ইয়াতেই মোৰ হেঁপাহৰ ঘৰখন আছিল... পাক গোলাবৰ্ষণত গৃহহাৰা জম্মু-কাশ্মীৰৰ বাসিন্দাৰ বেদনাৰ উচুপনি
কুপৱাৰা, ৰাজৌৰী, উৰি, পুঞ্চকে ধৰি তিনিখন জিলাৰ বিধায়কসকলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই প্ৰাৰম্ভিক মূল্যায়ন কৰা হৈছে ।

Published : May 17, 2025 at 8:46 AM IST
শ্ৰীনগৰ : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ কাষৰীয়া কেইবাখনো গাঁৱে পাকিস্তানৰ গোলাবৰ্ষণৰ সাক্ষ্য বহন কৰিছে । এই সশস্ত্ৰ সংঘৰ্ষৰ ফলত অঞ্চলটোত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ১০ হাজাৰোধিক আন্তঃগাঁথনি ধ্বংস হোৱাৰ লগতে বহু সাধাৰণ লোক গৃহহীন হৈ পৰে ।
কুপৱাৰা, ৰাজৌৰী, বাৰামুল্লা, পুঞ্চকে ধৰি চাৰিখন জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ পৰা বিধায়কসকলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই প্ৰাৰম্ভিক মূল্যায়ন কৰা হৈছে । আনহাতে, ক্ষতিপূৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁলোকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ চৰকাৰৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে ।
মৃত্যু হোৱা মুঠ ২২ জন লোকৰ ভিতৰত আটাইতকৈ বেছি ১৪ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা জম্মুৰ পুঞ্চ সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰি ১০ হাজাৰোধিক আন্তঃগাঁথনিৰ ক্ষতিসাধন হোৱা বুলি নেচনেল কনফাৰেন্সৰ বিধায়ক এজাজ জানে কয় । পাহাৰীয়া ভূ-প্ৰকৃতিৰে ৯০ টা পঞ্চায়তৰে গঠিত জিলাখনত একেবাৰে সীমান্তত অৱস্থিত ৬০ টা পঞ্চায়তৰ বৃহৎ মাত্ৰাত ক্ষতিসাধন হৈছে ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "গৰিষ্ঠসংখ্যক গাঁৱতে প্ৰথমবাৰৰ বাবে ডাঙৰ বোমা বিস্ফোৰণ ঘটিছিল । এটা মাত্ৰ বোমায়ে এক বিশাল ঘৰৰ ক্ষতিসাধন কৰিছিল । আনকি পূৰ্বতে ক্ষতিগ্ৰস্ত নোহোৱা অঞ্চলসমূহতো সৰ্বাধিক ক্ষতিসাধন কৰিছে ।"

বিধায়কগৰাকীয়ে কয়, "এখন গাঁৱো ইয়াৰ প্ৰভাৱৰ পৰা বাচি থকা নাই । পাহাৰৰ ওপৰত থকা ঘৰবোৰত ভয়াৱহভাৱে আঘাত হানিছে ।" একাধিক গাঁৱত এটা ঘৰত বোমা বিস্ফোৰণ ঘটাই ঘৰটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰা হয় যদিও স্প্লিণ্টাৰৰ আঘাতত কাষৰ ঘৰবোৰো ক্ষতিসাধন কৰি ঘৰবোৰ অসুৰক্ষিত কৰি তুলিছে ।
দুৰ্গম আৰু পাহাৰীয়া ভূখণ্ডৰ বাবে মাত্ৰ ২০ শতাংশ ক্ষতিগ্ৰস্ত গাঁও পৰিভ্ৰমণ কৰা জানে কয়, "এটা মাত্ৰ কম্পনেই এইবোৰ ধ্বংস কৰিব পাৰে । কিয়নো আমি ভূকম্পন প্ৰৱণৰ অতিমাত্ৰা সম্ভাৱনা থকা অঞ্চলত বাস কৰো । এতিয়া ঘৰবোৰ মানুহৰ বাসোপযোগী কৰি তুলিবলৈ ইয়াক নতুনকৈ নিৰ্মাণ কৰিব লাগিব । যাৰ বাবে ভাৰত চৰকাৰে সাহায্য পেকেজ ঘোষণা কৰিব লাগে । অতি গধুৰ বোমা ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত সমগ্ৰ চুবুৰীটোৰ ক্ষতি হৈছে ।"
ক্ষতিপূৰণৰ মূল্যায়নৰ বাবে পুঞ্চ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক ইতিমধ্যে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ অনুমতি দিয়াৰ বাবে এছ আৰ অ’ ৪৩ৰ আহ্বান জনাইছে । তেওঁ লগতে কয়, "মুখ্যমন্ত্ৰীয়ে সমৰ্থনৰ আশ্বাস দিছে । কেন্দ্ৰীয় চৰকাৰেও আমাৰ জনসাধাৰণক একেধৰণৰ ক্ষতিপূৰণ দিব লাগে ।"
একেদৰে গোলাবৰ্ষণ হোৱা কাশ্মীৰৰ উৰি আৰু কৰ্ণাহ গাঁৱতো ৬৫০ টাতকৈও অধিক আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে ভিতৰত উৰিত ৪৫৮ টা আৰু কৰ্ণাহত ১০০ টা আৱাসিক আৰু বাণিজ্যিক আন্তঃগাঁথনি আছে বুলি অঞ্চলটোৰ বিধায়কে জনায় । ইয়াৰে ৩০ শতাংশ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বাকীবোৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ কয় ।
কৰ্ণাহৰ এন চিৰ বিধায়ক জাভিদ আহমদ মিৰচালে কয়, "মই চৰকাৰক সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে ১০ লাখ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে ৫ লাখ টকাৰ ক্ষতিপূৰণৰ পৰামৰ্শ দিছোঁ । অঞ্চলটোত ব্যাপক গোলাবৰ্ষণ ঘটাত কেইবাখনো গাঁৱত আঘাত হানে, বছৰ বছৰ ধৰি থকা শান্তিত বাস কৰি অহা অঞ্চলটো ছিন্নভিন্ন কৰি বহু পৰিয়ালক গৃহহীন কৰি তোলে ।
কাষৰীয়া গাঁও টাংদাৰ জমিৰ আহমদ মিৰৰ দৰে লোকসকলে সীমান্তৰ সিপাৰৰ পৰা অহা গোলাৰ বিস্ফোৰণৰ শব্দত সমগ্ৰ নিশা মাটিৰ তলৰ বাংকাৰত উজাগৰে পাৰ কৰিছিল ।
“পুৱা যেতিয়া গোলাবৰ্ষণ বন্ধ হৈছিল মই তেতিয়া মোৰ ঘৰটো ধ্বংসাৱশেষত পৰিণত হোৱা দেখিলো । বাচন-বৰ্তন, খাদ্য, বিছনা আদি একোৱেই বাকী নাথাকিল । আমি আকৌ জীয়াই থাকিব বিচাৰো, কিন্তু শান্তিৰে ।” ক্ষতিগ্ৰস্ত একমহলীয়া ঘৰটোৰ ধ্বংসাৱশেষৰ কাষত বহি তেওঁ কয় । এতিয়া তেওঁলোকৰ দৰে বহু পৰিয়ালেই নিজৰ ওচৰ-চুবুৰীয়াৰ চিনাকি মানুহৰ ওচৰত আশ্ৰয় লৈছে বা ঘৰৰ পৰা আঁতৰত আত্মীয়ৰ ওচৰলৈ গৈছে ।
মুখ্যমন্ত্রীৰ উপদেষ্টা নাছিৰ আছলাম ৱানীয়ে গোলাবৰ্ষণত লোকসকলৰ ব্যাপক লোকচানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে লোকচানৰ সন্মুখীন হোৱা গাঁওসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে এক সাহায্য পুঁজি বিচৰাৰ পৰিকল্পনা কৰিছে ।

