বাবৰৰ যুগত হোৱা আঘাত চিলাই কৰা হ’ল : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Union home minister amit shah Reaction :‘‘ৰাম ভক্তৰ 500 বছৰীয়া অপেক্ষা অন্ত পৰিল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰি যুগান্তকাৰী কাম কৰিলে।’’ এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

By PTI
Published : January 24, 2024 at 10:23 AM IST
নিউজ ডেস্ক, 24 জানুৱাৰী : দেশ-বিদেশৰ ভক্তৰ উপস্থিতি ধৰ্মীয় ৰীতি নীতিৰে 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল ৷ সমগ্ৰ দেশতে আবতৰীয়া দীপাৱলীৰ সৃষ্টি হ’ল ৷ ইফালে মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত প্ৰায় 500 বছৰ আগতে মোগল শাসক বাবৰৰ যুগত সংঘটিত আঘাত চিলাই কৰা হৈছিল।
উল্লেখ্য যে, মঙলবাৰে গুজৰাটৰ আহমেদাবাদৰ ৰাণীপ অঞ্চলত নতুনকৈ পুনৰ নিৰ্মাণ কৰা ৰামজী মন্দিৰত ‘পুনৰ প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত ভাষণ দি কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰি যুগান্তকাৰী কাম কৰিলে । সমগ্ৰ বিশ্বতে ভগৱান ৰামৰ ভক্তসকলে যোৱা 500 বছৰ ধৰি এই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল । তেওঁলোকে সুধি আছিল যে ভগৱান ৰামক সেই তম্বুৰ পৰা কেতিয়া এটা বিশাল মন্দিৰলৈ স্থানান্তৰ কৰা হ'ব ।’’
তেওঁ লগতে কয়, ‘‘2014 চনৰ আগৰ চৰকাৰসমূহে দেশৰ সংস্কৃতি, ধৰ্ম আৰু ভাষাক সন্মান কৰিবলৈ ভয় কৰিছিল । মোগল সম্ৰাট ঔৰংগজেৱে কাশী বিশ্বনাথ মন্দিৰ ধ্বংস কৰিছিল । ইমান বছৰৰ পিছত, প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক পুনৰ নিৰ্মাণ কৰিছিল আৰু তাত এটা কৰিডৰ নিৰ্মাণ কৰিছিল ৷ বাবৰে অযোধ্যাৰ ৰাম মন্দিৰ ধ্বংস কৰিছিল । এতিয়া, তাত এটা ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে জয় শ্ৰী ৰামৰ শ্লোগানৰ মাজেৰে 'প্ৰাণ প্ৰতিষ্ঠা কৰিলে ৷’’
আনহাতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাচত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিলে, ‘‘ আজি ৰাম অযোধ্যালৈ আহিল ৷ ৰাম এতিয়া তম্বুৰ তলত থাকিব নালাগে ৷’’
লগতে পঢ়ক : 5 বছৰ পিছত ভাৰতৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব: অমিত শ্বাহ

