ETV Bharat / bharat

যান-বাহন আইন ভংগ : কোন বিজেপি সাংসদৰ গাড়ীৰ বিৰুদ্ধে আৰক্ষীয়ে কাটিলে চালান ? - Traffic Rule Violation

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:05 PM IST

Challan against BJP MP Vehicle: পিতৃ সাংসদ ৷ তাকো শাসকীয় দলৰ ৷ সেয়েহে পিতৃৰ চৰকাৰী বাহন লৈ প্ৰমোদ বিহাৰত মত্ত পুত্ৰ ৷ আইন ভংগ কৰি ৰোষত পৰিল আৰক্ষীৰ ৷

Challan against BJP MP Vehicle
বিজেপি সাংসদৰ গাড়ীৰ বিৰুদ্ধে জৰিমণা (ETV Bharat)

নিউজ ডেস্ক, 25 মে’: ভি.আই.পি. সংস্কৃতি সমাপ্ত কৰিবলৈ বন্ধ কৰা হৈছিল ৰঙা লাইট আৰু হুটাৰ ৷ কিন্তু বহুতো নেতা আৰু তেওঁলোকৰ পৰিয়ালে এই লোভ এৰিবলৈ অক্ষম ৷ তেনে এজন বিজেপি সাংসদৰ পুত্ৰ উত্তৰাখণ্ডৰ ঋষিকেশৰ মুনিকিৰেটি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কৈলাশ গেট আৰক্ষী চকীৰ ওচৰত নিয়ম অমান্য কৰি আৰক্ষীৰ ৰোষত পৰে ৷ আৰক্ষীয়ে সাংসদজনৰ গাড়ীখনৰ বিৰুদ্ধে চালান কটাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

বিজেপি সাংসদৰ গাড়ীৰ বিৰুদ্ধে জৰিমনা (ETV Bharat)

উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ দেৱেন্দ্ৰ সিং ভোলেৰ স্ক’ৰপিঅ’ গাড়ীখনৰ বিৰুদ্ধে মুনিকিৰেটি আৰক্ষীয়ে যান-বাহনৰ নিয়ম ভংগ কৰাৰ বাবে জৰিমনা বিহে । উল্লেখ্য যে কানপুৰ দেহাটৰ সাংসদ দেৱেন্দ্ৰ সিঙৰ স্ক’ৰপিঅ’ গাড়ীখন কৈলাশ গেট আৰক্ষী চৌকিৰ ওচৰত উপস্থিত হৈছিল । সেই সময়ত উক্ত স্থানত যথেষ্ট যানজঁট হৈ আছিল ৷ সেয়েহে বিপৰীত দিশৰ পৰা স্ক’ৰপিঅ’খনে হুটাৰ বজাই যান-বাহনৰ নিয়ম ভংগ কৰিবলৈ আৰম্ভ কৰে ।

যাৰ ফলত বিপৰীত দিশৰ পৰা অহা যান-বাহনৰ চলাচলো বন্ধ হৈ পৰিছিল । এই ঘটনা কৈলাশ গেট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত ৰাজেন্দ্ৰ সিং ৰাৱটৰ চকুত পৰে আৰু তেওঁ সাংসদৰ গাড়ীখন ৰখায় । গাড়ীখনৰ ভিতৰত সাংসদগৰাকী নাছিল যদিও তেওঁৰ পুত্ৰসহ সাতজন লোকক দেখা গৈছিল । ইফালে আইন অমান্য কৰাৰ প্ৰসংগত প্ৰশ্ন কৰাত সাংসদ পুত্ৰই ক্ষমতা দেখুৱাই আৰক্ষী বিষয়াসকলকহে ভাবুকি দিয়ে ৷

ফলত বাহনখনৰ বিৰুদ্ধে চালান কাটি আদালতলৈ প্ৰেৰণ কৰে ৷ এই জৰিমনা পৰিহাৰ কৰিবলৈ সাংসদগৰাকীৰ পুত্ৰই উত্তৰাখণ্ডৰ বহু বিষয়াৰ সৈতে ফোনত কথা পাতি আৰক্ষী চকীখনৰ বিষয়াসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু সেয়া কামত নাহিল ৷ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ সিং ৰাৱাটে কয় যে যে সাংসদগৰাকী স্ক’ৰপিঅ’খনত নাছিল । স্ক’ৰপিঅ’খনৰ গ্লাছত সাংসদ বুলি লিখি থোৱাৰ লগতে গাড়ীখনত হুটাৰ লগাই থোৱা আছিল । যানজঁটৰ মাজত গাড়ীখনে হুটাৰ বজাই যান-বাহনৰ নিয়ম ভংগ কৰে । সেয়েহে, বাহনখনৰ চালান আদালতলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: দুখন বাহনৰ বিপৰীতে এটা পঞ্জীয়ন নম্বৰ, সমস্যাৰ সন্মুখীন ভুক্তভোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.