পুঞ্চ (জম্মু-কাশ্মীৰ) : ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত দুয়োখন দেশৰ মাজতবৃদ্ধি পোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অৱসান ঘটিছে । ইয়াৰ পিছতে শুকুৰবাৰে পুঞ্চৰ সালোত্ৰীৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৰ পৰা নিৰাপদ স্থানলৈ আঁতৰি যোৱা সীমান্তবাসীয়ে পুনৰ নিজৰ ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে ।
নিয়ন্ত্ৰণৰেখাৰ কাষৰীয়া জম্মু-কাশ্মীৰৰ জিলাসমূহত পাক গোলাবৰ্ষণৰ ফলত ঘৰ-দুৱাৰ আৰু আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাবলগীয়া হয় ।
আনহাতে, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা বুজাবুজিৰ বাবে গাঁওবাসীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । সালোত্ৰী গাঁৱৰ বাসিন্দা আমজেদ আলীয়ে কয়, "আমি ইয়াত বাস কৰোঁ আৰু প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা হোৱা দেখিলোঁ । চৰকাৰে আমাৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰি দিছিল, কিন্তু তথাপিও দুয়োখন দেশৰ পৰিস্থিতিৰ সাক্ষী হোৱাৰ পিছত আমি ভয় খাইছিলোঁ । ভাৰতীয় সেনায়ো আমাক সকলো প্ৰকাৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি আমাৰ যত্ন লৈছিল । এনে পৰিস্থিতিৰ পিছত সম্পূৰ্ণ গাঁওখন খালী হৈ পৰে । আমি এতিয়া আমাৰ গাঁৱলৈ ঘূৰি আহিছোঁ, কাৰণ পুনৰ শান্তি ঘূৰি আহিছে ।"

আন এগৰাকী গাঁওবাসী হাজী জুনিয়েটে চৰকাৰক তাত বাংকাৰ সাজিবলৈ আহ্বান জনায় । "প্ৰায় ৪০০ মানুহে ইয়াত বাস কৰে । গুলীবৰ্ষণ আৰম্ভ হোৱাৰ সময়ত ৰাইজ গাঁৱৰ পৰা ওলাই যায় । প্ৰশাসনে আমাৰ খবৰ লৈছে আৰু সমস্যাৰ কথা শুনিছে । আজি আমি আমাৰ গাঁৱলৈ উভতি আহিছোঁ । কিন্তু ইয়াত এটা সমস্যা আছে যে আমাৰ ইয়াত বাংকাৰ নাই । পাকিস্তানৰ সীমা ওচৰত আছে, কিন্তু ইয়াত পৰ্যাপ্ত বাংকাৰ নাই । সেয়ে চৰকাৰক অনুৰোধ জনালোঁ ।"
উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতীয় সেনাই জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বিশেষকৈ নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী যিবোৰ অঞ্চলত শেহতীয়াকৈ পাকিস্তানৰ গোলাবৰ্ষণৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল, সেই অঞ্চলবোৰত ভাৰতীয় সেনাই ঘৰে ঘৰে সাহায্য অভিযান চলায় ।
এই সাহায্য আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ অংশ হিচাপে সেনাবাহিনীৰ জোৱানসকলে প্ৰভাৱিত সাধাৰণ নাগৰিকসকলক ঔষধ আৰু ৰেচনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।
সেনাবাহিনীৰ ৰোমিঅ’ ফ'ৰ্চৰ জোৱানেও স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে আৰু বৰ্তমানৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ সময়ত সকলো প্ৰকাৰৰ সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে ।