ETV Bharat / bharat

ভাৰত-পাকিস্তানৰ উত্তেজনা প্ৰশমন: জম্মু-কাশ্মীৰত ঘৰমুখী হৈছে স্থানীয় লোক

ভাৰতীয় সেনাই পাকিস্তানৰ গোলাবৰ্ষণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী অঞ্চলবোৰত ঘৰে ঘৰে সাহায্য অভিযান চলায় ।

India Pakistan tensions
ভাৰত-পাকিস্তানৰ উত্তেজনা প্ৰশমন; জম্মু-কাশ্মীৰত ঘৰমুখী হৈছে স্থানীয় লোক (ANI)
author img

By ANI

Published : May 16, 2025 at 3:05 PM IST

3 Min Read
Choose ETV Bharat

পুঞ্চ (জম্মু-কাশ্মীৰ) : ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত দুয়োখন দেশৰ মাজতবৃদ্ধি পোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অৱসান ঘটিছে । ইয়াৰ পিছতে শুকুৰবাৰে পুঞ্চৰ সালোত্ৰীৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৰ পৰা নিৰাপদ স্থানলৈ আঁতৰি যোৱা সীমান্তবাসীয়ে পুনৰ নিজৰ ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে ।

নিয়ন্ত্ৰণৰেখাৰ কাষৰীয়া জম্মু-কাশ্মীৰৰ জিলাসমূহত পাক গোলাবৰ্ষণৰ ফলত ঘৰ-দুৱাৰ আৰু আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাবলগীয়া হয় ।

আনহাতে, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা বুজাবুজিৰ বাবে গাঁওবাসীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । সালোত্ৰী গাঁৱৰ বাসিন্দা আমজেদ আলীয়ে কয়, "আমি ইয়াত বাস কৰোঁ আৰু প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা হোৱা দেখিলোঁ । চৰকাৰে আমাৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰি দিছিল, কিন্তু তথাপিও দুয়োখন দেশৰ পৰিস্থিতিৰ সাক্ষী হোৱাৰ পিছত আমি ভয় খাইছিলোঁ । ভাৰতীয় সেনায়ো আমাক সকলো প্ৰকাৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি আমাৰ যত্ন লৈছিল । এনে পৰিস্থিতিৰ পিছত সম্পূৰ্ণ গাঁওখন খালী হৈ পৰে । আমি এতিয়া আমাৰ গাঁৱলৈ ঘূৰি আহিছোঁ, কাৰণ পুনৰ শান্তি ঘূৰি আহিছে ।"

India Pakistan tensions
পুঞ্চ জিলাৰ সীমান্তৱৰ্তী অঞ্চল (ANI)

আন এগৰাকী গাঁওবাসী হাজী জুনিয়েটে চৰকাৰক তাত বাংকাৰ সাজিবলৈ আহ্বান জনায় । "প্ৰায় ৪০০ মানুহে ইয়াত বাস কৰে । গুলীবৰ্ষণ আৰম্ভ হোৱাৰ সময়ত ৰাইজ গাঁৱৰ পৰা ওলাই যায় । প্ৰশাসনে আমাৰ খবৰ লৈছে আৰু সমস্যাৰ কথা শুনিছে । আজি আমি আমাৰ গাঁৱলৈ উভতি আহিছোঁ । কিন্তু ইয়াত এটা সমস্যা আছে যে আমাৰ ইয়াত বাংকাৰ নাই । পাকিস্তানৰ সীমা ওচৰত আছে, কিন্তু ইয়াত পৰ্যাপ্ত বাংকাৰ নাই । সেয়ে চৰকাৰক অনুৰোধ জনালোঁ ।"

উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতীয় সেনাই জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বিশেষকৈ নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী যিবোৰ অঞ্চলত শেহতীয়াকৈ পাকিস্তানৰ গোলাবৰ্ষণৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল, সেই অঞ্চলবোৰত ভাৰতীয় সেনাই ঘৰে ঘৰে সাহায্য অভিযান চলায় ।

এই সাহায্য আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ অংশ হিচাপে সেনাবাহিনীৰ জোৱানসকলে প্ৰভাৱিত সাধাৰণ নাগৰিকসকলক ঔষধ আৰু ৰেচনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।

সেনাবাহিনীৰ ৰোমিঅ’ ফ'ৰ্চৰ জোৱানেও স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে আৰু বৰ্তমানৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ সময়ত সকলো প্ৰকাৰৰ সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :'অশান্তি'ৰ নায়কৰ মুখত 'শান্তি'ৰ বাৰ্তা ! পাক প্ৰধানমন্ত্ৰীৰ ভাৰতৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ - PAK PM TO DIALOGUE WITH INDIA
লগতে পঢ়ক :সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ বন্ধ নোহোৱালৈকে জলচুক্তি স্থগিত থাকিব; পাকিস্তানলৈ স্পষ্ট বাৰ্তা ভাৰতৰ - JAISHANKAR ON IWT