ETV Bharat / bharat

এল কে আদৱানীক ভাৰতৰত্ন প্ৰদান - Bharat Ratna Award 2024

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 5:00 PM IST

এল কে আদৱানীক ভাৰতৰত্ন প্ৰদান
Bharat Ratna Award 2024

Bharat Ratna Award 2024: দিল্লীৰ বাসভৱনত ৯৬ বছৰীয়া প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক ভাৰতৰত্ন বঁটা প্ৰদান কৰে । বঁটা প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু উপস্থিত থাকে ।

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে দিল্লীৰ বাসভৱনত ৯৬ বছৰীয়া প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক ভাৰতৰত্ন বঁটা প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ উপস্থিতিত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হয় ।

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাক্তন বিজেপি নেতাগৰাকীক ভাৰতৰত্ন প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল । বিজেপিৰ লগতে দেশৰ প্ৰতি থকা নেতাগৰাকীৰ অৱদানক প্ৰশংসাও কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।

আদৱানীৰ ৰাজনৈতিক যাত্ৰাৰ বিষয়ে ক'বলৈ গ'লে, তেওঁ অটল বিহাৰী বাজপেয়ীৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য আছিল । অৱশ্যে, আদৱানীৰ অৱদান দল আৰু সমসাময়িক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ বাবে অনন্য ।

কাৰাচীৰ খ্ৰীষ্টান মিছনেৰী ছেইণ্ট পেট্ৰিক স্কুলত অধ্যয়ন কৰি থাকিও আৰ এছ এছ বাছনি কৰা, বিভাজনৰ পিচত পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা, সংগঠনটোত লাহে লাহে আগবাঢ়ি যোৱা, ১৯৯০ চনত তেওঁৰ ৰাম ৰথ যাত্ৰাৰ জৰিয়তে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা পৰিৱৰ্তন কৰা, স্বাধীন ভাৰতত সৰ্ববৃহৎ ৰাজহুৱা সংগ্ৰাম আৰু বিতৰ্ক আৰম্ভ কৰালৈকে, আদৱানীৰ ৰাজনৈতিক কেৰিয়াৰ অতি গুৰুত্বপূৰ্ণ ।

ইফালে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আৰু চৌধুৰী চৰণ সিং, কৃষি বিজ্ঞানী এম এছ স্বামীনাথন আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে । আটাইকেইগৰাকী বঁটাপ্ৰাপকৰ আত্মীয়সকলে ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰে ।

লগতে পঢ়ক :প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওসহ চাৰিগৰাকী ব্যক্তিক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান - Bharat Ratna Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.