ETV Bharat / bharat

মধ্য প্ৰাচ্যৰ বৰ্ধিত সংঘাত সন্দৰ্ভত উদ্বেগ প্ৰকাশ মোদী-মেক্ৰ’নৰ

author img

By PTI

Published : Jan 27, 2024, 8:16 AM IST

Modi, Macron Sound Alarm on Widening Middle East Conflict: ভাৰতৰ 75 সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাৰতত উপস্থিত আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে বৃহস্পতিবাৰে এক বিলাসী ৰাজপ্ৰসাদত ব্যাপক আলোচনাত মিলিত হয় । হুথি বিদ্ৰোহী গোট, ইজৰাইল-পেলেষ্টাইন, ৰাছিয়া-ইউক্ৰেইনকে ধৰি মধ্য প্ৰাচ্যৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

মধ্য প্ৰাচ্যৰ বৰ্ধিত সংঘাত
মধ্য প্ৰাচ্যৰ বৰ্ধিত সংঘাত

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে লোহিত সাগৰকে ধৰি মধ্যপ্ৰাচ্যৰ সংঘাতৰ অধিক সম্প্ৰসাৰণৰ আশংকাক লৈ “গুৰুতৰ উদ্বেগ” প্ৰকাশ কৰিছে । শুকুৰবাৰৰ গভীৰ নিশা জাৰি কৰা এক যৌথ বিবৃতিত দুয়োগৰাকী নেতাই লোহিত সাগৰত যাতায়তৰ স্বাধীনতা বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে । বৃহস্পতিবাৰে বিলাসী ৰাজপ্ৰসাদত মোদী আৰু মেক্ৰ’নে ব্যাপক আলোচনাত মিলিত হয় । দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী ।

দুয়োগৰাকী নেতাই বিবৃতিটোত কয়, “লোহিত সাগৰকে ধৰি অঞ্চলটোত সংঘাতৰ অধিক সম্প্ৰসাৰণৰ আশংকা প্ৰকট হৈ পৰিছে ৷ যাৰ ফলত ইতিমধ্যে উল্লেখযোগ্য অৰ্থনৈতিক প্ৰভাৱ পৰিছে । গাজাত ইজৰাইলৰ সামৰিক আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে নৱেম্বৰৰ পৰাই হুথি বিদ্ৰোহী গোট লোহিত জাহাজত আক্ৰমণ চলাই আহিছে ।

বিবৃতিটোত মোদী আৰু মেক্ৰ’নে লোহিত সাগৰত যাতায়তৰ স্বাধীনতা বজাই ৰখা আৰু সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ সৰ্বোচ্চ গুৰুত্বৰ কথা উল্লেখ কৰে । মোদী আৰু মেক্ৰনে’ 7 অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে হোৱা সন্ত্ৰাসবাদী আক্ৰমণক “তীব্ৰ গৰিহণা” দিয়াৰ লগতে ইজৰাইলৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰে বুলিও কোৱা হৈছে ।

চলি থকা সংঘাতত অসামৰিক লোকৰ বিপুল ক্ষতি হোৱাক গৰিহণা দি মোদী আৰু মেক্ৰ’নে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কত গুৰুত্ব আৰোপ কৰে আৰু গাজা অঞ্চলৰ ক্ষতিগ্ৰস্ত জনসাধাৰণলৈ সাহায্য প্ৰবাহিত হ’ব পৰাকৈ মানৱীয় যুদ্ধবিৰতিকে ধৰি পৰিস্থিতি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিবৃতিযোগে দুয়োজন নেতাই সকলো পণবন্দীক তাৎক্ষণিক আৰু নিঃচৰ্ত মুক্তিৰ আহ্বান জনায় । দুয়োগৰাকী নেতাই পুনৰ দৃঢ়তাৰে কয় যে অঞ্চলটোত স্থায়ী শান্তি আৰু স্থিতিশীলতাৰ বাবে ইজৰাইল আৰু পেলেষ্টাইন জনসাধাৰণৰ বাবে দুখন ৰাষ্ট্ৰৰ সমাধানৰ দিশত আগবাঢ়ি যোৱা ৰাজনৈতিক প্ৰক্ৰিয়াৰ প্ৰয়োজন ।"

ইউক্ৰেইনৰ যুদ্ধ আৰু ইয়াৰ কৰুণ মানৱীয় পৰিণতিক লৈও মোডী আৰু মেক্ৰ’নে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ বিবৃতিটোত কোৱা হৈছে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ইউক্ৰেইনত এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দুয়োগৰাকী নেতাই বিশ্বব্যাপী বিপদৰ বিৰুদ্ধে উমৈহতীয়া যুঁজত একেলগে থিয় দিয়া সংকল্পৰ অংশীদাৰ ।

মোদী আৰু মেক্ৰ’নে আৰু এই কথাত একমত হয় যে সন্ত্ৰাসবাদী কাৰ্যক বিত্তীয় সাহায্য প্ৰদান কৰা, পৰিকল্পনা কৰা, সমৰ্থন কৰা বা সংঘটিত কৰাসকলক কোনো দেশেই নিৰাপদ আশ্ৰয় প্ৰদান কৰিব নালাগে । বিবৃতিটোত কোৱা হৈছে যে নেতাসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 1267 নিষেধাজ্ঞা সমিতিৰ তালিকাভুক্ত গোটৰ সৈতে জড়িত পদবী বা ব্যক্তিৰ জৰিয়তেও সকলো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একত্ৰিতভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ সংঘাতে প্ৰভাৱিত কৰিছে ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষাক; ইউএনএছচিত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.