ETV Bharat / bharat

ৱাকফ সংশোধনী বিধেয়কক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত সাংসদ ওৱেইচি - WAQF AMENDMENT BILL 2025

শুকুৰবাৰে পুৱতি নিশা ৰাজ্যসভাই তীব্ৰ বিতৰ্কৰ অন্তত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰা হয় ।

WAQF AMENDMENT BILL 2025
সাংসদ আছাদুদ্দিন ওৱেইচি (ANI Photo)
author img

By ANI

Published : April 4, 2025 at 11:17 PM IST

3 Min Read

নতুন দিল্লী: ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ ক প্ৰত্যাহ্বান জনাই শুকুৰবাৰে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এ আই এম আই এম) ৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।

লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে গৃহীত হোৱা এই বিধেয়কখন এতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতিৰ বাবে অপেক্ষা কৰি আছে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মতি পোৱা মাত্ৰকে ই পৰিণত হ’ব আইনত । ইয়াৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছ নেতা মহম্মদ জাৱেদেও উচ্চতম ন্যায়ালয়ত বিধেয়কখনক প্ৰত্যাহ্বান জনায় ।

ওৱেইছিয়ে তেওঁৰ আবেদনত কয় যে, সংশোধিত বিধেয়কখনে ৱাকফ আৰু তেওঁলোকৰ নিয়ন্ত্ৰণ কাঠামোক প্ৰদান কৰা বিধিগত সুৰক্ষাসমূহ “অপ্ৰত্যাৱৰ্তনীয়ভাৱে পাতল” কৰাৰ লগতে অন্যান্য অংশীদাৰ আৰু স্বাৰ্থজড়িত গোটসমূহক অযথা সুবিধা প্ৰদান কৰে ৷ যিয়ে বছৰ বছৰ ধৰি চলি অহা অগ্ৰগতিৰ ক্ষতি কৰে আৰু ৱাকফ পৰিচালনাক কেইবা দশক পিছুৱাই নিয়ে ।

WAQF AMENDMENT BILL 2025
উচ্চতম ন্যায়ালয় (ANI Photo)

"সংশোধনী বিধেয়কখনে ৱাকফসকলৰ পৰা বিভিন্ন সুৰক্ষাও কাঢ়ি লৈছে, যিবোৰ ৱাকফৰ লগতে হিন্দু, জৈন আৰু শিখসকল আৰু দাতব্য এনডাউমেণ্টক একেদৰেই প্ৰদান কৰা হৈছিল । অন্য ধৰ্মৰ ধৰ্মীয় আৰু দাতব্য এনডাউমেণ্টৰ বাবে ৰখাৰ লগতে ৱাকফসকলক দিয়া সুৰক্ষাৰ এই হ্ৰাসে মুছলমানৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ বৈষম্য গঠন কৰে আৰু সংবিধানৰ ১৪ আৰু ১৫ নং অনুচ্ছেদ উলংঘা কৰে, যিয়ে ধৰ্মৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰাটোক বুজায়’’ - আবেদনখনত এনেদৰে উল্লেখ কৰা হৈছে ।

‘‘আমাৰ সাংবিধানিক ন্যায়বিজ্ঞানত দৃঢ়ভাৱে শিপাই থকা অধিকাৰৰ অ-পশ্চাদপসৰণৰ মতবাদৰ প্ৰতিও সংশোধনীসমূহ ঘৃণনীয়’’ বুলিও আবেদনখনত লগতে কোৱা হৈছে ৷

আবেদনখনত আৰু কোৱা হৈছে যে, ‘‘এই সংশোধনীসমূহে সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব হ্ৰাস কৰে আৰু বাহ্যিক আৰু কাৰ্যবাহী হস্তক্ষেপৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি কৰে ৷ যাৰ ফলত এই ব’ৰ্ডসমূহৰ গণতান্ত্ৰিক কাৰ্য্যকলাপ আৰু অধিক ক্ষতিগ্ৰস্ত হয় আৰু মুছলমানসকলৰ ৱাকফ সম্পত্তিৰ ওপৰত স্ব-শাসনৰ অধিকাৰ ক্ষতিগ্ৰস্ত হয়’’ ।

শুকুৰবাৰে পুৱতি নিশা ৰাজ্যসভাই তীব্ৰ বিতৰ্কৰ অন্তত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰা হয় ।

বুধবাৰে ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত আলোচনাত মিলিত হোৱা লোকসভাই মাৰাথন বিতৰ্কৰ অন্তত মাজনিশাৰ পাছত ইয়াক গৃহীত কৰে ।

যোৱা বছৰৰ আগষ্ট মাহত উত্থাপন কৰা আইনখন পৰীক্ষা কৰা যুটীয়া সংসদীয় সমিতিৰ পৰামৰ্শসমূহ সন্নিৱিষ্ট কৰি সংশোধিত বিধেয়কখন উত্থাপন কৰে চৰকাৰে । এই বিধেয়কখনে ১৯৯৫ চনৰ আইনখন সংশোধন কৰি ভাৰতত ৱাকফৰ সম্পত্তিৰ প্ৰশাসন আৰু পৰিচালনাৰ উন্নতি সাধন কৰিব বিচাৰিছে ৷

বিধেয়কখনৰ লক্ষ্য হৈছে পূৰ্বৰ আইনখনৰ অভাৱসমূহ দূৰ কৰি ৱাকফ ব’ৰ্ডৰ দক্ষতা বৃদ্ধি কৰা, পঞ্জীয়ন প্ৰক্ৰিয়া উন্নত কৰা আৰু ৱাকফ অভিলেখ পৰিচালনাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা বৃদ্ধি কৰা ।

লগতে পঢ়ক: শীঘ্ৰে পৰিণত হ'ব আইনলৈ: লোকসভাৰ পাছত ৰাজ্যসভাতো গৃহীত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক - WAQF AMENDMENT BILL IN RAJYA SABHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.