ETV Bharat / bharat

ৱাকফ বিধেয়কৰ বিৰুদ্ধে ছুপ্রিম কোৰ্টত আবেদন; সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান

ৱাকফ সংশোধনী বিধেয়কৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন ।

Plea against Waqf Bill
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 7:54 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ৱাকফ সংশোধনী বিধেয়কৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান । আম আদমি পাৰ্টীৰ বিধায়ক আমানতুল্লাহ খানে ৱাকফ সংশোধনী বিধেয়ক, 2025ক প্ৰত্যাহ্বান জনাই দেশৰ শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আপ বিধায়কজন । নিজৰ আবেদনত তেওঁ শীৰ্ষ ন্যায়ালক অনুৰোধ জনাইছে যে ৱাকফ সংশোধনী বিধেয়কক অসাংবিধানিক ঘোষণা কৰি ইয়াক বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আবেদনখনত কোৱা হৈছে, "এই বিধেয়কখন সংবিধানৰ অনুচ্ছেদ 14, 15, 21, 25, 26, 29, 30 আৰু 300-ক অনুসৰি অন্তৰ্নিহিত মৌলিক অধিকাৰৰ উল্লংঘন । ই মুছলিমৰ ধৰ্মীয় আৰু সাংস্কৃতিক স্বাধীনতা হ্ৰাস কৰে, মইমতালিৰে কাৰ্যকৰী হস্তক্ষেপৰ অনুমতি দিয়ে আৰু নিজৰ ধৰ্মীয় তথা দাতব্য প্ৰতিষ্ঠানসমূহৰ পৰিচালনা কৰিবলৈ সংখ্যালঘুসকলৰ অধিকাৰক দুৰ্বল কৰে ।"

আনহাতে, কংগ্ৰেছ সাংসদ মহম্মদ জাৱেদ আৰু এ আই এম আই এমৰ অধ্যক্ষ আছাদুদ্দিন ওৱাইচীয়েও ৱাকফ সংশোধনী বিধেয়ক, 2025 ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱাৰ বাবে শুকুৰবাৰে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছে । তেওঁলোকৰ দাবী যে এই বিধেয়কে সাংবিধানিক ব্যৱস্থাৰ উলংঘন কৰে ।

জাৱেদৰ আবেদনখনত অভিযোগ কৰা হৈছে যে বিধেয়কখনে ৱাকফ সম্পত্তি আৰু তাৰ পৰিচালনাৰ ক্ষেত্ৰত অকৰ্তত্বশীলভাৱে নিষেধাজ্ঞা আৰোপ কৰে । যাৰ ফলত মুছলমান সম্প্ৰদায়ৰ ধর্মীয় স্বাধীনতা দুৰ্বল হৈ পৰিব ।

অধিবক্তা অনছ তনবীৰৰ জৰিয়তে দাখিল কৰা আবেদনত কোৱা হৈছে যে প্ৰস্তাৱিত আইনখনে মুছলিম সম্প্ৰদায়ৰ সৈতে বৈষম্যৰ সৃষ্টি কৰে । কাৰণ ইয়াত এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে যি অন্য ধৰ্মীয় ব্যৱস্থাৰ প্ৰশাসনত সেইবোৰ নাই ।

উল্লেখ্য যে, ৱাকফ সংশোধনী বিধেয়ক সংসদৰ দুয়োখন সদনতে গৃহীত হয় । ৰাজ্যসভাত ১২৮ জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে । আনহাতে, ইয়াৰ বিৰোধিতা কৰে ৯৫ জনে । আনহাতে, লোকসভাত ২৮৮ জন সদস্যই ইয়াৰ সমৰ্থন কৰাৰ বিপৰীতে ২৩২ জন সাংসদে বিৰোধিতা কৰে ।

লগতে পঢ়ক :ৱাকফ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ; মছজিদত ক'লা বেজ পৰিধান কৰা ২৪ লোকলৈ জাননী জাৰি - NOTICE TO WAQF BILL PROTESTER
লগতে পঢ়ক :ৱাকফ সংশোধনী বিধেয়কক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত সাংসদ ওৱেইচি - WAQF AMENDMENT BILL 2025