মুজাফ্ফৰনগৰ : ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে প্ৰায় ২৪ জন লোকলৈ জাননী জাৰি । উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ মহানগৰ দণ্ডাধীশে তেওঁলোক প্ৰত্যেককে ২ লাখ টকাৰ বণ্ড প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, ২৮ মাৰ্চত ৰমজানৰ অন্তিম শুকুৰবাৰৰ নমাজৰ সময়ত বিভিন্ন মছজিদত তেওঁলোকে বাহুত ক'লা বেজ পিন্ধি ৱাকফ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছিল ।
আৰক্ষী অধীক্ষক (মহানগৰ) সত্যনাৰায়ণ প্ৰজাপতে শনিবাৰে কয় যে এই সন্দৰ্ভত ২৪ জন লোকলৈ জাননী প্ৰদান কৰা হৈছে । তেওঁ লগতে কয় যে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰু অধিক লোকক চিনাক্ত কৰিছে । সংবাদ সংস্থা পি টি আইৰ সূত্ৰত এই কথা প্ৰকাশ ।

আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মহানগৰ দণ্ডাধীশ বিকাশ কাশ্যপে এই জাননী জাৰি কৰে । জাননীত তেওঁলোকক ১৬ এপ্ৰিলত আদালতত হাজিৰ হোৱাৰ পিছত প্ৰতিগৰাকীকে দুই লাখ টকাৰ বণ্ড দাখিল কৰিবলৈ কোৱা হৈছে ।
আনহাতে, যিসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিছে তেওঁলোকে কয় যে তেওঁলোকে কেৱল গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ক'লা বেজ পৰিধান কৰিছিল । উল্লেখ্য যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৃহস্পতিবাৰে ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন কৰি দাবী কৰে যে আইনখন মুছলমানসকলৰ বিৰুদ্ধে নহয় বা তেওঁলোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ উদ্দেশ্যেও নহয় । ইয়াৰ বিপৰীতে ৱাকফ সম্পত্তিৰ কাৰ্যব্যৱস্থা উন্নত কৰা, জটিলতা সমাধান কৰা, স্বচ্ছতা নিশ্চিত কৰা আৰু প্ৰযুক্তিচালিত ব্যৱস্থাপনা প্ৰৱৰ্তন কৰাহে ইয়াৰ উদ্দেশ্য ।
প্ৰায় ১২ ঘণ্টাৰ বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে পুৱতিনিশা লোকসভাই বিধেয়কখন ২৮৮/২৩২ টা ভোটত গৃহীত কৰে আৰু ৰাজ্যসভাই ১৩ ঘণ্টাতকৈও অধিক সময়ৰ বিতৰ্কৰ পিছত আইনখনত সন্মতি প্ৰদান কৰে । ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে ১২৮ জন সদস্যই ভোটদানৰ বিপৰীতে ৯৫ জনে ইয়াৰ বিৰোধিতা কৰে ।