ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান - Order of the Druk Gyalpo

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:35 PM IST

Bhutan Highest civilian award to Modi
প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান

Order of the Druk Gyalpo: প্ৰধানমন্ত্ৰী মোদীলৈ আগবঢ়োৱা হৈছে ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অব্ দ্য ড্ৰুক গিয়ালপো’ ৷ প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰনেতা ৷

নিউজ ডেস্ক, 22 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ৷ ‘অৰ্ডাৰ অব্ দ্য ড্ৰুক গিয়ালপো’ সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰৰ শীৰ্ষ নেতাৰূপে চিহ্নিত হৈছে মোদী ৷ ভাৰত-ভূটানৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত অনবদ্য বৰঙণি আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে ৷ ভূটান আৰু দেশখনৰ নাগৰিকৰ প্ৰতি তেওঁৰ অবদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অৰ্পন কৰা হৈছে এই সন্মান ৷

চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰি এই সন্মান লাভৰ কথা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা এই সন্মান ১৪০ কোটি ভাৰতীয়ক উৎসৰ্গা কৰা বুলি তেওঁ সদৰী কৰে এক্সৰ পোষ্টটোত ৷ উল্লেখ্য যে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে ।

স্মৰ্তব্য যে, ২০২১ চনৰ ১৭ ডিচেম্বৰত ১১৪ সংখ্যক দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়তে ভূটানৰ ৰজাই এই সন্মানৰ বাবে ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীৰ নাম । শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰ দেশখন ভ্ৰমণৰ সময়ত এই সন্মান অৰ্পন কৰা হয় ৷ উল্লেখ্য, 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত নৰেন্দ্ৰ মোদীৰ এয়া তৃতীয়টো ভূটান ভ্ৰমণ ৷ ২০২১ চনত ভাৰতীয় দূতাবাসৰ এক বিবৃতিত কোৱা হৈছিল, অৰ্ডাৰ অব্ দ্য ড্ৰুক গিয়ালপো সন্মান জীৱনজোৰা কৃতিত্বৰ বাবে প্ৰদান কৰা হয় ৷ ই হৈছে ভূটানৰ সৰ্বোচ্চ সন্মান ৷

মন কৰিবলগীয়া যে ২০২০ চনত প্ৰধানমন্ত্ৰী মোদীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লিজিয়ন অব্ মেৰিট আৰু ২০১৯ চনত ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য অৰ্ডাৰ অব্ ছেইণ্ট এণ্ড্ৰিউ সন্মান প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে ভূটানত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.