ETV Bharat / bharat

ভাৰতৰ প্ৰথমটো গ্ল’বেল অটোমোবিলিটি এক্সপ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 7:42 AM IST

PM in Bharat Mobility Global Expo : ভাৰত মণ্ডপামত আয়োজিত ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ত অংশগ্ৰহণ কৰিব ৫০খনতকৈও অধিক দেশে । এই সময়ছোৱাত ১০০০ৰো অধিক ব্ৰেণ্ডে নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিব ।

PM in Bharat Mobility Global Expo
গ্ল’বেল অটোমোবিলিটি এক্সপ’

নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতৰ প্ৰথমটো গ্ল’বেল অটোমোবিলিটি এক্সপ’ ৷ ৩ ফেব্ৰুৱাৰীলৈ চলিব এই এক্সপ’ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ শুকুৰবাৰে (২ ফেব্ৰুৱাৰী) ভাৰত মাণ্ডপামত দেশৰ সৰ্ববৃহৎ আৰু প্ৰথমটো ‘ভাৰত অটোমোবিলিটি গ্ল’বেল এক্সপ’ ২০২৪’ত ভাষণ প্ৰদান কৰিব ।

প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি এই অনুষ্ঠানত সমগ্ৰ পৰিবহণ-সংযোগ আৰু মটৰ-বাহন উদ্যোগৰ মূল্য শৃংখলত ভাৰতৰ সামৰ্থতা প্ৰদৰ্শন কৰা হ’ব । ভাৰত অটোমোবিলিটি গ্ল’বেল এক্সপ’ত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন আৰু গ’-কাৰ্টিঙৰ দৰে জনকেন্দ্ৰিক আকৰ্ষণ আদিও অন্তৰ্ভূক্ত হ’ব বুলি জানিব পৰা গৈছে ।

৫০খনতকৈও অধিক দেশৰ ৮০০ৰো অধিক প্ৰদৰ্শকৰ সৈতে এই এক্সপ’ত অত্যাধুনিক প্ৰযুক্তি, বহনক্ষম সমাধান আৰু নতুন পৰিবহণ প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । বিবৃতিটোত উল্লেখ কৰা অনুসৰি, ৬০০ৰো অধিক অটো কম্পোনেণ্ট নিৰ্মাতাৰ উপৰিও ২৮ টাতকৈও অধিক বাহন নিৰ্মাতাই এই এক্সপ’ত অংশগ্ৰহণ কৰিব । ১৩ খনতকৈও অধিক বিশ্ব বজাৰৰ ১০০০ৰো অধিক ব্ৰেণ্ডে এই অনুষ্ঠানত নিজৰ সম্পূৰ্ণ পৰিসৰৰ সামগ্ৰী, প্ৰযুক্তি আৰু সেৱা প্ৰদৰ্শন কৰিব ।

বিবৃতিটোত উল্লেখ আছে যে প্ৰদৰ্শনী আৰু সন্মিলনৰ লগতে ৰাজ্যসমূহৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দুয়োটা পৰ্যায়তে সহযোগিতা স্থাপন কৰিবলৈ আঞ্চলিক অৱদান আৰু পদক্ষেপসমূহ প্ৰদৰ্শন কৰিবলৈ অধিৱেশনো আয়োজিত হ’ব ৷ যাতে পৰিবহণ-সংযোগ সমাধানৰ বাবে কাম কৰিব পৰা যায় ।

এই এক্সপ’ত বহু কোম্পানীয়ে নিজৰ নতুন মডেল আৰু ইলেক্ট্ৰিক বাহন উন্মোচন কৰিবলৈ আগবাঢ়িছে । জানিব পৰা মতে, আজি প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা অটোমোবাইল কোম্পানীসমূহে তেওঁলোকৰ ইলেক্ট্ৰিক, হাইব্ৰিড, চিএনজি আৰু বায়’-ফুৱেল বাহনসমূহ প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব চম্পাই সোৰেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.