ETV Bharat / bharat

5 বছৰ পিছত ভাৰতৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব: অমিত শ্বাহ

author img

By ANI

Published : Jan 23, 2024, 3:43 PM IST

ভাৰতৰ ন্যায় ব্যৱস্থা সন্দৰ্ভত অমিত শ্বাহ
ভাৰতৰ ন্যায় ব্যৱস্থা সন্দৰ্ভত অমিত শ্বাহ

Amit Shah on Indias criminal system : যদি এখন চৰকাৰ ৫০ বছৰ শাসনত থাকি ৫-৬ টাহে পৰিৱৰ্তন কৰিব পাৰে, কিন্তু মাত্ৰ ১০ বছৰত আমি প্ৰতিটো ক্ষেত্ৰতে ৫০ টাতকৈ অধিক পৰিৱৰ্তন কৰিছো । ৫ বছৰৰ পিছত দেশখনে প্ৰতিবছৰে ৯,০০০ তকৈও অধিক বৈজ্ঞানিক বিষয়া আৰু ফৰেনচিক বিজ্ঞান বিশেষজ্ঞ লাভ কৰিব । কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় ।

নিউজ ডেস্ক, ২৩ জানুৱাৰী : তিনিখন নতুন অপৰাধী আইনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কয় যে ৫ বছৰ পিচত ভাৰতৰ অপৰাধী ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব ।

অমিত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (এনএফএছইউ) পঞ্চম আন্তঃৰাষ্ট্ৰীয় আৰু ৪৪ সংখ্যক সৰ্বভাৰতীয় ক্ৰিমিন'লজী সন্মিলনত ভাষণ দি কয় যে এই উদ্বোধন এনে এক সময়ত হৈ আছে, যেতিয়া ভাৰতৰ অপৰাধী ন্যায় ব্যৱস্থাই এক নতুন যুগত প্ৰৱেশ কৰিছে ।

"আইপিচি, চিআৰপিচি আৰু প্ৰমাণ আইন বাতিল কৰা হৈছে আৰু নতুন আইন প্ৰৱৰ্তন কৰা হৈছে । মই এই আইনবোৰ পৰিচালনা কৰি আছো আৰু অতি সাহসেৰে আমি সিদ্ধান্ত লৈছো যে আমি 7 বছৰ বা তাতকৈ অধিক সময়ৰ শাস্তিৰ সৈতে গোচৰৰ বাবে প্ৰতিটো অপৰাধস্থলীত ফৰেনচিক বিজ্ঞান বিষয়াসকল উপস্থিত হোৱাটো বাধ্যতামূলক কৰিছো । ই তদন্ত সহজ কৰি তুলিব, বিচাৰকসকলৰ কামো সহজ হ'ব । ইয়াৰ লগতে আমি সমগ্ৰ প্ৰক্ৰিয়াটোৰ আধুনিকীকৰণৰ চেষ্টা কৰি আছো । এই মুহূৰ্তত ইয়াৰ বাবে ৫ বছৰ লাগিব, কাৰণ ইয়াৰ বিভিন্ন স্তৰ আছে । কিন্তু ৫ বছৰৰ পিছত ভাৰতৰ অপৰাধী ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব ।" তেওঁ কয় ।

তেওঁ লগতে কয়, "যদি এখন চৰকাৰ ৫০ বছৰ শাসনত থাকি ৫-৬ টাহে পৰিৱৰ্তন কৰিব পাৰে, কিন্তু মাত্ৰ ১০ বছৰত আমি প্ৰতিটো ক্ষেত্ৰতে ৫০ টাতকৈ অধিক পৰিৱৰ্তন কৰিছোঁ ।" কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ৫ বছৰৰ পিছত দেশখনে প্ৰতিবছৰে ৯,০০০ তকৈও অধিক বৈজ্ঞানিক বিষয়া আৰু ফৰেনচিক বিজ্ঞান বিশেষজ্ঞ লাভ কৰিব ।

"আমাৰ চৰকাৰে ৪০ বছৰৰ পিছত নতুন শিক্ষা নীতি আনিছে । মই ক'ব পাৰোঁ যে এই শিক্ষা নীতি সম্পূৰ্ণৰূপে ভাৰতৰ ওপৰত আধাৰিত । কিন্তু ই আমাৰ শিশুসকলক বিশ্ব পৰ্যায়তো বিশিষ্ট কৰি তুলিব । 5 বছৰৰ পিছত দেশখনে প্ৰতিবছৰে 9,000 ৰো অধিক বৈজ্ঞানিক বিষয়া আৰু ফৰেনচিক বিজ্ঞান বিশেষজ্ঞ লাভ কৰিব । ইয়াৰ বাবে আমি আগতীয়াকৈ এনে ব্যৱস্থা কৰিছোঁ । অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত আচৰণ বিজ্ঞানে কঠোৰ প্ৰশাসনৰ দৰেই ভূমিকা পালন কৰে ।" তেওঁ দৃঢ়তাৰে কয় ।

ইয়াৰ উপৰি অমিত শ্বাহে লগতে কয় যে চৰকাৰে পাহাৰত অৱস্থিত দেশৰ আৰক্ষী থানাসমূহৰ বাবে এটা কাৰিকৰী সমাধান বিচাৰি উলিয়াইছে । "আমি পাহাৰত অৱস্থিত দেশৰ আৰক্ষী থানাসমূহৰ বাবে এটা কাৰিকৰী সমাধানো বিচাৰি আছো । 7 খন আৰক্ষী থানাৰ বাহিৰে দেশৰ প্ৰতিখন আৰক্ষী থানা কম্পিউটাৰৰ সৈতে সংযোগ কৰা হৈছে আৰু ডাটাবেছৰ সৈতে সংযোগ কৰা হৈছে । ই-আদালতত 15 কোটিতকৈও অধিক তথ্য অনলাইনত প্ৰবৃষ্ট কৰা হৈছে আৰু এয়া ভাৰতৰ সকলো ভাষাতে হৈছে । আমি ই-কাৰাগাৰৰ জৰিয়তে প্ৰায় 2 কোটি বন্দীৰ তথ্য লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছো । আমি অনলাইন তথ্যত বিগত ৩ বছৰ ধৰি ই-ফৰেনচিকৰ ১৯ লাখ ফলাফল উপলব্ধ কৰিছোঁ ।" তেওঁ লগতে কয় ।

অমিত শ্বাহে লগতে কয় যে ন্যায়িক প্ৰক্ৰিয়াত যিমানেই অংশীদাৰ নহওক কিয়, আমি ফৰেনচিক বিজ্ঞানক সেইবোৰৰ সৈতে একত্ৰিত নকৰিলে কোনো লাভ নহ'ব । "স্বাধীনতাৰ সময়ত বহু লোকে কৈছিল যে ব্ৰিটিছ অবিহনে ভাৰতে কেনেকৈ জীয়াই থাকিব পাৰিব । এইটো বিশ্বত এটা ডাঙৰ ভয় আছিল । কিন্তু ৭৫ বছৰত আমি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হৈ পৰিছোঁ আৰু আমাৰ গণতন্ত্ৰৰ ভেটি বহু গভীৰ । 15 আগষ্ট, 2047 চনত যেতিয়া দেশে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব, সেই সময়ত ভাৰত জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সৰ্বোচ্চ হ'ব । এয়া হৈছে ১৪০ কোটি ভাৰতীয়ৰ দৃষ্টিভংগী আৰু ই দেশৰ ভৱিষ্যতক পথ প্ৰদৰ্শন কৰি আছে ।" অমিত শ্বাহে দৃঢ়তাৰে কয় ।

"মই এই তিনিখন নতুন আইনৰ সন্মুখত কিছুমান প্ৰত্যাহ্বান দেখিছোঁ, যেনে আৰক্ষীৰ মৌলিক নীতি বজাই ৰাখি প্ৰযুক্তিৰে সজ্জিত আধুনিক আৰক্ষী বাহিনী হোৱাটো । প্ৰযুক্তিৰ ব্যৱহাৰৰ সৈতে মানুহৰ উপস্থিতিৰ গুৰুত্ব হ্ৰাস হ'বলৈ নিদিব । হাইব্ৰিড আৰু বহু-মাত্ৰিক ভাবুকি চিনাক্ত কৰা আৰু ব্যৱস্থাটো সুৰক্ষিত কৰাৰ বাবে এটা নেটৱৰ্ক সৃষ্টি কৰাও ইয়াৰ ভিতৰত এটা বিষয় ।" কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক :"উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ শিক্ষাৰ্থীসকলক দাস কৰাৰ প্ৰচেষ্টা কৰা হৈছে": ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.