ETV Bharat / bharat

ৰাম নৱমীৰ ব্যাপক প্ৰস্তুতি, ১৯ ঘণ্টা খোলা থাকিব ৰাম মন্দিৰ - Ram Navami 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:14 AM IST

Ram Navami 2024: ৰাম নৱমী উপলক্ষ্যে অযোধ্যাৰ ৰাম মন্দিৰত বিশাল আয়োজন কৰা হৈছে । লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ । তীৰ্থযাত্ৰীৰ বাবে সেৱা কেন্দ্ৰ স্থাপন । অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা ।

Ram Navami 2024
ৰাম নৱমীক লৈ অযোধ্যাত ব্যাপক প্ৰস্তুতি

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাম নৱমী উদযাপনৰ বাবে সাজু হৈছে আযোধ্যাৰ ৰাম মন্দিৰ । বুধবাৰে লাখ লাখ ভক্তৰ আগমনৰ কথা চিন্তা কৰি মন্দিৰ কৰ্তৃপক্ষই ব্যাপক প্ৰস্তুতি চলাইছে । পুৱা ৩:৩০ বজাৰ পৰা মঙ্গলা আৰতিৰ জৰিয়তে আৰম্ভ হোৱা এই কাৰ্যসূচী নিশা ১১ বজালৈ চলিব ।

ৰামলালাৰ ওচৰত বিশেষ ভোগ আগবঢ়োৱা হ'ব । অযোধ্যা প্ৰশাসনে আশা কৰা মতে জানুৱাৰীত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানৰ পিচত ই বছৰটোৰ দ্বিতীয় বৃহৎ অনুষ্ঠান হ'ব । এনে পৰিস্থিতিত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে বিশিষ্ট অতিথিসকলক ১৯ এপ্ৰিলৰ পিচতহে ৰামলালাৰ দৰ্শনৰ বাবে অযোধ্যা ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে । ন্যাসৰ মতে ৰাম মন্দিৰত প্ৰৱেশ কৰিবলৈ সকলোৱে আন ভক্তৰ দৰে একে পথ অনুসৰণ কৰিব লাগিব ।

দৰ্শনৰ সময়ত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে ভক্তসকলক তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য মূল্যৱান সামগ্ৰী লগত অনাৰ পৰা বিৰত থাকিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দিছে । সুগ্ৰিৱ কুইলাত ন্যাসৰ দ্বাৰা তীৰ্থযাত্ৰীসকলৰ বাবে এটা সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইফালে প্ৰসাৰ ভাৰতীয়ে ৰাম মন্দিৰৰ এই বিশেষ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব ।

ইয়াৰ উপৰিও ৰাম নৱমী উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে অযোধ্যা পৌৰ নিগমে সমগ্ৰ অযোধ্যাত প্ৰায় ১০০ খন এলইডি স্ক্ৰীণ স্থাপন কৰিব । একেদৰে ভক্তসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই । ৰাম জন্মভূমি ন্যাসৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে ভিৰ নিয়ন্ত্ৰণৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

উৎসৱৰ তিনিদিন পূৰ্বে অযোধ্যাত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । উৎসৱৰ পিচত দুই বা তিনি দিনলৈ এই ব্যৱস্থা থাকিব । একেদৰে ভক্তৰ প্ৰৱেশ আৰু প্ৰস্থানৰ একাধিক পথ স্থাপন কৰাৰ চিন্তা চৰ্চা কৰি আছে ।

একেদৰে চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু ব্যক্তিগত চিকিৎসালয়সমূহত অতিৰিক্ত বিচনাসহ ২৪ ঘণ্টা চিকিৎসা সুবিধা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে । যান-বাহন পৰিচালনাৰ ক্ষেত্ৰতো প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজহুৱা শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে । একেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ ২,০০০ ৰো অধিক অনাময় কৰ্মী নিয়োজিত কৰা হৈছে ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজে ব্যৱস্থাসমূহৰ তত্বাৱধান কৰি আহিছে আৰু বিষয়াসকলক সকলো দৰ্শনাৰ্থীৰ বাবে সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ কৈছে ।

লগতে পঢ়ক :মাজনিশা অৰণ্যৰ পৰা ওলাই জনবহুল এলেকাৰ মাজেৰে সিংহৰ মুক্ত বিচৰণ, চাওক ভিডিঅ' - Lions Outside For A Night Walk

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.