়ে গেটছক কয় ।

প্ৰধানমন্ত্ৰী মোদীক উত্তৰ দি বিল গেটছে কয়, “জি-২০ বহুত বেছি অন্তৰ্ভুক্ত আৰু সেয়েহে ভাৰতে ইয়াক আয়োজন কৰাটো কল্পনাতীত । সঁচাকৈয়ে ডিজিটেল উদ্ভাৱনৰ দৰে কথাবোৰ উত্থাপন কৰা হৈছে আৰু কেনেকৈ দক্ষিণ-দক্ষিণ সহযোগিতা কেৱল উত্তৰৰ সৈতে হোৱা আলোচনাতকৈ বহু বেছি হ’ব পাৰে । আপুনি ভাৰতত লাভ কৰা অতীতৰ ফলাফলৰ বাবে আমাৰ ফাউণ্ডেশ্যন ইমানেই উৎসাহিত যে আমি সেইটো আন বহু দেশলৈ লৈ যোৱাৰ চেষ্টাত অংশীদাৰ হ’ম ।"

ভাৰতৰ ডিজিটেল বিপ্লৱৰ লগতে ভাৰতৰ স্বাস্থ্য, কৃষি আৰু শিক্ষাখণ্ডৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ইণ্ডোনেছিয়াত জি-২০ সন্মিলনৰ সময়ত সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলে দেশত ডিজিটেল বিপ্লৱৰ বিষয়ে তেওঁলোকৰ কৌতূহল প্ৰকাশ কৰিছিল । মই তেওঁলোকক বুজাইছিলো যে আমি একচেটিয়া আধিপত্য প্ৰতিৰোধ কৰিবলৈ প্ৰযুক্তিক গণতান্ত্ৰিক কৰিছো । এয়া জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে ।"

"ইয়াত, ই ডিজিটেল চৰকাৰৰ দৰে । ভাৰতে কেৱল প্ৰযুক্তিৰ সৈতে খাপ খোৱাই নহয়, ই প্ৰকৃততে আগবাঢ়ি আছে ৷" বিল গেটছে প্ৰধানমন্ত্ৰী মোদীক উত্তৰ দিয়ে । বিল গেটছৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতত চলি থকা টিকাকৰণ অভিযানৰ কথা স্মৰণ কৰে ।

"প্ৰথমে মই জোৰ দিলো যে ভাইৰাছৰ বিৰুদ্ধে আমাৰ যুঁজত সকলোকে জড়িত কৰা হওক । এয়া 'ভাইৰাছ বনাম চৰকাৰ' নহয় বৰঞ্চ 'ভাইৰাছ বনাম জীৱন'ৰ যুঁজ । এয়া মোৰ প্ৰথম দৰ্শন আছিল । দ্বিতীয়তে মই মানুহৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিবলৈ আৰম্ভ কৰিলো । প্ৰথম দিনাৰ পৰাই মই ৰাজহুৱাভাৱে সকলো প্ৰট’কল মানি চলিছিলো । মই তেওঁলোকক ক’লোঁ ‘তালি বাজাও’, ‘থালি বাজাও’, ‘দিয়া জ্বালাও’ - আমাৰ দেশত এই কথাটোক উপহাস কৰা হৈছিল যদিও মই মানুহক আস্থাত ল’বলগীয়া হৈছিল ।" বিল গেটছক এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

"এবাৰ আত্মবিশ্বাস গঢ় লৈ উঠাত ই এক গণ আন্দোলনলৈ পৰিণত হ'ল । ভেকচিন গৱেষণাৰ খৰচৰ বাবে আৰ্থিক প্ৰত্যাহ্বান যথেষ্ট আছিল । মই প্ৰথমে ভেকচিন গ্ৰহণ কৰি মানুহৰ আত্মবিশ্বাস গঢ়ি তুলিছিলো । মোৰ ৯৫ বছৰীয়া মায়েও ভেকচিন গ্ৰহণ কৰিছিল ।" যেতিয়া মোৰ নতুন চৰকাৰ, মই সেই দিশৰ গৱেষণাত বহুত বিনিয়োগ কৰিব বিচাৰো (Cervical cancer)," প্ৰধানমন্ত্ৰীয়ে লগতে কয় ।

কেন্দ্রীয় চৰকাৰৰ আঁচনি ‘নামো ড্ৰ’ন দিদি’ সন্দৰ্ভতো বিল গেটছক জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । "যেতিয়া মই পৃথিৱীত ডিজিটেল বিভাজনৰ কথা শুনিছিলো, তেতিয়া মই ভাবিছিলো যে মই মোৰ দেশত তেনেকুৱা একো হ'বলৈ নিদিওঁ । ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিজৰ মাজতে এটা ডাঙৰ প্ৰয়োজনীয়তা । মহিলাসকল গ্ৰহণৰ বাবে অধিক আগ্ৰহী । নতুন প্ৰযুক্তি ভাৰতত মই আৰম্ভ কৰিছো, 'নামো ড্ৰোন দিদি' আঁচনি, এইটো অতি সফলতাৰে চলি আছে । আজিকালি তেওঁলোকৰ লগত মত বিনিময় কৰো, তেওঁলোক আনন্দিত হয় । তেওঁলোকে কয় যে তেওঁলোকে চাইকেল চলাব নাজানিছিল কিন্তু তেওঁলোক এতিয়া পাইলট আৰু ড্ৰোন উৰুৱাব পাৰে । মানসিকতা সলনি হৈছে ।"

প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছে প্ৰযুক্তি আৰু AI-ৰ ভূমিকা আৰু উপকাৰিতাৰ বিষয়েও আলোচনা কৰে । ২০২৩ চনৰ জি-২০ সন্মিলনৰ সময়ত AI কেনেদৰে ব্যৱহাৰ কৰা হৈছিল, কাশী তামিল সংগমম অনুষ্ঠানৰ সময়ত তেওঁৰ হিন্দী ভাষণ কেনেকৈ তামিললৈ অনুবাদ কৰা হৈছিল আৰু নামো এপত AI-ৰ ব্যৱহাৰৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে তেওঁক অৱগত কৰে ।

"ঐতিহাসিকভাৱে প্ৰথম আৰু দ্বিতীয় ঔদ্যোগিক বিপ্লৱৰ সময়ত আমি পিছ পৰি আছিলোঁ কাৰণ আমি এটা উপনিবেশ আছিলোঁ । এতিয়া চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ মাজত ডিজিটেল উপাদান ইয়াৰ মূলত আছে। মোৰ বিশ্বাস যে ভাৰতে এই ক্ষেত্ৰত বহুত লাভ কৰিব ।" এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

"AI বহুত গুৰুত্বপূৰ্ণ । কেতিয়াবা, মই ধেমালিতে কওঁ যে আমাৰ দেশত আমি আমাৰ মাকক 'আই' বুলি কওঁ । এতিয়া মই কওঁ যে সন্তান জন্ম হ'লে তেওঁ 'আই' বুলি কোৱাৰ লগতে AI শিশু অৱস্থাতে যথেষ্ট উন্নত হৈ পৰিছে ।" তেওঁ আৰু কয় ।

প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছে কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান আৰু ইয়াৰ লগত জড়িত বিপদৰ বিষয়ে ভাৰতে কেনেদৰে ব্যৱহাৰ কৰিব সেই বিষয়ে আলোচনা কৰে । "যদি আমি AI-ক যাদুকৰী আহিলা হিচাপে ব্যৱহাৰ কৰো, তেন্তে ইয়াৰ ফলত হয়তো এক ভয়াৱহ অন্যায়ৰ সৃষ্টি হ'ব । যদি এলাহৰ বাবে AI ৰ ওপৰত নিৰ্ভৰ কৰা হয় তেন্তে ই ভুল পথ । মোৰ ChatGPT ৰ সৈতে প্ৰতিযোগিতা হ'ব লাগে আৰু AI আগুৱাই যাবলৈ চেষ্টা কৰা উচিত ।"

"এইবোৰ AI-ৰ প্ৰাৰম্ভিক দিন, ই আপুনি কঠিন বুলি ভবা কামবোৰ কৰিব আৰু তাৰ পিছত ই এনেকুৱা কামত বিফল হ'ব যিটো আপুনি সহজ বুলি ভাবে । এনে লাগে যেন AI এটা বৃহৎ সুযোগ কিন্তু ইয়াৰ লগত কেইটামান প্ৰত্যাহ্বান আছে ।" বিল গেটছে উত্তৰ দিয়ে ।

AI-ৰ অপব্যৱহাৰৰ বিৰুদ্ধে মাত মাতি প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে, "যদি উপযুক্ত প্ৰশিক্ষণ অবিহনে কোনোবা এজনক ইমান ভাল বস্তু (AI) দিয়া হয়, তেন্তে ইয়াৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে...মই পৰামৰ্শ দিলোঁ যে আমি AI-generated content ত স্পষ্ট ৱাটাৰমাৰ্ক অন কৰি আৰম্ভ কৰিব লাগে । যাতে কোনো বিপথে পৰিচালিত নহয়...ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত যিকোনো ব্যক্তিয়ে deepfake ব্যৱহাৰ কৰিব পাৰে...Deepfake কন্টেন্ট AI-generated বুলি স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ...আমি কিছুমান কৰিবলগীয়া আৰু নলগীয়া দিশৰ বিষয়ে চিন্তা কৰিব লাগিব ।"

ভাৰতৰ নবীকৰণযোগ্য শক্তি আৰু পৰিৱেশ অনুকূল হোৱাৰ চহকী ইতিহাস কঢ়িয়াই লৈ ভাৰত কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকে আলোচনা কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "মই ক'বলৈ পাই সুখী যে ভাৰতে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে । আমি গ্ৰীণ হাইড্ৰ'জেনৰ ক্ষেত্ৰত উন্নতি কৰিব বিচাৰো । তামিলনাডুত মই হাইড্ৰ'জেন চালিত নাও মুকলি কৰিলোঁ । মই চিন্তা কৰি আছোঁ, এই নাওখন কাশী-অযোধ্যাত ৰাখিবলৈ, যাতে মোৰ স্বচ্ছ গংগা আন্দোলন শক্তিশালী হয় আৰু ই পৰিৱেশ সচেতন সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰে ।"

লগতে পঢ়ক: গণতন্ত্ৰ তথা নিৰাপত্তাৰ ওপৰত ডিপফেক দ্বিধাদ্বন্দ্বৰ প্ৰভাৱ - Deepfake Dilemma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.