ETV Bharat / bharat

ভাৰত মণ্ডপমত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ

author img

By ANI

Published : Feb 19, 2024, 9:30 AM IST

Updated : Feb 19, 2024, 10:47 AM IST

PM meets with CMs of BJP ruled states:দেওবাৰে দিল্লীৰ ভাৰত মণ্ডপমত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বৈঠকত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত থকা চৰকাৰখনে বিগত সময়খিনিত সাহসী আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ সাক্ষ্য বহন কৰে বুলি দাবী কৰে ।

CMs of BJP-ruled states
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ ভাৰত মণ্ডপমত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ “ৰাজ্যসমূহৰ বিকাশৰ গতি বৃদ্ধি আৰু অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিছে যাতে তেওঁ উন্নয়নৰ দুটা ইঞ্জিনৰ সহায় লৈ বিকশিত ভাৰত গঢ়ি তুলিব পাৰে । প্ৰধানমন্ত্ৰী মোদীয়ে X যোগে জনায় এই কথা ।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা চলা এই বৈঠকত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও । ইফালে, দেওবাৰে মোদীৰ নেতৃত্বত থকা চৰকাৰখনে বিগত সময়খিনিত সাহসী আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ সাক্ষ্য বহন কৰে বুলি দাবী কৰে ।

দেওবাৰে অত্যাধুনিক ভাৰত মণ্ডপমত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ সামৰণি দিৱসত দলীয় নেতা-সমৰ্থকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমাৰ চৰকাৰে যোৱা 10 বছৰে সাহসী আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ সাক্ষ্য হিচাপে থিয় দিছে ৷ যুগ যুগ ধৰি বাকী থকা কামবোৰ আমি সমাধান কৰিলো । অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি পাঁচ শতিকাৰ আগৰ এটা সপোন দিঠকত পৰিণত কৰিলো । দেশখন বিশেষকৈ জম্মু-কাশ্মীৰৰ পৰা প্ৰায় 7 টা দশকৰ পিচত 370 অনুচ্ছেদ আঁতৰোৱা হ’ল । লগতে স্বাধীনতাৰ পিচত আমাক ছয় দশক সময় লাগিল ‘ৰাজপথ’ৰ নাম সলনি কৰি ‘কৰ্তব্য পথ’ কৰিবলৈ । ‘এক ৰেংক, এক পেঞ্চন’ৰ দাবীও আমাৰ চৰকাৰে চাৰি দশকৰ পিছত পূৰণ কৰিলে ।"

সংসদ আৰু ৰাজ্যৰ বিধায়িনী দলত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লক্ষ্যৰে প্ৰণয়ন কৰা আইন ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ তাৎপৰ্য বিস্তাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমি এনে এখন আইন আনিছো যিয়ে সংসদত মহিলাৰ বাবে অধিক সংৰক্ষণৰ নিশ্চয়তা প্ৰদান কৰে ৷ তিনি তালাকৰ প্ৰথা (মুছলমানৰ মাজত)ৰ অন্ত পেলোৱা আইন এখন ৰূপায়ণৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে সাহস দেখুৱালে আৰু দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰিলে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, " আমাৰ চৰকাৰৰ বিগত 10 বছৰৰ বৈপ্লৱিক পৰিৱৰ্তনৰ সাক্ষী হোৱাটো বিজেপি কৰ্মীসকলৰ বাবে সৌভাগ্যৰ কথা । যিকোনো দেশেই আগবাঢ়ি যাব পাৰে আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে যেতিয়া জনসাধাৰণে নিজৰ ঐতিহ্যক কেৱল আঁকোৱালি লোৱাই নহয়, গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈও আগবাঢ়ি আহে । "

ইয়াৰ পূৰ্বে শনিবাৰে ৰাষ্ট্ৰীয় অধিৱেশনৰ উদ্বোধনী দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ অধীনত কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এৰ সাফল্যৰ ওপৰত আলোকপাত কৰি বিজেপিয়ে ‘বিকশিত ভাৰত’ শীৰ্ষক এক উল্লেখযোগ্য ৰাজনৈতিক প্ৰস্তাৱ গৃহীত কৰে । ইয়াত লগতে বিজেপিয়ে তৃতীয়বাৰৰ বাবে নেতৃত্বলৈ আহি সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ বাবে ৰোডমেপ আগবঢ়াই নিয়া সন্দৰ্ভতো আলোচনা কৰে ।

লগতে পঢ়ক: আজিৰে পৰা বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক

Last Updated : Feb 19, 2024, 10:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.