ETV Bharat / bharat

ধেমালি ধেমালিতে ঘটিল ঘটনা, ফোনত নহয় বাস্তৱত চলিল গান শ্ব’ট - PUBG

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:51 PM IST

Teenager shot and killed FOR PUBG : খেলৰ মাজতেই তেজেৰে ৰাঙলী হ’ল কিশোৰ ৷ পাব জি খেলি থকাৰ সময়তেই এজন কিশোৰে গুলীয়াই হত্যা কৰে আন এজন কিশোৰক ৷ পঢ়ক সবিশেষ...

One teenager shot and killed another while playing PUBG
ফোনত নহয় বাস্তৱত চলিল গান শ্ব’ট (etv bharat assam team)

নেশ্যনেল ডেস্ক, 9 মে’ : পাব জি গেমে কাল মাতিলে এটা পৰিয়াললৈ ৷ বিহাৰৰ বেগুছৰাইত পাব জি খেলাৰ সময়তে এজন কিশোৰে আন এজন কিশোৰক গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

ঘটনা অনুসৰি পাব জি খেলি থাকোতে এজন 12 বছৰীয়া ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মৃত্যু হয় ৷ ঘটনা সংঘটিত কৰি অভিযুক্ত কিশোৰটো পলাই যাবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰে সন্ধিয়া চেৰিয়া বাৰিয়াৰপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাচাহী পঞ্চায়তৰ আউৰিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ মৃত কিশোৰটো অৰ্জুন কুমাৰ (12) আৰু অভিযুক্ত কিশোৰটো ৰাজ কুমাৰ যাদৱ (14) বুলি চিনাক্ত কৰা হৈছে ।

এই ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে কয় যে, আজি সন্ধিয়া, অভিযুক্তটোৱে মৃত কিশোৰটোক তেওঁৰ ঘৰলৈ পাব জি খেলিবলৈ মাতিছিল ৷ খেলি থকাৰ মাজতে ইজন কিশোৰে আনজন কিশোৰক পিষ্টলেৰে গুলীয়াই দিয়ে ৷ লগে লগে গুলীৰ শব্দ শুনি ঘৰৰ লোকে আহি তেজেৰে ৰাঙলী হৈ থকা অৱস্থাত ভুক্তভোগী কিশোৰটোক হাস্পতাললৈ লৈ যায় যদিও কিশোৰটোৰ ইতিমধ্যে মৃত্যু হৈছিল ৷

তাৰ পিচতেই অভিযুক্ত কিশোৰটোৰ মাতৃয়ে কয় যে, দুয়োজনে কি খেলি আছিল তেওঁলোকে নাজানে ৷ দুয়ো বন্ধুৰ মাজত কি শত্ৰুতা আছিল সেইবিষয়েও তেওঁলোক জ্ঞাত নহয় ৷

এই ঘটনাৰ খবৰ পোৱাৰ পিচত চেৰিয়া বাৰিয়াৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মৰণোত্তৰ পৰীক্ষাৰ বাবে কিশোৰটোৰ মৃতদেহ বেগুছৰাইলৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীৰ পৰা পিষ্টল আৰু গুলীও উদ্ধাৰ কৰে আৰক্ষীৰ দলে । অৱশ্যে ঘটনা সংঘটিত কৰি অভিযুক্তটো পলাই যাবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষী থানাৰ মুৰব্বী বিবেক ভাৰতীয়ে কয় যে, এই ঘটনাত এজন নাবালকে আন এজন নাবালকক গুলীয়াই হত্যা কৰিছিল ৷ পাব জি খেলি থকাৰ সময়তে কাষত থকা এটা পিষ্টলেৰে গুলীচালনা কৰে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :প্ৰচণ্ড গৰমৰ ফলত আতচবাজী কাৰখানাত বিস্ফোৰণ, মহিলাসহ 8 গৰাকীৰ মৃত্যু - Sengamalapatti Fire Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.