ETV Bharat / bharat

জম্মু-কাশ্মীৰ: ১৯ মে’ত মুকলি হ’ব সীমান্তৰ সকলো বিদ্যালয়

জম্মু-কাশ্মীৰৰ পৰিস্থিতি উন্নত হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী অঞ্চলত বিদ্যালয় খোলাৰ সিদ্ধান্ত লোৱা হৈছে ।

Jammu Kashmir all border schools to reopen in Jammu on may 19th
জম্মু-কাশ্মীৰৰ পৰিস্থিতি (ANI)
author img

By ETV Bharat Assamese Team

Published : May 16, 2025 at 2:21 PM IST

2 Min Read
Choose ETV Bharat

জম্মু: প্ৰাণৰ মমতাত কিছুদিন পূৰ্বে আপোন ঠাইখন, আপোন ঘৰখন এৰি থৈ আহিবলগাত পৰিছিল জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী ৰাইজে ৷ অৱশ্যে পূৰ্বৰ তুলনাত বৰ্তমান জম্মু-কাশ্মীৰৰ পৰিস্থিতি উন্নত হৈছে ৷ লাহে লাহে আপোন ঘৰখনলৈ উভতিছে সীমান্তত বাস কৰা লোকসকলে ৷

সেয়ে জম্মুৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জম্মু সংমণ্ডলৰ সকলো চৰকাৰী আৰু স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয় অহা ১৯ মে’ৰ পৰা মুকলি হ’ব বুলি ঘোষণা কৰিছে ৷ আঞ্চলিক শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰা জাননীত বিভাগটোৱে সুৰক্ষাৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

বিদ্যালয় মুৰব্বীসকলক স্থানীয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বিদ্যালয়সমূহ নিৰাপদ আৰু সুচাৰুৰূপে মুকলি কৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে । ইতিবাচক শিক্ষাৰ পৰিৱেশ বজাই ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ বাবে প্ৰয়োজনীয় সকলো সুৰক্ষা ব্যৱস্থা মানি চলাৰ ক্ষেত্ৰতো সঞ্চালকালয়ে বিদ্যালয়সমূহক সজাগ হৈ থাকিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে জম্মু অঞ্চলৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত সকলো বিদ্যালয় ৭ মে’ৰ পৰা বন্ধ হৈ আছে । এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছে জম্মুৰ বিদ্যালয় শিক্ষা সঞ্চালকে (ডি এছ ই জে)। যুটীয়া সঞ্চালক চুব মেহতাই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে, ‘১৪ মে’ৰ ডি এছ ই জেৰ নিৰ্দেশৰ ধাৰাবাহিকতাত ১৯ মে’ৰ পৰা সকলো বিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) খোলা হ’ব, যি বৰ্তমান বন্ধ হৈ আছে ।’’

নিৰ্দেশনাটোত আৰু কোৱা হৈছে, ‘‘শৈক্ষিক কাৰ্যকলাপসমূহ মসৃণ আৰু পদ্ধতিগতভাৱে পুনৰ আৰম্ভ কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলক নিৰ্দেশ দিয়া হৈছে । লগতে স্থানীয় প্ৰশাসন আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে নিয়মীয়া যোগাযোগ বজাই ৰাখক । পাকিস্তানৰ পৰা প্ৰচণ্ড গোলাবৰ্ষণৰ পিছতে সীমান্ত অঞ্চলৰ সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল ।’’

জম্মু-কাশ্মীৰৰ সীমান্তত গুলীচালনা হোৱাৰ বাবে সেই অঞ্চলৰ ৰাইজে নিজৰ নিৰাপদ স্থানলৈ গতি কৰিব লগা হৈছিল । বহু বিদ্যালয়ৰো কম-বেছি পৰিমাণে ক্ষতিসাধন হৈছিল । ইয়াৰ পূৰ্বে ১৩ মে’ত ৰামবন, ডোডা, কিষ্টৱাৰ, ৰিয়াছি আৰু উধমপুৰ জিলাত বিদ্যালয় মুকলি কৰা হৈছিল । ইয়াৰে পিছত এইবাৰ জম্মু, চাম্বা, কঠুৱা, ৰাজৌৰী আৰু পুঞ্চ জিলাৰ নিৰাপদ অঞ্চলত বিদ্যালয় মুকলি কৰা হয় । এতিয়া বাকী থকা বিদ্যালয়সমূহ ১৯ মে’ত খোলা হ’ব ।

লগতে পঢ়ক : পুৱাই খুলি দিয়া হ'ল চেনাব নদীৰ চালাল বান্ধৰ গেট

লগতে পঢ়ক : পাকিস্তানৰ পৰমাণু কেন্দ্ৰৰ পৰা ৰেডিয়েচন নিৰ্গমন ? কি কয় আন্তৰ্জাতিক পৰমাণু শক্তি সংস্থাই