আৰৱ সাগৰত ডুব মাৰি দ্বাৰকাত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
Narendra Modi in Gujarat: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়াকৈ নিজৰ গৃহৰাজ্য গুজৰাট ভ্ৰমণ কৰিছে, য’ত তেওঁ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে । আৰব সাগৰৰ উপকূলত স্কুবা ডাইভিং কৰি তেওঁ আনন্দিত হৈ পৰে ।


Published : February 25, 2024 at 5:27 PM IST
|Updated : February 26, 2024 at 6:04 AM IST
নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: গুজৰাটত আৰব সাগৰৰ পাঞ্চকুই উপকূলত স্কুবা ডাইভিং কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পানীত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটো এক “ঐশ্বৰিক অভিজ্ঞতা” ৷ সামাজিক মাধ্যম X ত টা পোষ্ট কৰি স্কুবা ড্ৰাইভিং অভিজ্ঞতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “পানীত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটো আছিল এক অতি ঐশ্বৰিক অভিজ্ঞতা । আধ্যাত্মিক ভৱিষ্যৎ আৰু কালজয়ী ভক্তিপূৰ্ণ এক প্ৰাচীন যুগৰ সৈতে জড়িত অনুভৱ কৰিলোঁ। ভগৱান শ্ৰী কৃষ্ণই আমাক সকলোকে আশীৰ্বাদ কৰক ।"
তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক সমাৱেশত ভাষণ দি কংগ্ৰেছক আক্ৰমণ কৰি কয় যে মাত্ৰ এটা পৰিয়ালৰ অগ্ৰগতি নিশ্চিত কৰিবলৈ কংগ্ৰেছৰ সমগ্ৰ শক্তি ব্যৱহাৰ কৰা হৈছে ।
কংগ্ৰেছৰ শাসনত আগতে সকলো ধৰণৰ কেলেংকাৰি সংঘটিত হৈছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় । ‘‘২০১৪ চনত যেতিয়া আপোনালোকে মোক দিল্লীলৈ পঠিয়াইছিল, তেতিয়া মই প্ৰতিশ্ৰুতি দিছিলো যে মই আৰু দেশখনত লুটপাত হ’বলৈ নিদিওঁ । কংগ্ৰেছৰ কাৰ্যকালত চলি থকা কেলেংকাৰী এতিয়া বন্ধ হৈ গৈছে । যোৱা ১০ বছৰত আমি ভাৰতক ৫ম বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিলোঁ ।’’ মোদীয়ে কয়।
"এটা পৰিয়ালক আগুৱাই নিবলৈ কংগ্ৰেছৰ সমগ্ৰ শক্তি ব্যৱহাৰ কৰা হৈছে । যদি সকলো কাম কেৱল এটা পৰিয়ালৰ বাবে হয়, তেন্তে দেশ গঢ়িবলৈ কেনেকৈ মনত পৰিব ? ইয়াৰ (কংগ্ৰেছ) সমগ্ৰ শক্তি কেন্দ্ৰীভূত আছিল পাঁচ বছৰ চৰকাৰ কেনেকৈ চলাব লাগে আৰু কেলেংকাৰি কেনেকৈ লুকুৱাব পাৰি সেই বিষয়ত ।’’ মোদীয়ে লগতে কয় ।
‘সুদৰ্শন সেতু’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ছবছৰ পূৰ্বে এই দলংখনৰ আধাৰশিলা স্থাপন কৰি দেওবাৰে উদ্বোধন কৰিছিল । তেওঁ লগতে কয় যে এয়া মোদীৰ নিশ্চয়তা । দ্বাৰকাৰ ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰত প্ৰাৰ্থনা কৰি মোদীয়ে দিনটোৰ আৰম্ভণি কৰে আৰু পিছত ‘সুদৰ্শন সেতু’ নামৰ চাৰিলেনযুক্ত কেবল ষ্টেড দলংখন উদ্বোধন কৰে, যিখন দলং এক অনন্য আৰ্হিত নিৰ্মাণ কৰা হৈছে, য’ত দুয়োফালে শ্ৰীমদ্ভাগৱত গীতাৰ পদ আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিচ্ছবিৰে সজ্জিত কৰা হৈছে ।
এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল উপস্থিত থাকে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়াসূচীৰে নিজৰ গৃহৰাজ্য গুজৰাট ভ্ৰমণ কৰে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ দ্বাৰকা ভ্ৰমণ, মুকলি বহু প্ৰত্যাশিত সুদৰ্শন সেতু

