ETV Bharat / bharat

জ্ঞানবাপী মছজিদৰ তলত মন্দিৰ আছিল বুলি দাবী অধিবক্তাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 8:42 AM IST

Gyanvapi mosque : এ এছ আইৰ জৰীপ প্ৰতিবেদনত জ্ঞানবাপী মছজিদৰ দেৱালত হিন্দু দেৱ-দেৱীৰ ছবি পোৱা গৈছে বুলি কয় ৷ হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰিছে অধিবক্তা হৰি শংকৰ জৈনে । সপ্তদশ শতিকাৰ জ্ঞানবাপী মছজিদৰ পশ্চিম দেৱালখন 5000 বছৰ পুৰণি আৰু ই হিন্দু মন্দিৰৰ বুলি দাবী কৰে অধিবক্তাগৰাকীয়ে ।

Gyanvapi mosque
জ্ঞানবাপী মছজিদৰ তলত মন্দিৰ আছিল বুলি দাবী অধিবক্তাৰ

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ জৰীপ প্ৰতিবেদন অনুসৰি জ্ঞানবাপী মছজিদৰ দেৱালত হিন্দু দেৱ-দেৱীৰ ছবি পোৱা যায় বুলি হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা অধিবক্তা হৰিশংকৰ জৈনে জানিবলৈ দিয়ে । তেওঁ লগতে দাবী কৰে যে সপ্তদশ শতিকাৰ জ্ঞানবাপী মছজিদৰ পশ্চিম দেৱালখন 5000 বছৰ পুৰণি আৰু ই হিন্দু মন্দিৰৰ ।

হিন্দু আবেদনকাৰীয়ে পূৰ্বতে থকা মন্দিৰৰ ওপৰত জ্ঞানবাপী মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰাৰ পিচতে জিলা আদালতে এই সমীক্ষাৰ নিৰ্দেশ দিয়ে । এ এছ আইৰ প্ৰতিবেদন অনুসৰি বৰ্তমানৰ গাঁথনি নিৰ্মাণৰ বাবে এটা হিন্দু মন্দিৰ ধ্বংস কৰা হৈছিল । পশ্চিম দেৱালখন 5000 বছৰ পুৰণি আৰু ই হিন্দু মন্দিৰৰ ।

এ এছ আইয়ে জনোৱা মতে, ইয়াৰ বেৰত হিন্দু দেৱ-দেৱীৰ ছবি পোৱা যায় । শিলালিপি কন্নড় আৰু তেলেগুকে ধৰি বিভিন্ন ভাষাত আছে বুলিও তেওঁ কয় । মোগল সম্ৰাট ঔৰংগজেৱে স্থাপন কৰা ‘শিলালেখ’ (শিলালিপি) পোৱা গৈছে, য’ত স্পষ্টকৈ লিখা আছে যে বৰ্তমানৰ গঠনটো নিৰ্মাণৰ বাবে এটা মন্দিৰ ভাঙি পেলোৱা হৈছিল ।

হিন্দু পক্ষৰ আন এজন অধিবক্তা সুধিৰ ত্ৰিপাঠীয়ে কয় যে জ্ঞানবাপী চৌহদৰ দেৱালত এ এছ আইয়ে হিন্দু দেৱতাৰ ভাস্কৰ্য উদ্ধাৰ কৰিছে । এ এছ আইয়ে নিজৰ প্ৰতিবেদনত সকলো কথা স্পষ্টকৈ উল্লেখ কৰিছে । প্ৰতিবেদনত খুঁটা আৰু পশ্চিম দেৱালৰ কথাও উল্লেখ কৰা হৈছে । দেৱালত হিন্দু দেৱতাৰ ভাস্কৰ্য আৰু খোদিত স্থাপত্যৰ টুকুৰা পোৱা গৈছে বুলিও অধিবক্তাগৰাকীয়ে কয় ।

হিন্দু পক্ষৰ আবেদনকাৰী লক্ষ্মী দেৱীয়ে বৰ্তমানৰ গাঁথনিটোৰ আন অংশসমূহৰো জৰীপ কৰিবলৈ অনুৰোধ জনায় । দেৱীয়ে কয়, "ইয়াৰ আগতে ইয়াত মন্দিৰ আছিল বুলি কেইবাটাও প্ৰমাণ পোৱা গৈছে । আমি বৰ সুখী । আমি আন অংশৰ জৰীপৰ বাবেও অনুৰোধ কৰিম’’ ।

ইফালে হিন্দু পক্ষৰ হৈ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে (এ এছ আই)ৰ প্ৰতিবেদনত 17 শতিকাত এটা মন্দিৰ ভাঙি পেলোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু জ্ঞানবাপী মছজিদৰ পশ্চিম দেৱালখন মন্দিৰৰ ।

বৃহস্পতিবাৰে ANI ৰ সৈতে হোৱা কথা-বতৰাত জৈনে কয়, "এএছআইয়ে নিজৰ প্ৰতিবেদনত বহু বিশদ বৈজ্ঞানিক অধ্যয়ন কৰিছে । প্ৰতিবেদন অনুসৰি তথাকথিত মছজিদটোত এটা শিলালিপি উদ্ধাৰ কৰা হৈছে । যিবোৰ খুঁটা পোৱা যায় সেইবোৰ হিন্দু মন্দিৰৰ’’ ।

অধিক সবিশেষ দি জৈনে এ এছ আইৰ উদ্ধৃতিৰে কয়, "বৰ্তমানৰ গঠনৰ ঠাইত পূৰ্বতে এটা বৃহৎ হিন্দু মন্দিৰ আছিল । এই শিলালিপিসমূহত মহা মুক্তি মণ্ডপৰ দৰে শব্দৰ উল্লেখ আছে, যিবোৰৰ গুৰুত্ব অতিশয় বেছি । এ এছ আইয়ে এই সিদ্ধান্তত উপনীত হৈছে যে 17 শতিকাত এটা মন্দিৰ ভাঙি পেলোৱা হৈছিল আৰু বৰ্তমানৰ ঠাইত পূৰ্বতে এটা বৃহৎ হিন্দু মন্দিৰ আছিল’’ ।

উচ্চতম ন্যায়ালয়লৈ গৈ ভাজু টেংক এলেকা খোলাৰ দাবী উত্থাপন কৰিম বুলিও জনায় অধিবক্তাগৰাকীয়ে । যোৱা মাহত এ এছ আইয়ে জিলা আদালতত জৰীপ প্ৰতিবেদন দাখিল কৰিছিল ।

লগতে পঢ়ক: ৩০ বছৰত মোৰ মতামত সলনি হোৱা নাই- ৰাম মন্দিৰৰ উদ্বোধনী সন্দৰ্ভত কমল হাছানৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.