ETV Bharat / bharat

দিল্লীত সপ্তম সংখ্যক ’পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী

author img

By ANI

Published : Jan 29, 2024, 1:17 PM IST

Pariksha Pe Charcha 2024: দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈছে সপ্তম সংখ্যক 'পৰীক্ষা পে চৰ্চা' কাৰ্যসূচী ৷ এই অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে ভাৰত মণ্ডপত তেওঁলোকে প্ৰদৰ্শনৰ বাবে ৰখা উদ্ভাৱনসমূহ প্ৰত্যক্ষ কৰে । ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্য গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচীৰ ৷

PM Modi interacts with students ahead of Pariksha Pe Charcha address
PM Modi interacts with students ahead of Pariksha Pe Charcha address

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: সোমবাৰে দিল্লীৰ প্ৰগতি ময়দানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সপ্তম সংখ্যক 'পৰীক্ষা পে চৰ্চা' কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠান আৰম্ভ হোৱাৰ পূর্বে ছাত্র-ছাত্রীৰ সৈতে মত বিনিময় কৰে প্রধানমন্ত্রীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে ভাৰত মণ্ডপত তেওঁলোকে প্ৰদৰ্শনৰ বাবে ৰখা উদ্ভাৱনসমূহ প্ৰত্যক্ষ কৰে ।

পৰীক্ষাৰ বাবে শিক্ষাৰ্থীৰ মনত সৃষ্টি হোৱা মানসিক চাপ দূৰ কৰাই হ’ল এই ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ মূল উদ্দেশ্য । ইয়াৰ পূৰ্বে দেওবাৰে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আৰম্ভ হোৱা 'পৰীক্ষা পে চৰ্চা' সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰে, য’ত সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলেও তেওঁৰ সৈতে মত বিনিময় কৰে ।

সংবাদ সংস্থাৰ সৈতে হোৱা কথা-বতৰাত ড৹ সৰকাৰে কয় যে শিক্ষা মন্ত্ৰণালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে যোৱা ছবছৰ ধৰি এই অনুষ্ঠানটো সফলতাৰে আয়োজন কৰি আহিছে । পিপিচিৰ প্ৰথম তিনিটা সংস্কৰণ নতুন দিল্লীত টাউন-হল ইন্টাৰেক্টিভ ফৰ্মেটত অনুষ্ঠিত হৈছিল । কোভিড-19 মহামাৰীৰ বাবে চতুৰ্থ সংস্কৰণটো দূৰদৰ্শন আৰু সকলো টিভি চেনেলত সম্প্ৰচাৰ হৈছিল ।

তেওঁ লগতে জনায় যে পিপিচিৰ পঞ্চম আৰু ষষ্ঠ সংস্কৰণ টাউন-হল ফৰ্মেটত নতুন দিল্লীৰ টলকটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হয় । যোৱা বছৰ (2023) প্ৰতিযোগিতাসমূহত প্ৰায় 31.24 লাখ ছাত্ৰ-ছাত্ৰী, 5.60 লাখ শিক্ষক আৰু 1.95 লাখ অভিভাৱকে অংশগ্ৰহণ কৰিছিল ।

তেওঁ লগতে কয় যে পৰীক্ষ পে চৰ্চাৰ সপ্তম সংস্কৰণত MYGov পৰ্টেলত 2.26 কোটিৰ ব্যাপক পঞ্জীয়ন ৰেকৰ্ড কৰা হৈছে । ড০ সৰকাৰে কয় যে এইবাৰ পৰীক্ষা পে চৰ্চা 29 জানুৱাৰীত, পুৱা 11 বজাৰ পৰা টাউন হল ফৰ্মেটত নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপৰ আই টি পি অ’ত অনুষ্ঠিত হৈছে । প্ৰায় 3000 অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰিছে ।

লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰত্যেকৰে পৰা দুগৰাকী ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী শিক্ষক আৰু কলা উৎসৱৰ বিজয়ীসকলক মূল অনুষ্ঠানৰ বাবে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে বুলিও তেওঁ জনায় । প্ৰধানমন্ত্ৰীয়ে লিখি উলিওৱা হিন্দী আৰু ইংৰাজী ভাষাৰ পৰীক্ষা যোদ্ধা শীৰ্ষক গ্ৰন্থখনেৰ লগতে বিশেষ পৰীক্ষা পে চৰ্চা কিট আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱাৰ লগতে পৰীক্ষাৰ সময়ত সন্তান তথা শিক্ষাৰ্থীৰ মানসিক চাপ পৰিচালনা কৰিবলৈ শিক্ষক আৰু অভিভাৱকে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে ।

লগতে পঢ়ক: দিল্লীৰ প্ৰগতি ময়দানৰ পৰা প্ৰধানমন্ত্ৰীৰ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠান LIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.