ETV Bharat / bharat

কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৩১ মাৰ্চত ইণ্ডিয়াৰ বৃহৎ ৰেলী - INDIA rally in Delhi

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 5:50 PM IST

INDIA rally in Delhi
কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৩১ মাৰ্চত ইণ্ডিয়াৰ বৃহৎ ৰেলী

INDIA rally in Delhi: দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ সমৰ্থনত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ই এই ৰেলীৰ আয়োজন কৰিছে । ইণ্ডিয়াৰ অংশীদাৰী দলৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব । প্ৰতিটো বিৰোধী দলৰে আম আদমি পাৰ্টীক সমৰ্থন ।

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৩১ মাৰ্চত দিল্লীত কংগ্ৰেছ, আম আদমি পাৰ্টী আৰু অন্যান্য বিৰোধী দলসমূহে এক বৃহৎ ৰেলী অনুষ্ঠিত কৰিব । য'ত 'ইণ্ডিয়া' ব্লকৰ সকলো দলে অংশগ্ৰহণ কৰিব । দেওবাৰে কংগ্ৰেছ, বাওঁপন্থী আৰু আম আদমি পাৰ্টীয়ে এক যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে । দিল্লীৰ মন্ত্ৰী গোপাল ৰায়, দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলী আৰু বাওঁপন্থী নেতাসকলে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

গোপাল ৰায়ে কয় যে ৩১ মাৰ্চত এই ৰেলী পুৱা ১০ বজাত ৰামলীলা ময়দানত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে, আৰক্ষী আৰু প্ৰশাসনৰ পৰা অনুমতি লোৱা হ'ব । অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কথিত সুৰা কেলেংকাৰীত আজিলৈকে চিবিআই বা ইডিয়ে কোনো ধনৰ লেনদেনৰ তথ্য পোৱা নাই বুলি তেওঁ দাবী কৰে । তেওঁ কয় যে নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছ দলৰ একাউণ্ট ফ্ৰীজ কৰা হৈছে । আজি কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ বাবে নিজৰ একাউণ্টৰ পৰা ধন ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই । তেওঁ কয় যে যদি এনে পুৰণি দলৰ একাউণ্ট ফ্ৰীজ কৰিব পাৰে তেন্তে তেওঁলোকক অনুদান দিয়া ব্যৱসায়ীসকলৰ একাউণ্টো ফ্ৰীজ কৰিব পাৰি বুলি তেওঁ দাবী কৰে । ৰাইজৰ স্বাধীনতাৰ উলংঘন হৈছে বুলি তেওঁ দাবী কৰে ।

দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দৰ সিং লাভলীয়ে কয় যে দেশত গণতন্ত্ৰ ৰক্ষাৰ যুঁজত তেওঁলোক সকলো মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে । নিৰ্বাচনত সকলোৱে সমান সুযোগ পোৱা নাই । মুখ্যমন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে, সেয়া হেমন্ত চোৰেন হওঁক বা অৰবিন্দ কেজৰিৱাল হওঁক । তেওঁ শাসকীয় দলটোক প্ৰশ্ন কৰি কয় যে বিজেপিয়ে দেশত কেনে ধৰণৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে ।

তেওঁ লগতে কয় যে মিত্ৰজোঁটৰ সকলো শীৰ্ষ নেতা ৩১ মাৰ্চৰ ৰেলীত উপস্থিত থাকিব । এই সমদলটো ৰাজনৈতিক সমদল নহয়, দেশত গণতন্ত্ৰ ৰক্ষাৰ এক পদক্ষেপ হ'ব । তেওঁ লগতে কংগ্ৰেছ কৰ্মীসকলৰ উপৰিও সকলো সামাজিক সংগঠন, আৰডব্লিউএ আৰু নাগৰিক সমাজৰ সদস্যসকলক সমদলটোত উপস্থিত থাকিবলৈ আহ্বান জনায় । একে সময়তে, বাওঁপন্থী নেতাসকলেও অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে আৰু আম আদমি পাৰ্টীক সম্পূৰ্ণ সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :দিল্লীৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আজি ৰাজপথ উত্তাল কৰিব আপে - Arvind Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.