ETV Bharat / bharat

শীঘ্ৰে পৰিণত হ'ব আইনলৈ: লোকসভাৰ পাছত ৰাজ্যসভাতো গৃহীত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক - WAQF AMENDMENT BILL IN RAJYA SABHA

অপেক্ষা মাত্ৰ ৰাষ্ট্ৰপতিৰ অনুমোদনলৈহে ৷ অনুমোদন পালেই উভয় সদনতে গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ পৰিণত হ’ব আইনলৈ ৷

WAQF AMENDMENT BILL IN RAJYA SABHA
ৱাকফ (সংশোধনী) বিধেয়ক (IANS)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 10:23 AM IST

4 Min Read

নতুন দিল্লী: লোকসভাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যসভাতো ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হয় । এই বিধেয়কখনৰ সপক্ষে ১২৮ টা ভোট আৰু বিপক্ষে ৯৫টা ভোট পৰে । এতিয়া ৱাকফ (সংশোধনী) বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব । অনুমোদন পালেই এই বিধেয়কখন আইনলৈ পৰিণত হ’ব ।

শুকুৰবাৰে পুৱাৰ ভাগত ৰাজ্যসভাই ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ত অনুমোদন জনায় । ইয়াৰ পূৰ্বে লোকসভাত ১৩ ঘন্টাৰো অধিক বিতৰ্কৰ অন্তত এই বিতৰ্কিত বিধেয়কখন অনুমোদন জনোৱা হৈছিল । লোকসভাত ২৮৮ জন সদস্যই এই বিধেয়কৰ সপক্ষে আৰু ২৩২ গৰাকী সাংসদে বিপক্ষে ভোটদান কৰে ।

  • সদনত কিৰেণ ৰিজিজুৱে কয় :

বৃহস্পতিবাৰে উচ্চ সদনত কিৰেণ ৰিজিজুৱে কয়, "কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে মুছলমান সম্প্ৰদায়ক ভয় খুৱাইছে ৷ কেন্দ্ৰীয় চৰকাৰে সবকা সাথ, সবকা বিকাশৰ শ্ল’গানেৰে কাম কৰি আছে ।" লগতে তেওঁ মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় কাম-কাজত কোনোধৰণৰ হস্তক্ষেপ নহ’ব বুলিও আশ্বাস দিয়ে ।

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, "ৱাকফ ব’ৰ্ড এক বিধিগত সংস্থা আৰু ই সকলো পৰিস্থিতিত ধৰ্মনিৰপেক্ষ হ’ব লাগে । এই বিধেয়কখনৰ পৰা দৰিদ্ৰ মুছলমানসকলে যথেষ্ট লাভৱান হ’ব ।"

মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে যুটীয়া সংসদীয় সমিতিৰ লগতে অংশীদাৰসকলে দিয়া বহু পৰামৰ্শ চৰকাৰে অনা বিধেয়কখনত সন্নিবিষ্ট কৰা হৈছে ।

লগতে পঢ়ক : ৱাকফ (সংশোধনী) বিধেয়ক 2025 কি ? ইয়াত প্ৰস্তাৱিত মুখ্য পৰিৱৰ্তন আৰু ইয়াৰ বিৰোধিতাৰ কাৰণ কি ?
  • কি ক’লে বিৰোধী নেতাই :

সদনত বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ সংখ্যালঘুসকলক হাৰাশাস্তি কৰিবলৈ অনা হৈছে । তেওঁ লগতে কয় যে ১৯৯৫ চনৰ আইনখনত যিবোৰ মৌলিক উপাদান আছিল সেইবোৰ অন্তৰ্ভুক্ত কৰা হৈছে যদিও বহু নতুন কথাও অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰৰ প্ৰয়োজন নাছিল ।

সদনত ভাষণ দি খাৰ্গেই কয় যে এই বিধেয়কখনত এতিয়াও বহু অভাৱ আছে । ইয়াৰ ফলত লোকচান হ’ব । বিৰোধী দলে এই বিধেয়কখন ‘অসাংবিধানিক’ আৰু মুছলমানক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰে ৷ খাৰ্গেই দাবী কৰে যে এই বিধেয়কখনৰ লক্ষ্য হৈছে মুছলমানসকলৰ সম্পত্তি দখল কৰি কৰ্প'ৰেটক গতাই দিয়া ।

  • একগোট হ’ল বিৰোধী দলসমূহ :

ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ৰ লৈ সকলো বিৰোধী একত্ৰিত হোৱা দেখা গৈছে ৷ ইয়াৰ পূৰ্বে বহু বিষয়ত বিৰোধী দলসমূহৰ মাজত বিভেদ আছিল । সদায় এটাই আনটো দলক বিৰোধিতা কৰি অহা কংগ্ৰেছ আৰু টি এম চিকো একেলগ হোৱা দেখা গৈছে ।

একেসময়তে আম আদমী পাৰ্টীয়েও এই বিধেয়কখনৰ বিৰোধিতা কৰা দেখা গৈছে ৷ কংগ্ৰেছ, টি এম চি, ডি এম কে, আপ, শিৱসেনা, সমাজবাদী পাৰ্টী, আৰ জে ডি, বাওঁপন্থী দলকে ধৰি বহু বিৰোধী দলৰ নেতাই অভিযোগ কৰে যে চৰকাৰে ভুল উদ্দেশ্যৰে এই বিধেয়কখন আনিছে । সেয়ে সকলোৱে এই বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায় ।

  • আলোচনাত নাড্ডাই হস্তক্ষেপ কৰিলে :

সদনৰ নেতা জে পি নাড্ডাই কয় যে এই বিধেয়কখন মুছলমানৰ বিৰুদ্ধে নহয় আৰু ইয়াৰ উদ্দেশ্য হৈছে দৰিদ্ৰ লোকক সহায় কৰা আৰু মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা । কংগ্ৰেছে কেন্দ্ৰত শাসনৰ সময়ত মুছলমান মহিলাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে নড্ডাই ।

কংগ্ৰেছ দলক কটাক্ষ কৰি নড্ডাই কয়, "আপোনালোকে ভাৰতীয় মুছলমান মহিলাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি তুলিছে ।" তেওঁ কয় যে ভাৰততহে মুছলমান মহিলাক মূলসুঁতিলৈ অনা হোৱা নাই । বহু বছৰ পূৰ্বে ইজিপ্ত, চুডান, বাংলাদেশ, ছিৰিয়া আদি মুছলমান দেশত ট্ৰিপল তালাক নিষিদ্ধ কৰা হৈছিল যদিও কংগ্ৰেছ নেতৃত্বাধীন UPA (United Progressive Alliance) চৰকাৰে ক্ষমতাৰ সময়খিনিত মুছলমান মহিলাৰ বাবে একোৱেই কৰা নাছিল ।

লগতে পঢ়ক : উম্মিদ: নতুন নামেৰে লোকসভাত উত্থাপন বিতৰ্কিত ৱাকফ (সংশোধনী) বিধেয়ক

লগতে পঢ়ক : লোকসভাত গৃহীত ৱাকফ (সংশোধনী) বিধেয়ক, 2025; গৌৰৱ গগৈৰ তীব্ৰ বিৰোধিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.